নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনৰ সন্মুখত প্রতিবাদ বঞ্চিত প্রার্থীৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট:  ৰাজ্যত নতুনকৈ স্থাপন কৰা ২০০খন বিদেশী ন্যায়াধিকৰণৰ বিভিন্ন পদৰ মেধাৰ তালিকা প্রকাশ কৰাৰ পিছতো নিযুক্তি প্রক্রিয়া সম্পন্ন নকৰাৰ বিৰুদ্ধে   প্রতিবাদ সাব্যস্ত কৰে নিযুক্তি বঞ্চিত প্রার্থীয়ে৷ জনতা ভৱনৰ সন্মুখতে দুই শতাধিক নিযুক্তি–বঞ্চিত তথা মেধাৰ তালিকাত স্থান লাভ কৰা প্রার্থীয়ে হাতে হাতে প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে৷ ১১ মাহ অতিক্রম কৰাৰ পিছতো নিযুক্তি প্রদানৰ ক্ষেত্রত চৰকাৰে কৰি অহা বঞ্চনাৰ বিৰুদ্ধে তীব্র বিষোদগাৰ প্রকাশ কৰাৰ লগতে চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে প্রতিবাদী প্রার্থীসকলে৷

দিনৰ প্রায় ১১ বজাত আকস্মিকমভাৱে সমৱেত হৈ তেওঁলোকে প্রতিবাদ সাব্যস্ত কৰে৷ অৱশ্যে অনুমতি নোহোৱাকৈ প্রতিবাদ সাব্যস্ত কৰাৰ বাবে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে৷ ইপিনে, ৰাজ্য চৰকাৰে এই মেধাসম্পন্ন যুৱক–যুৱতীসকলক্ নিযুক্তিৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰাত এতিয়া চৰম অনিশ্চয়তাত ভুগিবলগীয়া হৈছে৷ এই সন্দর্ভত প্রতিবাদত অংশগ্রহণ কৰি কুনাল ভৰালীয়ে কয় যে অহা ১৯ ছেপ্ঢেম্বৰত বিদেশী ন্যায়াধিকৰণৰ ১৬০০ পদত নিযুক্তিৰ বাবে প্রকাশ কৰা মেধাৰ তালিকাই এবছৰ সম্পূর্ণ কৰে৷ বিজ্ঞাপন অনুসৰি এই মেধাৰ তালিকাৰ ম্যাদ হৈছে এবছৰ৷ অর্থাৎ ১৯ ছেপ্ঢেম্বৰৰ পিছত মেধাৰ তালিকাৰ ম্যাদ বৃদ্ধি নকৰিলে তেওঁলোকে নিযুক্তিৰ বাবে কোনো দাবী উত্থাপন কৰিব নোৱাৰিব৷

ইয়াৰ পৰিপ্রেক্ষিতত লিখিত সাক্ষাৎকাৰত উত্তীর্ণ হৈ মেধাৰ তালিকাত স্থান লাভ কৰা প্রার্থীসকলে চৰম অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রকাশৰ এবছৰ সম্পূর্ণ হ’ব অহা ৩১ আগষ্টত৷ এই এবছৰে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কার্যকৰী ৰূপ দিয়াৰ কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকৰ গোচৰৰ নিষ্পত্তিৰ বাবে অতিৰিক্ত বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হয়৷ কিন্তু এই ন্যায়াধিকৰণসমূহ কার্যক্ষম কৰিবলৈ কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ সদস্য নিযুক্তি দিয়া হ’ল৷ এই এবছৰে ন্যায়াধিকৰণ স্থাপনৰ নামত কেৱল ভেঁকো–ভাওনাহে কৰিলে চৰকাৰে৷ ১৬০০ পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ পিছত প্রক্রিয়াটো সম্পূর্ণ নকৰাত এবছৰে ঘৰতে বহি থাকিবলগীয়া হৈছে মেধাৰ তালিকাত স্থানপ্রাপ্তসকলে৷’

উল্লেখ্য যে বিদেশী ন্যায়াধিকৰণসমূহত উচ্চবর্গৰ সহায়ক ষ্টেন’গ্রাফাৰ, কনিষ্ঠ সহায়ক, টাইপিষ্ট, ডাটা এণ্ড্রি অপাৰেটৰ, বিচাৰপীঠ সহায়ক আৰু কপিষ্টৰ মুঠ ১৬০০ পদৰ বাবে ২০১৯ চনৰ ১৩ জুনত বিজ্ঞাপন প্রকাশ কৰিছিল৷ ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ জৰিয়তে পদসমূহৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হৈছে৷ ১৯ ছেপ্ঢেম্বৰত চূড়ান্ত মেধাৰ তালিকা প্রকাশ কৰা হৈছে৷ কিন্তু মেধাৰ তালিকা প্রকাশৰ পিছতো নিযুক্তি প্রদান কৰা নাছিল ১৬০০ প্রার্থীক৷ ইয়াৰ বিৰুদ্ধে কেইবাবাৰো প্রতিবাদ সাব্যস্ত কৰিছে মেধাৰ তালিকাত স্থান লাভ কৰা প্রার্থীসকলে৷ তৎসত্ত্বেও আজিপর্যন্ত এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই চৰকাৰে৷ আজি প্রতিবাদ সাব্যস্ত কৰাৰ লগতে সমূহ প্রার্থীৰ হৈ তিনিগৰাকী প্রতিনিধিয়ে জনতা ভৱনৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ কার্যালয়ত উপস্থিত হৈ এই সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰা হৈছে, সেয়া জানিব বিচাৰে৷ অৱশ্যে বিভাগীয়ভাৱে কোনো সদুত্তৰ প্রদান কৰিব নোৱাৰিলে বুলি প্রকাশ কৰিছে কুনাল ভৰালীয়ে৷ তেওঁলোকে শীঘ্রে নিযুক্তিৰ দাবীৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷

You might also like