নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যোগ–বাণিজ্য বিভাগত ১৩১ চাকৰি

অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগত খালী হৈছে ১৩১ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি বোর্ডৰ অধ্যক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদপত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে এক্সটেনচন অফিচাৰ– ইণ্ডাষ্ট্রিজ, ইকন’মিক ইনভেষ্টিগেটৰ, জুনিয়ৰ এছিছটেণ্ট– এইচ কিউ, ষ্টেন’গ্রাফাৰ– এইচ কিউ, এক্সটেনচন অফিচাৰ (৮৭) পদৰ প্রার্থী কেমিকেল/মেকানিকেল/চিভিল/টেক্সটাইল/ কম্পিউটাৰ/ প্লাষ্টিক প্রচেছিং/ ফুড প্রচেছিং/ ইলেক্ট্রনিক্ছ এণ্ড ইনষ্ট্রুমেনটেচন ইঞ্জিনীয়াৰিং/টেকন’লজী বিষয়ত এ আই চি টি ইৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা ডিপ্ল’মাধাৰী অথবা এম চি ডব্লিউ/এম এছ ডব্লিউৰ ডিগ্রাধাৰী হোৱা হ’ব লাগিব৷

ইয়াৰ উপৰি কম্পিউটাৰ এপ্লিকেচনছ/ ইণ্ডাষ্ট্রিয়েল মেনেজমেণ্ট বিষয়ত প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ দৰমহা ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’৷ ইকন’মিক্ছ ইনভেষ্টিগেটৰ (২৪) পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’৷ জুনিয়ৰ এছিছটেণ্ট (১৬) পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে এম এছ ৱর্ড আৰু এম এছ এক্সেলৰ জ্ঞান থকাটো জৰুৰী৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ ষ্টেন’গ্রাফাৰ পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক আৰু ষ্টেন’গ্রাফীৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতে প্রতি মিনিটত ইংৰাজীত ৮০টা শব্দ টাইপ কৰিব পৰা হ’ব লাগিব৷

দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অভিজ্ঞতাকে ধৰি অন্যান্য চর্তাৱলীৰ বাবে বিভাগীয়www.slprbassam.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া যোৱা ১৭ আগষ্টৰ পৰা আৰম্ভ হৈছে৷ এই প্রক্রিয়া অহা ৬ ছেপ্ঢেম্বৰ, ২০২০লৈ অব্যাহত থাকিব৷

You might also like