নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন এফ ৰে’লৱেত ৪,৪৯৯ চাকৰি

আবেদনৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ

উত্তৰ–পূব সীমান্তৱর্তী ৰে’লৱে অর্থাৎ এন এফ ৰে’লৱেত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অচিৰেই ৪,৪৯৯ পদত প্রার্থী নিয়োগ কৰিব৷ ইতিমধ্যে এই বিষয়ে উত্তৰ–পূব সীমান্তৱর্তী ৰে’লৱেৰ ৰিক্রুইটমেণ্ট বোর্ডৰ অধ্যক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ৪,৪৯৯ পদ পূৰণ হ’বলগীয়া মণ্ডলসমূহ হৈছে– কাটিহাৰ এণ্ড টি ভি এইচ ৱর্কশ্বপ (৯৭০), আলিপুৰদুৱাৰ (৪৯৩), ৰঙিয়া (৪৩৫), লামডিং এণ্ড এছ এণ্ড টি ৱর্কশ্বপ (১,৩০২), তিনিচুকীয়া (৪৮৪), নিউ বঙাইগাঁও ৱর্কশ্বপ এণ্ড ই ডব্লিউ এছ (৫৩৯) আৰু ডিব্রুগড় ৱর্কশ্বপ (২৭৬)৷

উক্ত খালী পদসমূহ সংশ্লিষ্ট মণ্ডলৰ মেকানিকেল, টি ভি এছ ডব্লিউ এছ–মেকানিকেল, ইলেক্ট্রিকেল, এছ এণ্ড টি, মাচন ইত্যাদি শিতানত পূৰ কৰিব৷ খালী পদসমূহৰ ভিতৰত আছে– মেচিনিষ্ট, ৱেল্ডাৰ, ফিটাৰ, ডিছেল মেকানিক, ইলেক্ট্রিচিয়ান, ৰেফ্রিজাৰেটৰ এণ্ড এ চি মেকানিক, লাইনমেন, মাচন, কার্পেণ্টাৰ, পেইণ্টাৰ ইত্যাদি৷

প্রার্থীৰ নূ্যনতম শৈক্ষিক অর্হতা দশম শ্রেণী৷ অৱশ্যে সংশ্লিষ্ট ট্রেডত আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৫–২৪ বছৰ হ’ব লাগিব৷ আবেদন মাচুল হিচাপে অনলাইন মাধ্যমৰে ১০০ টকা উত্তৰ–পূব সীমান্তৱর্তী ৰে’লৱেৰ ৰিক্রুইটমেণ্ট বোর্ডৰ হকে পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এছ চি, এছ টি, দিব্যাংগ আৰু মহিলা শ্রেণীৰ প্রার্থীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে৷ পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, মাচুল পৰিশোধ প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.nfr.indianrailways.gov.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া যোৱা ১৬ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ১৫ ছেপ্ঢেম্বৰ, ২০২০লৈ অব্যাহত থাকিব৷

You might also like