আজিৰ দিনটোৰ ৰাশিফল
মেষ- মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২/৫ৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ থকা কার্যত উন্নতি৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
বৃষ- পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক, সকলো নিয়ন্ত্রণক্ষম হ’ব৷ শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই৷ বিদ্যাত উন্নতিৰ আশা দেখিলেও বাধা পাব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
মিথুন- কোনো সম্পদৰ প্রতি নজৰ ৰাখক৷ হাতৰ পৰা সুযোগ সৰকি নাযাবৰ বাবে সাৱধান হওক৷ কোনোৱে ভৱিষ্যতৰ বাবে আশা দেখিব৷ সন্তানৰ বাবে কিছু চিন্তা৷ দাম্পত্যতো তদ্রুপ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৭৷
কর্কট- বল প্রয়োগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে৷ কিন্তু বৰ সফল নহ’ব৷ গতানুগতিক কামত বেছি বাধা নাই৷ দাম্পত্যত ভালেই৷ সন্তানৰ চিন্তা থাকিব৷ নতুন সংযোগত বিৰাগ৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ২৷
সিংহ- দৃঢ় মত পোষণ কৰিব সুখী হ’ব৷ কিন্তু আপোনাৰ এই মতক সকলোৱে মানি নল’ব৷ বিৰক্তি আৰু কিছুমান বাঞ্ছিত কর্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্ণতা থাকিব৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ১৷
কন্যা- এটাৰ পিছত এটা আহুকাল এৰাব পৰা টান৷ তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব৷ আপোনাৰ স্বকর্মৰ প্রতি কিছুমান অহমিকাই ভৱিষ্যতৰ উন্নতিত হেঙাৰ হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷
তুলা- মধ্যম ফল৷ কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব লগতে আপোনাৰ দক্ষতাৰ প্রতি কোনো আনুষ্ঠানিক আহ্বান আহিব৷ বিদ্যাত জটিল চিন্তা এৰাব পাৰিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷
বৃশ্চিক- কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব৷ বন্ধু–বান্ধৱৰ পৰা উৎসাহ৷ দিনৰ ১১.৩০ বজাৰ পৰা এনে সংযোগ দেখা যায়৷ দাম্পত্যত আনন্দ৷ কিন্তু কোনো কথাৰ বাবে উৎকণ্ঠিত হোৱাৰ আশংকা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷
ধনু- শাৰীৰিক অথন্তৰ অনুভৱ কৰিব পাৰে৷ বিশেষকৈ দুর্বল আৰু বয়স্কসকল৷ বিদ্যাত যত্নৰ ত্রুটি নকৰিব৷ একেদৰে লাগি থকা কর্মতো পিছুৱাই নাযাব৷ আর্থিকত উন্নতিত বাধা৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
মকৰ- আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব৷ কোনো প্রশাসনীয় বিষয় বা তেনে লোকৰ লগত সু–সম্বন্ধ গঢ়িব পাৰে৷ বিদ্যাত মধ্যম৷ শৰীৰ সম্পর্কীয় দুশ্চিন্তাৰ প্রয়োজন নাথাকিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷
কুম্ভ- মনত অত্যন্ত কুটিল প্রশ্ণই তোলপাৰ লগাব পাৰে৷ অৱশ্যে তাৰ বেছি ভাগেই অমূলক বুলি প্রমাণিত হ’ব৷ দাম্পত্যত চিন্তা৷ মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
মীন- মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ কিন্তু নিজৰ ভৱিষ্যৎ সম্পর্কে চিন্তিত হোৱাৰ যোগ থাকিব৷ দুপৰীয়াৰ পৰা সাৱধান হওক৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷