আজমলৰ হাত ধৰি ‘ক্ষমতা’ৰ স্বপ্ন কংগ্রেছৰঃ মিত্রতা চূড়ান্তপ্রায়–আনুষ্ঠানিক ঘোষণাহে বাকী
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: ক্ষমতাৰ স্বার্থত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ বোকোচাত উঠিবলৈ সম্পূর্ণৰূপে সাজু হৈছে কংগ্রেছ৷ অহা বছৰ অনুষ্ঠিতব্য বিধানসভা নির্বাচনত এসময়ৰ ‘শত্রু’ আজমলৰ হাত ধৰিয়েই ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে দিছপুৰৰ ক্ষমতাৰ বাঘজৰী হস্তগত কৰাৰ স্বপ্ণ দেখিছে৷ যোৱা লোকসভা নির্বাচনৰ সময়ৰে পৰাই এ আই ইউ ডি এফৰ প্রতি যথেষ্ট নমনীয় স্থিতি গ্রহণ কৰা কংগ্রেছে শেহতীয়াকৈ আসন্ন বিধানসভা নির্বাচনত আজমলৰ সৈতে মিত্রতা কৰাটো ইতিমধ্যে প্রায় চূড়ান্ত হৈ পৰিছে৷
এই সন্দর্ভত এতিয়া কেৱল আনুষ্ঠানি ঘোষণাহে বাকী৷ আজি গুৱাহাটীৰ হোটেল গেটৱে গ্রেণ্ডৱেৰত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকতে এই ছবিখন পৰিস্ফুট হৈ পৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত এ আই ইউ ডি এফকে ধৰি কংগ্রেছৰ সমভাবাপন্ন গণতান্ত্রিক, ধর্মনিৰপেক্ষ দলসমূহৰ সৈতে মহাজোঁট গঠনৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়৷ ৰাজীৱ ভৱনৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে বৈঠকত কংগ্রেছৰ নেতৃত্বত যিদৰে মহাজোঁট গঠন হ’ব, সেইদৰে নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কংগ্রেছৰ পৰাই মুখ্যমন্ত্রী বাছনি কৰাৰো সকলোৱে পোষকতা কৰে৷ এইক্ষেত্রত এ আই ইউ ডি এফকে ধৰি মহাজোঁটত চামিল হ’বলগীয়া প্রতিটো দলক অংশীদাৰ দল হিচাপে গণ্য কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷
দলীয় এক সূত্রই জানিবলৈ দিয়া মতে, আজিৰ সেই বৈঠকখনত এ আই ইউ ডি এফকে ধৰি সমভাবাপন্ন দলসমূহৰ সৈতে এই বিষয়ত আলোচনা কৰাৰ বাবে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, ডাঃ ভূমিধৰ বর্মন, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন আদিৰ নেতৃত্বত এখন কমিটী গঠন কৰা হয়৷ উক্ত কমিটীয়ে সমগ্র বিষয়টো পর্যালোচনা কৰি প্রদেশ কংগ্রেছক প্রতিবেদন দাখিল কৰিব৷ তাৰ পাছতে দলে অহা ১৫ ছেপ্ঢেম্বৰৰ ভিতৰত কার্যনির্বাহক বৈঠক অনুষ্ঠিত কৰি সমগ্র বিষয়টো সম্পর্কত আনুষ্ঠানিক সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্রত ক’ৰ কমিটীয়ে পৰামর্শ আগবঢ়ায় বুলি সূত্রটোত প্রকাশ৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ইতিপূর্বে প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠকে এ আই ইউ ডি এফৰে মিত্রতা নকৰা সম্পর্কত এক প্রস্তাৱ গ্রহণ কৰিছিল৷ বর্ধিত কার্যনির্বাহকে গ্রহণ কৰা সেই প্রস্তাৱ এতিয়া প্রত্যাহাৰ কৰিব লাগিলে স্বাভাৱিকতে পুনৰ কার্যনির্বাহকে সিদ্ধান্ত গ্রহণ কৰিব লাগিব৷ সেই পৰিস্থিতিলৈ চাই প্রদেশ কংগ্রেছে এইবাৰ মহাজোঁট গঠনৰ অচিলাৰে এ আই ইউ ডি এফক আঁকোৱালি ল’ব বিচাৰিছে৷ ইপিনে, ক’ৰ কমিটীৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কয় যে বিজেপিক পৰাভূত কৰিবলৈ হ’লে ধর্মনিৰপেক্ষ, গণতান্ত্রিক ৰাজনৈতিক দল আৰু শক্তিসমূহে মিলি মহাজোঁট গঠন কৰিব লাগিব৷ কংগ্রেছে সেই মহাজোঁটত কেৱল এ আই ইউ ডি এফকে নহয়, চি পি আই, চি পি আই (এম), কৃষক মুক্তি সংগ্রাম সমিতি, বড়ো জনগোষ্ঠীৰ এটা গ্রুপ, মিচিং, তিৱা, হলিৰাম তেৰাঙকে ধৰি অজিত ভূঞাৰ নেতৃত্বত গঠিত নতুন দলটোকো ল’ব বিচাৰিছে৷ অর্থাৎ প্রদেশ কংগ্রেছৰ আজিৰ ক’ৰ কমিটীৰ বৈঠকে কার্যতঃ এই দলসমূহলৈও মিত্রতাৰ প্রস্তাৱ আগবঢ়াইছে৷
আসন্ন বিধানসভা নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ নির্বাচনী ইছ্যু ‘কা’ হ’ব যদিও ‘কা’ই প্রধান ইছ্যু নহয়৷ অন্যান্য ইছ্যুৰ লগতে ‘কা’ও ইছ্যু হিচাপে থাকিব৷ গগৈয়ে আৰু কয় যে কংগ্রেছৰ নেতৃত্বত মহাজোঁট গঠন হ’লে মহাজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে মুখ্যমন্ত্রী কংগ্রেছৰ পৰাই হ’ব৷ আজমলক কেতিয়াও মুখ্যমন্ত্রী হ’বলৈ দিয়া নহ’ব৷ মুখ্যমন্ত্রীজন কংগ্রেছ দলৰ পৰাই হ’ব৷ সেইদৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে কংগ্রেছৰ নেতৃত্বত গঠন হ’বলগীয়া বিজেপিবিৰোধী শক্তি, জাতি–জনগোষ্ঠী, ৰাজনৈতিক দল সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে৷ এই মহাজোঁটত এ আই ইউ ডি এফকো আহ্বান জনোৱা হৈছে যদিও এ আই ইউ ডি এফ অংশীদাৰ হিচাপেহে থাকিব৷ কংগ্রেছে এ আই ইউ ডি এফৰ শ্রুতলিপিত নচলে৷ ইপিনে, কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা চূড়ান্ত হোৱাটো স্পষ্ট হোৱাৰ লগে লগে কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ দলটোৰ সংখ্যালঘু শিবিৰৰ নেতাসকলৰ অধিকসংখ্যকেই নিজৰ ৰাজনৈতিক অস্তিত্ব বিপন্ন হোৱাৰ আশংকা কৰিছে৷ কিয়নো কংগ্রেছৰ নেতৃত্বত হ’বলগীয়া মহাজোঁটত এ আই ইউ ডি এফ অংশগ্রহণ কৰাৰ লগে লগে ৰাজ্যৰ সংখ্যালঘু শিবিৰৰ প্রধান শক্তি হিচাপে আজমলেই পৰিগণিত হ’ব৷
তদুপৰি এ আই ইউ ডি এফৰে মিত্রতা হোৱাৰ লগে লগে বর্তমানৰ কংগ্রেছৰ বহুকেইগৰাকী সংখ্যালঘু নেতাই মিত্রতাৰ ধর্ম অনুসৰিয়েই নিজ সমষ্টিসমূহ আজমলৰ দলক এৰি দিবলগীয়া হ’ব৷ সেয়া স্বাভাৱিকতে তেওঁলোকে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক সহজভাৱে ল’ব পৰা নাই৷ একেদৰে এই মিত্রতাৰ ফলত উজনি অসমতো কংগ্রেছ সাংঘাতিক ক্ষতিৰ সন্মুখীন হোৱাটো একপ্রকাৰ অৱধাৰিত৷ এসময়ত তৰুণ গগৈৰ ‘হু ইজ বদৰুদ্দিন’ ডাইলগৰ বাবে উজনি অসমত কংগ্রেছ সাংঘাতিক ধৰণে ৰাজনৈতিকভাৱে উপকৃত হৈছিল৷ কিন্তু এইবাৰ আজমলৰ হাতত হাত মিলাই নির্বাচনত অৱতীর্ণ হ’লে উজনি অসমত কংগ্রেছৰ ভেটি যে উছন হ’ব, সেই কথা সহজেই অনুমেয়৷ এনে আশংকা কৰিয়েই দলটোৰ একাংশই এতিয়াও এ আই ইউ ডি এফৰে কংগ্রেছৰ মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷