নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ ৰক্ষাকৱচ

২০২১ৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৌ উক দিছে অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ প্রসংগ৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তিৰ ৬নং দফাত ৰাজ্যখনৰ অসমীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচৰ প্রসংগ উল্লেখ আছিল৷ অসমৰ পৰা বিদেশী লোকসকলক খেদি পঠিওৱাৰ বাবে অসমবাসীৰ দীঘলীয়া সংগ্রামত ৮৫৫গৰাকী শ্বহীদ হৈছিল৷ ১৯৫১ৰ পৰা অসমত প্রৱেশ কৰা অবৈধ বিদেশীসকলক খেদি পঠিওৱাৰ বাবে অসমবাসীয়ে যি স্বতঃস্ফূর্ত সংগ্রামত লিপ্ত হৈছিল, সেয়া অসম চুক্তিৰ জৰিয়তে সমাধান নহ’ল৷ ৰাজ্যখনৰ পৰা বিদেশীসকলক খেদি পঠিওৱাটো দূৰৰ কথা, বিদেশীৰ আগ্রাসন ক্রমাগতভাৱে বৃদ্ধি হোৱাৰ ফলত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল পদে পদে বিপর্যয়ৰ সন্মুখীন হৈ আহিছে৷ সমগ্র দেশতে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ক্ষেত্রত ১৯৫১ক ভিত্তিবর্ষ ৰূপে গ্রহণ কৰাৰ বিপৰীতে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ অসম চুক্তিৰ জৰিয়তে ১৯৭১ নির্ধাৰণ কৰা হৈছিল৷ ফলত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে বিদেশীৰ অসহনীয় বোজা বহন কৰিবলগীয়া হৈছে৷ এনে পৰিস্থিতিৰ আশংকাতে অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ প্রসংগ অসম চুক্তিৰ ৬নং দফাত অন্তর্ভুক্ত কৰা হৈছিল৷ ঘাইকৈ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবৈধ প্রব্রজনৰ সমস্যাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ৩৫ বছৰ পূর্বে স্বাক্ষৰিত অসম চুক্তিত স্পষ্টভাৱে উল্লেখ আছে যে অসমীয়া লোকসকলৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষাৰ সাংবিধানিক, বিধায়িনী আৰু প্রশাসনীয় ৰক্ষাকৱচ প্রদান কৰা হ’ব৷ বিগত চাৰে তিনি দশকত ৰাজ্যখনৰ প্রতিটো নির্বাচনৰ পূর্বে সাংবিধানিক ৰক্ষাকৱচৰ প্রসংগটো উত্থাপন হৈ আহিছে৷ খিলঞ্জীয়া লোকসকলৰ জনসমর্থন আদায়ৰ বাবে ৰাজ্যখনৰ প্রতিটো প্রধান ৰাজনৈতিক দলে ইয়াক মূল নির্বাচনী ইছ্যু হিচাপে ধার্য কৰি আহিছে৷ কিন্তু ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছতে অসমীয়াৰ ৰক্ষাকৱচৰ বিষয়টো কোনো ৰাজনৈতিক দলে ইমানদিনে গুৰুত্বসহকাৰে গ্রহণ কৰা নাই৷ সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰাটো দূৰৰ কথা, বিগত ৩৫ বছৰে অসমীয়াৰ সংজ্ঞাই নিৰূপণ কৰিব নোৱাৰিলে দিছপুৰ আৰু দিল্লীৰ ক্ষমতাত থকা ৰাজনৈতিক দলকেইটাই৷ ছবছৰীয়া আন্দোলনত অসমৰ ৮৫৫গৰাকী শ্বহীদ হৈছিল, কেইবাসহস্র লোক ঘুণীয়া হৈছিল, ছাত্র–ছাত্রীসকলে মূল্যৱান শিক্ষাবর্ষ হেৰুৱাইছিল৷ তৎসত্ত্বেও অসমীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাটো নিশ্চিতভাৱে দুর্ভাগ্যজনক৷

   ছবছৰীয়া অসম আন্দোলনকাৰীয়ে চুক্তি স্বাক্ষৰৰ পাছতে ৰাজনৈতিক অভিৱর্তনযোগে জন্ম দিয়া অসম গণ পৰিষদ (অগপ) দলে দুবাৰকৈ দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হৈছিল৷ দুয়োটা কার্যকালৰ মুখ্যমন্ত্রীৰ আসনত আছিল অসম আন্দোলনৰ নেতৃত্ব বহন কৰা প্রফুল্ল কুমাৰ মহন্ত৷ ১৯৮৫ত ক্ষমতাত অধিষ্ঠিত হোৱাৰ লগে লগে অসম চুক্তি ৰূপায়ণত প্রকৃত সদিচ্ছা দেখুওৱাহেঁতেন অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচক লৈ সৃষ্টি হোৱা জটিলতাৰ উদ্ভৱ নহ’লহেঁতেন৷ ৰাজ্যখনৰ অবৈধ বিদেশী লোকসকলক চিনাক্তকৰণ অথবা খেদি পঠিওৱাৰ ক্ষেত্রত প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ ভূমিকা কোনোদিনে বলিষ্ঠ নাছিল৷ বৰঞ্চ আই এম ডি টি আইনখনক বাধা ৰূপে অভিহিত কৰিয়ে প্রাক্তন মুখ্যমন্ত্রী মহন্তই দুটাকৈ কার্যকালৰ সামৰণি মাৰিছিল৷ ১৯৮৫ত মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ সময়ত মহন্তৰ দায়িত্ব আছিল অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ বাবে অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি প্রয়োজনীয় প্রস্তাৱ কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰাটো৷ কিয়নো অসমীয়া হৈছে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ লৈ গঠিত এক সন্মিলিত শক্তি৷ অসম চুক্তি স্বাক্ষৰৰ সময়ত ৰাজ্যখনৰ প্রতিটো খিলঞ্জীয়া জাতি–জনগোষ্ঠীয়ে অসমীয়া ৰূপে চিনাকি দিছিল৷ সেই সময়ত বড়ো, কার্বি, মিচিং, তিৱা, ৰাভা আদি জনগোষ্ঠীসমূহে নিজকে সুকীয়া দৃষ্টিভংগীৰ বাবে আগবাঢ়ি অহা নাছিল৷ কিন্তু অসম চুক্তিৰ আলম লৈ প্রাক্তন মুখ্যমন্ত্রী মহন্তৰ নেতৃত্বত গঠিত চৰকাৰখনৰ উদাৰতাৰ অভাৱতে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত আত্মনিয়ন্ত্রণৰ সংগ্রাম আৰম্ভ হৈছিল৷ এতিয়া বছৰৰ পাছত বছৰ বাগৰাৰ লগে লগে অসম চুক্তি অনুসৰি অসমীয়াৰ সংজ্ঞা নিৰূপণ অধিক জটিল হৈ উঠিছে৷ অসম চুক্তিৰ ৬নং দফাৰ কার্যকৰীকৰণ আৰু অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে প্রতিবেদন দাখিল কৰিছে৷ এই প্রতিবেদন চৰকাৰে বিবেচনা কৰি থকাৰ সময়তে সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বই গোপন প্রতিবেদনখন ৰাজহুৱা কৰিছে৷ আগন্তুক বিধানসভা নির্বাচনত অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো মূল ইছ্যু হিচাপে লৈ আছুৰ নেতৃত্বই নির্বাচনী যুঁজত নমাৰো কুচকাৱাজ চলাই আছে৷ অহা অক্টোবৰত দুলীয়াজানত অনুষ্ঠিত হ’ব লগা অধিৱেশনৰ সময়তে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ তৎপৰ হৈ উঠাও দেখা গৈছে৷ আছুৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বিষয়টোক লৈ বিতর্কৰ সৃষ্টি হোৱাও দেখা গৈছে৷ নতুন ৰাজনৈতিক দলটো গঠন হ’লে অসমীয়া লোকসকলে সাংবিধানিক ৰক্ষাকৱচ লাভ কৰিবনে? আছুৰ নেতৃত্বত নতুন দল গঠন হ’লেও এই ৰাজনৈতিক দলটোৱে ক্ষমতা দখলৰ জোখাৰে অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ আঞ্চলিকতাবাদৰ প্রতি অসমৰ ৰাইজৰ যি আস্থা আৰু বিশ্বাস আছিল, সেয়া বিগত তিনিটা দশকত অগপৰ নেতৃত্বৰ কাম–কাজে নোহোৱা কৰিছে৷ এনে পৰিস্থিতিত ৰাজ্যৰ আগন্তুক ৰাজনীতিত প্রস্তাৱিত নতুন ৰাজনৈতিক দলটোৱে খিলঞ্জীয়া লোকসকলৰ কিমান আস্থা লাভ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like