নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিশ্বকাপ ফুটবলৰ বিস্ময় কিউৰাচাও

স্বপ্ন, সম্ভাৱনা আৰু সংগ্রামৰ মঞ্চ ফুটবল বিশ্বকাপৰ নতুন বিস্ময় কিউৰাচাও বর্ণিল ইতিহাস আৰু সাংস্কৃতিক বৈচিত্র্যৰে পৰিপূর্ণ ক্ষুদ্র দ্বীপৰাষ্ট্র৷ মাথোঁ ১ লাখ ৫৫ হাজাৰ জনসংখ্যাৰ দেশ কিউৰাচাও সমাগত ফিফা ফুটবল বিশ্বকাপৰ বাবে যোগ্যতা অর্জনকাৰী ক্ষুদ্রতম দেশৰূপে পৰিগণিত হৈছে৷

দক্ষিণ কেৰিবিয়ান সাগৰত অৱস্থিত এই দ্বীপৰাষ্ট্রই বিশ্ব ফুটবলৰ সর্বোচ্চ মঞ্চত নিজস্ব ফুটবল নৈপুণ্য দাঙি ধৰিবলৈ বিৰল সুযোগ লাভ কৰিছে যি স্বপ্ন এতিয়াও ১৪৮ কোটিৰ দেশ ভাৰতৰ বাবে বাস্তৱ হৈ উঠা নাই৷

১৯৫৪ চনত নেদাৰলেণ্ডৰ এণ্টিলিছৰ অংশ হৈ পৰা কিউৰাচাও দৃঢ় সংকল্প, সুশৃংখল পৰিকল্পনা আৰু আত্মবিশ্বাসৰ আন এটা নাম৷ বিশ্বকাপৰ মূল পর্বত কিউৰাচাওৰ সন্মুখত আছে কঠিন প্রত্যাহ্বান– শক্তিশালী দলবোৰৰ বিপক্ষে সহজ নহ’ব যুঁজ৷ তথাপি এই মঞ্চত দেশখনৰ উপস্থিতিয়েই বৃহৎ সাফল্য৷ লক্ষ্য থাকিলে পথ নেহেৰায়– চকুত অযুত সপোন লৈ ক্রীড়া নৈপুণ্য প্রদর্শনৰ বাবে উন্মুখ এই দ্বীপৰাষ্ট্রই ইতিমধ্যে ফুটবলপ্রেমীৰ হূদয়ত থিতাপি লৈছে৷

কিউৰাচাওৰ এই সফলতা ক্ষুদ্র তথা উন্নয়নশীল দেশবোৰৰ বাবে অনুপ্রেৰণাৰ উঁহ৷ বিশ্বায়নৰ যুগত অর্থনৈতিক সামর্থ্যৰ বাহিৰেও সঠিক পৰিকল্পনা আৰু সুদক্ষ ব্যৱস্থাপনায়ো যে আন্তঃৰাষ্ট্রীয় ক্রীড়া ক্ষেত্রত সফলতাৰ দুৱাৰ মুকলি কৰি দিব পাৰে কিউৰাচাও তাৰেই প্রোজ্জ্বল নিদর্শন৷ প্রতিভাক যে কোনো ভৌগোলিক পৰিসৰে আবদ্ধ কৰি ৰাখিব নোৱাৰে সেই কথাই প্রতিপন্ন হৈছে৷

দীর্ঘদিন ধৰি দেশখন আন্তঃৰাষ্ট্রীয় ফুটবলত বৰ পৰিচিত নাম নাছিল যদিও  কেইটামান বছৰত দেশখনে ফুটবলৰ আন্তঃগাঁথনি উন্নয়ন, প্রতিভাশালী ফুটবলাৰক সুযোগ প্রদান আৰু প্রৱাসী ক্রীড়াবিদক ৰাষ্ট্রীয় দলত অন্তর্ভুক্ত কৰাৰ মাধ্যমেৰে শক্তিশালী দল গঢ়ি তুলিছে৷

ইয়াৰ ফলস্বৰূপে দলটোৱে ফিফা বিশ্বকাপৰ বাছনি পর্বত ধাৰাবাহিক সাফল্য অর্জন কৰি ইতিহাস গঢ়িবলৈ সক্ষম হৈছে৷ মাত্র ৪৪৪ বর্গ কিলোমিটাৰ মাটিকালিৰ দ্বীপৰাষ্ট্রখনে প্রতিপন্ন কৰিলে যে কেৱল আকাৰেই শেষ কথা নহয়, লাগে মাথোঁ আত্মবিশ্বাস আৰু দৃঢ়তা৷

কিউৰাচাওৰ যোগ্যতা অর্জনৰ কাহিনী অবিস্মৰণীয়৷ কনকাকাফ (উত্তৰ, মধ্য আমেৰিকা আৰু কেৰিবিয়ান ফুটবল সংস্থা)ৰ বাছনি পর্বত দেশখনে ১০খন খেলৰ ৭খনত বিজয়ী হোৱাৰ লগতে তিনিখনত ড্র খেলি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়৷ জামাইকাৰ বিৰুদ্ধে অন্তিম খেলখনত ড্র খেলি মূল পর্বলৈ উঠিবলৈ সক্ষম হয়৷

ডিক এডভোকেটৰ দৰে অভিজ্ঞ আৰু কৌশলী প্রশিক্ষকৰ অধীনত দলটোৱে সুদৃঢ় ৰক্ষণ আৰু অতর্কিত প্রত্যাক্রমণৰ জৰিয়তে নামজ্বলা আৰু বৃহৎ দলবোৰক পৰাভূত কৰিবলৈ সমর্থ হ’ল৷ লেয়াণ্ড্রো বাকুনাৰ লেখীয়া অধিনায়ক, বাকুনা ভাতৃদ্বয় আৰু সতীর্থ খেলুৱৈসকলৰ সন্মিলিত শক্তিৰে কিউৰাচাও স্ব–মহিমাৰে উদ্ভাসিত হৈ উঠিছে৷

বিশ্বকাপৰ মূল পর্বত জার্মানী, ইকুৱেডৰ আৰু আইভৰী কোষ্টৰ সৈতে অতি কঠিন গ্রুপত খেলিব দলটোৱে৷ জয়লাভ কৰাটো হ’ব অত্যন্ত প্রত্যাহ্বানমূলক কিন্তু এই দ্বীপৰাষ্ট্র সহজে হাৰ মনাবিধৰ নহয়৷ প্রাৰম্ভিক পর্যায়ত তেওঁলোকে এই কথাই প্রমাণ কৰিছে৷

যিকোনো মুহূর্ততে অপ্রত্যাশিত ফলাফল সৃষ্টি কৰাৰ ক্ষমতা থকা খেলুৱৈসকলে এখেল দেখুৱাবলৈ কঁকালত টঙালি বান্ধি লৈছেই৷ অনস্বীকার্য যে কিউৰাচাওৰ দৰে দলৰ অন্তর্ভুক্তিয়ে বিশ্বকাপক বৈচিত্র্য প্রদান কৰিব৷ সৰু দ্বীপৰ স্বপ্ণাতুৰ ফুটবলাৰসকলে চমৎকাৰ ফুটবল উপহাৰ দিয়াটো এককথাত খাটাং৷

সমর্থকসকলেও উছৱমুখৰ পৰিৱেশত হিয়া উজাৰি উৎসাহ যোগাব প্রাণৰ দলটোক৷ নিৰপেক্ষ দেশৰ দর্শকৰো যে মন কাঢ়িব সেয়াও ধুৰুপ৷ কিউৰাচাওৰ বিশ্বকাপ অভিযানে ড০ এ পি জে আব্দুল কালামৰ মহান বাণীৰ সার্থকতা প্রতিপন্ন কৰে– আমি সেই সপোন দেখা উচিত, যি আমাক শুবলৈ নিদিয়ে৷

দ্বীপৰাষ্ট্রখনেও তেনে এটা সপোন লৈয়েই অগ্রগামী যাত্রা আৰম্ভ কৰিছে৷ স্বপ্ণ দেখাৰ অধিকাৰ সকলোৰে আছে– দিঠকত পৰিণত হোৱাটো সময়ৰ অপেক্ষা মাথোঁ৷ সৰু দেশ, সীমিত সম্পদ সত্ত্বেও প্রতিকূল পৰিস্থিতিকো নেওচি আগবঢ়াটোৱেই মূল লক্ষ্য৷

কিউৰাচাও কেৱল এটা ফুটবল দল নহয়, বৰং অধ্যৱসায়, আত্মবিশ্বাস আৰু অসম্ভৱক সম্ভৱ কৰাৰ অনন্য প্রতীক৷ এই যাত্রা অনিৰুদ্ধ, তৃতীয় বিশ্বৰ দেশবোৰৰ বাবে অফুৰন্ত অনুপ্রেৰণাৰ উৎস৷

You might also like