নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ কার্টুনিষ্ট উৎপল বৰাৰ সাফল্য

গুৱাহাটী প্রেছ ক্লাবৰ চিত্রাংকনৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্রেছ ক্লাবে আয়োজন কৰা বিশেষ চিত্রাংকন প্রতিযোগিতাত জ্যেষ্ঠ কার্টুনিষ্ট তথা ‘নিয়মীয়া বার্তা’ৰ কার্টুনিষ্ট উৎপল বৰাই দ্বিতীয় পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছে৷ কালি গুৱাহাটী প্রেছ ক্লাবত অনুষ্টুপীয়াকৈ আয়োজন কৰা স্বাধীনতা দিৱসৰ কার্যসূচীত প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ লগতে কেইবাগৰাকী সাংবাদিকৰ উপস্থিতিত পুৰস্কাৰ বিজয়ী কার্টুনিষ্টগৰাকীক এই বঁটা প্রদান কৰে সম্পাদক সঞ্জয় ৰায়ে৷ অনুষ্ঠানত পুৰস্কাৰ গ্রহণ কৰি কার্টুনিষ্টগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে প্রেছ ক্লাবৰ দৰে অনুষ্ঠানে আয়োজন কৰা প্রতিযোগিতাত স্থান লাভ কৰি মই আনন্দিত৷ প্রেছ ক্লাবৰ নতুন সমিতিয়ে গ্রহণ কৰা এই সিদ্ধান্তক তেওঁ ভূয়সী প্রশংসা কৰে৷ তেওঁ লগতে কয় যে নিজ কর্মক্ষেত্রত উৎসাহ যোগাই অহা সহকর্মীসকলৰ লগতে তেওঁৰ সহধর্মিণী গীতার্থী বৰাক বিশেষভাৱে ধন্যবাদ জনায়৷ উল্লেখ্য যে কার্টুনিষ্ট বৰাই পূর্বে হায়দৰাবাদত অনুষ্ঠিত অল ইণ্ডিয়া কার্টুন প্রতিযোগিতাত স্বর্ণপদক, কলকাতাত আয়োজিত অল ইণ্ডিয়া ইষ্ট জ’ন কার্টুন প্রতিযোগিতাত ৰূপৰ পদক, বিশাখাপট্টনমত আয়োজিত সর্বভাৰতীয় চিত্র প্রদর্শনীত প্রথম পুৰস্কাৰ, নতুন দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া পোষ্টাৰ প্রতিযোগিতাত সোণৰ পদক, গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত সোণ, ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি তেওঁ পূর্বে ‘আমাৰ অসম’, ‘দ্য নর্থ ইষ্ট টাইমছ’, দ্য ‘মেঘালয় গার্ডিয়ান’, ‘পূর্বাঞ্চল প্রহৰী’, ‘পূবালী’, ‘ৰোমাঞ্চ’ আৰু ‘মুকুতা’ আলোচনীত সেৱা আগবঢ়াই আহিছে৷

You might also like