নগা শান্তি চুক্তি
পুনৰ চর্চালৈ আহিছে বহু প্রতীক্ষিত নগা শান্তি চুক্তিৰ প্রসংগ৷ নিজৰ দাবী তথা অধিকাৰ সাব্যস্তৰ হকে দীর্ঘদিন সশস্ত্র সংগ্রাম অব্যাহত ৰখাৰ অন্তত এন এছ চি এন (আই–এম)–এ ১৯৯৭ চনত শান্তি আলোচনা প্রক্রিয়াত চামিল হৈছিল৷ ভবা হৈছিল যে দীর্ঘদিনীয়া নগা সমস্যাৰ ফলপ্রসূ ৰাজনৈতিক সমাধান সম্ভৱ হৈ উঠিব৷ পিছে ভবা ধৰণে নহ’ল, প্রক্রিয়াটো দীঘলীয়া হৈ গৈ থাকিল৷ ২০১৪ চনত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হোৱাৰ পাছতে বিষয়টোৱে অৱশ্যে ইতিবাচক গতি লাভ কৰে৷ যাৰ ফলত ২০১৫ চনৰ ৩ আগষ্টত কেন্দ্রীয় চৰকাৰ আৰু এন এছ চি এন (আই–এম)ৰ মাজত স্বাক্ষৰিত হয় ফ্রেমৱর্ক এগ্রিমেণ্ট৷ সেই ঐতিহাসিক মুহূর্তৰ সাক্ষী আছিল স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ নাগালেণ্ড তথা উত্তৰ–পূর্বাঞ্চলৰ বিদ্রোহী সমস্যা সমাধানৰ হকে এন এছ চি এন (আই–এম)ৰে ফ্রেমৱর্ক এগ্রিমেণ্ট সম্পাদন সেই সময়ত এক যুগান্তকাৰী পদক্ষেপ ৰূপে চিহ্ণিত হৈছিল৷ কিন্তু ২০১৫ চনৰ ৩ আগষ্টৰ পৰা এতিয়ালৈকে পাঁচ বছৰ কাল উকলি গ’ল যদিও চূড়ান্ত হৈ নুঠিল নগা শান্তি চুক্তি৷ এন এছ চি এন (আই–এম)সহ শান্তি আলোচনা প্রক্রিয়াৰে জড়িত নগা সংগঠন আৰু কেন্দ্রীয় চৰকাৰৰ মাজত বিগত বর্ষত হোৱা কেইবালানি বৈঠকৰ অন্তত সমগ্র বিষয়টো নিষ্পত্তি হোৱাৰ পথ প্রশস্ত হৈছিল৷ আনকি যোৱা ৩১ অক্টোবৰত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে নগা শান্তি চুক্তিৰ খচৰা একপ্রকাৰ চূড়ান্ত হৈছে তথা শান্তি আলোচনা প্রক্রিয়াৰ পৰিসমাপ্তি ঘটিছে৷ কিন্তু এই ঘোষণাৰ বাস্তৱ ফল আজিলৈকে পৰিলক্ষিত নহ’ল৷ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে কেইটামান নির্দিষ্ট চর্তত এন এছ চি এন (আই–এম)ৰ নেতৃবৃন্দৰ আঁকোৰগোজ স্থিতিৰ পৰিণতিতে অন্তিম পর্যায়ত উপনীত হৈও নগা শান্তি চুক্তি স্থবিৰ হৈ ৰৈছে৷ এনে চর্তসমূহৰ অন্যতম হ’ল– নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধান৷ তদুপৰি শান্তি আলোচনা প্রক্রিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে নিযুক্তি দিয়া মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ সৈতে শেহতীয়াকৈ সৃষ্টি হোৱা এন এছ চি এন (আই–এম)ৰ সংঘাতে সমগ্র বিষয়টোত জটিলতাৰ সৃষ্টি কৰিছে৷ নগা বিদ্রোহী সংগঠনটোৱে আৰ এন ৰবিক মধ্যস্থতাকাৰীৰ দায়িত্বৰ পৰা অপসাৰণ কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী তুলিছে৷ লগতে এন এছ চি এন (আই–এম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই যোৱা শুকুৰবাৰে পৃথক পতাকা আৰু সংবিধান অবিহনে নগা সমস্যাৰ সন্মানজনক সমাধান অসম্ভৱ বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ পাছতো কিন্তু ইতিবাচক কথাটো হ’ল– সম্প্রতি দিল্লীত বাহৰ পাতি থকা মুইভা নেতৃত্বাধীন এন এছ চি এন (আই–এম)ৰ প্রতিনিধি দলৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ শীর্ষস্থানীয় বিষয়াবর্গৰ অনানুষ্ঠানিক বৈঠক অব্যাহত থকা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ ইয়াৰ জৰিয়তে শান্তি চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্রত সমাধান সূত্র ওলোৱাৰ আশা কৰিব পাৰি৷
সশস্ত্র সংগ্রাম তথা উগ্রপন্থী সমস্যাই অসম–নাগালেণ্ডসহ সমগ্র উত্তৰ–পূর্বাঞ্চলকে দশকৰ পাছত দশক ধৰি অশান্ত কৰি ৰাখিছে৷ স্থায়ী শান্তি প্রতিষ্ঠাৰ হকে সকলোৱে এই সমস্যাৰ সমাধান বিচাৰে৷ এই কথা নতুনকৈ দোহৰাৰ প্রয়োজন নাই৷ ২০১৫ চনৰ ৩ আগষ্টত কেন্দ্র–এন এছ চি এন (আই–এম)ৰ মাজত সম্পাদিত ‘ফ্রেমৱর্ক এগ্রিমেণ্ট’খন আজিপর্যন্ত আনুষ্ঠানিকভাৱে ৰাজহুৱা হোৱা নাই৷ কিন্তু শান্তি আলোচনা প্রক্রিয়াৰ মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰে সংঘাতৰ মাজতে নগা বিদ্রোহী সংগঠনটোৱে দাবী কৰিছে যে ফ্রেমৱর্ক এগ্রিমেণ্টত নগা জনগণৰ সার্বভৌম অধিকাৰৰ স্বীকৃতি প্রদান কৰা হৈছিল৷ এনেধৰণৰ দাবী–ভিযোগ উত্থাপন কৰিলেও দীর্ঘদিনীয়া সমস্যাটো সমাধানৰ হকে উভয় পক্ষই সহমতত উপনীত হোৱাটোৱেই এতিয়া হ’ব প্রাথমিক চর্ত৷ সেয়েহে কেন্দ্রীয় চৰকাৰ আৰু এন এছ চি এন (আই–এম) উভয় পক্ষই এৰাধৰাৰ মাজেৰে আগবাঢ়িব লাগিব৷ ইয়াৰ অন্যথা শান্তি চুক্তি চূড়ান্ত কৰা তথা সম্পাদনৰ বিষয়টো দীঘলীয়া হৈ গৈ থাকিব আৰু ই চর্চাৰ মাজতে আবদ্ধ হৈ ৰ’ব৷