পাৰমাণৱিক অস্ত্রৰে অসমকো লক্ষ্য কৰি লোৱাৰ ভাবুকি পাকিস্তানৰ
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ভাৰতৰ বিৰুদ্ধে পুনৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে পাকিস্তানে৷ এই পাৰমাণৱিক যুদ্ধত অসমকো লক্ষ্য কৰি নিয়াৰ ক্ষমতা আছে বুলি দাবী কৰিছে ইছলামাবাদে৷ অতি চাঞ্চল্যকৰ এই বিবৃতি প্রদান কৰিছে পাকিস্তানৰ জ্যেষ্ঠ মন্ত্রী শ্বেখ ৰছিদে৷ দেশখনৰ এটা বেচৰকাৰী চেনেলত দিয়া সাক্ষাৎকাৰত ৰছিদে কোনো লুক–ঢ়াক নৰখাকৈ কয় যে ভাৰতে যদি পাকিস্তান আক্রমণ কৰে তেনেহ’লে পাকিস্তানৰ ওচৰত পাৰমাণৱিক যুদ্ধৰ বাহিৰে আন কোনো বিকল্প নাথাকিব৷ কাৰণ পৰম্পৰাগত যুদ্ধত ভাৰতৰ লগত যুঁজিব নোৱাৰে পাকিস্তান৷ সেয়েহে পাৰমাণৱিক অস্ত্র ব্যৱহাৰ কৰিবলৈ পাকিস্তান বাধ্য হ’ব৷
অৱশ্যে ভাৰতত বাস কৰা মুছলমান লোকসকলক ৰক্ষা কৰিহে দেশখনে পাৰমাণৱিক অস্ত্র প্রয়োগ কৰিব বুলি মন্ত্রী ৰছিদে স্পষ্ট কৰি দিয়ে৷ পাকিস্তানৰ ছামা টিভিক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে পাকিস্তানৰ হাতত অতি সূক্ষ্ম তথা নিখুঁত পাৰমাণৱিক অস্ত্র আছে৷ ভাৰতৰ মুছলমান লোকসকলক বচাই নির্দিষ্ট কিছুমান ঠাইতহে পাকিস্তানে এই অস্ত্রবোৰ প্রয়োগ কৰিব৷ ইয়াৰ পিছতেই মন্ত্রী ৰছিদৰ মন্তব্য– পাকিস্তানৰ হাতত এতিয়া আনকি অসমলৈকে আঘাত হানিব পৰাকৈ পাৰমাণৱিক অস্ত্র মজুত আছে৷ তেওঁ কয় যে ভাৰতে ভালদৰেই জানে যে পাকিস্তান পৰম্পৰাগত যুদ্ধত ক্ষান্ত নাথাকে৷ সেয়েহে ভাৰতে যদি পাকিস্তান আক্রমণ কৰিব বিচাৰে তেনেহ’লে নতুন দিল্লীয়ে জনা উচিত যে সেয়া হ’ব অন্তিমখন যুদ্ধ৷ কাৰণ তাৰ পিছত আৰু একো নাথাকে৷ ‘ইট উইল দ্য এণ্ড, ব্লাডি এণ্ড’– ৰছিদে এনেদৰে কয়৷
মন কৰিবলগীয়া যে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি পাকিস্তানৰ এয়া প্রথম নহয়৷ যোৱা বছৰ কেইবাবাৰো দেশখনৰ প্রধানমন্ত্রী ইমৰান খানেও পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছিল৷ জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰাৰ পিছত ইমৰান খানে পোনে পোনে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সম্বোধন কৰি জনাইছিল– ভাৰতে জনা উচিত পাৰমাণৱিক অস্ত্রধাৰী দুই দেশ যদি সন্মুখসমৰত লিপ্ত হয় তাৰ পৰিণতি কি হ’ব পাৰে৷ কেৱল ভাৰত, পাকিস্তান বুলি নহয় সমগ্র বিশ্ব ইয়াৰ দ্বাৰা ক্ষতিগ্রস্ত হ’ব পাৰে৷ লক্ষণীয়ভাৱে পাকিস্তানৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকিক লৈ নতুন দিল্লীয়ে বাতৰি লিখা পৰলৈকে কোনো ধৰণৰ প্রতিক্রিয়া ব্যক্ত কৰা নাই৷