নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈক এতিয়া ৰাজনীতি নহয়, গীতা-ভাগৱতৰ কথা সুধিব লাগেঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এতিয়া গীতা-ভাগৱতৰ কথা সুধিব লাগে। তেওঁৰ বয়সটোৱেই এনেকুৱা। তেওঁক ৰাজনীতিৰ কথা সুধি আপোনালোকে ব্যতিব্যস্ত কৰিছে। এনে সময়ত মুখ্যমন্ত্ৰী কোন হ’ব বুলি সোধাতকৈ আধ্যত্মিক কথা সুধিব লাগে বুলি সাংবাদিকৰ আগত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্লাজমা দান কেন্দ্ৰত উপস্থিত হৈ এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছ-AIUDFৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে তেওঁলোকৰ একো ধৰ্ম-জাতি নাই বুলি আমাৰ ধৰ্ম-জাতি নথকা নহয়। তেওঁলোকে সকলো বাদ দিছে বুলি আমি এৰি দিব নোৱাৰো। আজমল প্ৰধানমন্ত্ৰী হওঁক বা মুখ্যমন্ত্ৰী হওঁক সেইটো তেওঁলোকৰ কথা কিন্তু নৰেন্দ্ৰ মোদী থকালৈকে অসমত বেলেগৰ ঠাই নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ।

You might also like