জোনাইত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মানৱ শৃংখলঃ কা আৰু ই আই এ প্ৰত্যাহাৰ দাবীত উত্তাল জোনাই
নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট:: জাতিধ্বংশী নাগৰিকত্ব সংকোধনী আইন(CAA) বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে ই আই এ (EIA ২০২০Draft) গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি জোনাই মহকুমাধিপতি কাৰ্যালয় প্ৰাঙ্গণত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জোনাই আৰু চিমেন চাপৰি আঞ্চলিক সমিতিৰ উদ্যোগত মানৱ শৃংখল কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে কৰ’না মহামাৰীৰ সংক্রমণৰ পৰা ৰক্ষা পোৱাৰ বাবে চৰকাৰ আৰু স্বাস্থ্য বিভাগে দিয়া নির্দেশনা পালন কৰি হাতে হাতে বেনাৰ, প্লে’কার্ড লৈ বিজেপি চৰকাৰ গ’ বেক, অসম চৰকাৰ হায় হায় “কা আমি নেমানো” “ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকীস্বৰূপ ই আই এ প্ৰত্যাহাৰ কৰক”, “বিজেপি চৰকাৰ হায় হায়” ইত্যাদি ইত্যাদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰেআদি বিভিন্ন শ্ল’গানেৰে প্রতিবাদ সাব্যস্ত কৰি জোনাইৰ আকাশ-বতাহ কঁপাই তোলে৷ মানৱ শৃংখল কার্যসূচীত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা নীল গগৈ, সভাপতি জ্ঞান শৰ্মা, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, ধেমাজি জিলা সমিতিৰ আহ্বায়ক লাচিত বৰদলৈ, প্ৰচাৰ সম্পাদক জিতেন মিলি আৰু জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা, জোনাই আঞ্চলিক সমিতিৰ উপদেষ্টা মাধূৰ্যপ্ৰতিম গগৈ
উপসভাপতি ৰত্নেশ্বৰ মিৰিৰ লগতে জোনাই আৰু চিমেন চাপৰি আঞ্চলিকৰ সকলো বিষববীয়ৰ উপস্থিতিত থাকে৷ জাতিধ্বংশী নাগৰিকত্ব সংকোধনী আইন(CAA) বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে EIA ২০২০Draft ড্ৰাপ গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্ত বাতিলৰ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়৷ ইপিনে, উক্ত মানৱ শৃংখল কার্যসূচীত প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই কয় শাসনাধিষ্ঠিত বিজেপি চৰকাৰ এই জনবিৰোধী আইনৰ তিব্ৰ সমালোচনা কৰি খিলঞ্জীয়া-বিৰোধী সকলো ষড়যন্ত্র বন্ধ কৰিবলৈ জনায়৷ অন্যথা ৰাইজৰ সহযোগত আগন্তুক দিনত সকলো দল-সংগঠনে একত্রিত হৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷