নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত পুনৰ প্ৰায় তিনিলক্ষাধিক টকাৰ হিৰ’ইন জব্দ; এজনক আটক

নিয়মীয়া বাৰ্তা:১৯ আগষ্ট: বোকাজানৰ অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত উপৰ্যুপৰি নিষিদ্ধ ড্ৰাগছ জব্দ হৈ আহিছে আজি কিছুদিন ধৰি ৷ আন্তৰাজ্যিক চোৰাং ব্যৱসায়ৰ পদুলিমুখস্বৰূপ সোনালী ত্ৰিভুজ ৰূপে খ্যাত লাহৰিজানত আৰক্ষীৰ তৎপৰতাৰ বাবে ড্ৰাগছৰ ব্যৱসায় সাময়িকভাবে কমি আহিছিল যদিও লকডাউনৰ সময়ৰ পৰা পুনৰ মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে ৷ যোৱা এটা মাহৰ ভিতৰত সীমান্তৱৰ্তী খটখটী আৰু ডিলাই থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নিষিদ্ধ ড্ৰাগছ জব্দ আৰু সৰৱৰাহকাৰীক আটক কৰাৰ ঘটনাই ড্ৰাগছৰ ব্যৱসায় যে সক্ৰিয় হৈ আছে সেয়া নিশ্চিত হৈ পৰিছে ৷
মঙলবাৰে বিয়লি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ আৰক্ষী চক্ৰৰ চক্ৰ বিষয়া ভূপেন কলিতা আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্মৰ সহযোগত সীমান্তৰ লাহৰীজান পকা ফিল্ডত চলোৱা এক অভিযানত চাবোনৰ বাকছত ভৰাই অনা আঠ পেকেট হিৰইন জব্দ কৰাৰ লগতে নগাঁও কছুৱাৰ আব্দুল জলিল আলি নামৰ এটা সৰৱৰাহকাৰীক আটক কৰে ৷ জব্দ কৰা ৮৮ গ্ৰাম ওজনৰ ড্ৰাগছ খিনিৰ মূল্য প্ৰায় তিনি লাখ টকা বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ ৷ ধৃত সৰৱৰাহকাৰীটোক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
You might also like