নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই ১০ ব্যক্তিৰ মৃত্যু: ২৪ ঘণ্টাত ২,১১৬ আক্রান্ত; ৰিলিজ ২,০৫৪

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট:  ৰাজ্যখনত ক’ভিড–১৯ৰ সংহাৰ বুধবাৰৰ দিনটোতো অব্যাহত আছে৷ কালিৰ দিনটোতে মুঠ ১০গৰাকী লোকে ক’ভিডৰ ওচৰত হাৰ মানি প্রাণ হেৰুৱায়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি বুধবাৰে প্রাণ হেৰুওৱা লোকসকল হৈছে– ডিব্রুগড়ৰ সুভাষ ঘোষ (৪২), গোলাঘাটৰ ফিৰোজ হুছেইন (৫৭), নগাঁৱৰ ফজলুদ্দিন আহমেদ (৭৩), কামৰূপ মেট্র’ৰ মুনৱাৰা বেগম (৪০), কামৰূপ মেট্র’ৰ ছিঘেশ্বৰ ৰায় (৮৮), কৰিমগঞ্জৰ কল্যাণব্রত চৌধুৰী (৫০), কাছাৰৰ বিমলেন্দু চক্রৱর্তী (৮৪), হাইলাকান্দিৰ বিমলেন্দু ৰয় (৬৪), কাছাৰৰ চিতাংশু চন্দা (৭৮) আৰু কৰিমগঞ্জৰ ৰঞ্জনা ভট্টাচার্য (৫১)৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আটাইকেইগৰাকী লোকৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ ইয়াকে ধৰি এতিয়ালৈ ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ২১৩গৰাকী লোক মৃত্যুমুখত পৰে৷

আনহাতে ক’ভিডৰ সংক্রমণ আজিৰ দিনটোতো অব্যাহত আছে৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র আৰু ধেমাজিৰ উপায়ুক্ত নৰসিং পাৱাৰো ক’ভিডত আক্রান্ত হৈছে৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ২,১১৬গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ৩১১গৰাকী গুৱাহাটী মহানগৰীৰ৷ সেইদৰে কাছাৰৰ ১৯০গৰাকী, ডিব্রুগড়ৰ ১৭৪গৰাকী, যোৰহাটৰ ১২৫গৰাকী লোক আক্রান্ত হয়৷ যোৱা ২৪ ঘণ্টাত মুঠ ৪০,৩৮৯গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৫.২৩ শতাংশ৷ সেইদৰে বুধবাৰৰ দিনটোত বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ থকা ২,০৫৪গৰাকী লোকে হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতে৷ বুধবাৰৰ দিনটোলৈ ৰাজ্যখনত মুঠ ৮৪,৩১৭গৰাকী লোক ক’ভিডত আক্রান্ত হয় যদিও এতিয়ালৈ ৬০,৩৪৮গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷ বর্তমান ২৩,৭৫৩গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷

You might also like