নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ২২ হাজাৰ ছাত্ৰীলৈ স্কুটি

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ বাজেটত এক আঁচনি ঘোষণা কৰা হৈছিল । সেয়া হৈছে ‘প্ৰজ্ঞান ভাৰতী’ । এই ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ মূল উদ্দেশ্যে হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি, পাঠ্যপুথি যোগান ধৰাকে ধৰি শিক্ষাৰ্থীসকলক বিভিন্নধৰণে সহায় কৰা ।

আজি ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধিনত এই বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২ হাজাৰ ছাত্ৰীক চৰকাৰে একোখনকৈ স্কুটি বিতৰণ কৰাৰ ঘোষণা কৰে ।

অক্টোবৰ মাহৰ ১৫ তাৰিখৰ পূৰ্বেই এই স্কুটিখিনি প্ৰদান কৰাৰ কথাও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

আনহাতে যিসকল ছাত্ৰীয়ে ইলেক্ট্ৰিক স্কুটি ল’ব বিচাৰে তেওঁলোকে www.sebaonline.org নামৰ ৱেবছাইটত গৈ আবেদন কৰিব লাগিব । তেতিয়া তেওঁলোকক ইলেক্ট্ৰিক স্কুটি প্ৰদান কৰা হ’ব ।

এইক্ষেত্ৰত ছাত্ৰীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.sebaonline.org ত গৈ নিজৰ পছন্দৰ (ইলেক্ট্ৰিক/ আধুনিক) স্কুটিখন বাছনি কৰি আবেদন কৰিব পাৰিব ।

যদি এইক্ষেত্ৰত কোনেও আবেদন নকৰে তেন্তে সকলোকে আধুনিক স্কুটি প্ৰদান কৰা হ’ব ।

ইপিনে হেলমেট আদি অন্যান্য সামগ্ৰীসমূহ স্কুটিসমূহৰ লগত প্ৰদান কৰা নহ’ব বুলি কৈ ড০ শৰ্মাই ৩ বছৰলৈকে এই স্কুটিসমূহ বিক্ৰী কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে ।

You might also like