নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ আকাশেৰে তেজপুৰৰ বায়ুসেনা ঘাটিত আক্রমণ কৰিব চীনে

অ’পেন–ছ’চ ইণ্টেলিজেন্সৰ বিশ্লেষণত উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ   ম্যানমাৰৰ আকাশমার্গেৰে ভাৰত আক্রমণ কৰিব পাৰে ৰঙা চীনে৷ আক্রমণৰ বাবে চীনে লক্ষ্য কৰি লৈছে তেজপুৰত থকা ভাৰতীয় বায়ুসেনাৰ বিমানঘাটি৷ চীনৰ মূল লক্ষ্য অৰুণাচল প্রদেশ যদিও পূব সীমান্তত সামৰিকভাৱে ভাৰতক পংগু কৰাৰ কৌশলেৰে যুদ্ধকালীন পৰিস্থিতিত চীনে তেজপুৰৰ বায়ুসেনা ঘাটি তথা অসামৰিক বিমানবন্দৰ ধ্বংস কৰাৰ এক ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ অপেন–ছ’ছ–ইণ্টেলিজেন্স (অছিণ্ট) অর্থাৎ ছেটেলাইটৰ পৰা লব্ধ আলোকচিত্র বিশ্লেষণ কৰি ভাৰতৰ এক বিশেষ সংবাদ প্রতিষ্ঠানে কেন্দ্রীয় প্রতিৰক্ষা বিভাগক এই সন্দর্ভত সতর্ক কৰি দিছে৷

উল্লেখ্য যে ভাৰত–চীন সীমান্তৰ অন্যতম এয়াৰবেছ হৈছে তেজপুৰ৷ আগ্রাসী চীনৰ পৰা অৰুণাচল প্রদেশক ৰক্ষা কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ বাবে তেজপুৰ এয়াৰবেছ হৈছে জীৱনৰেখা স্বৰূপ৷ তেজপুৰতেই আছে বায়ুসেনাৰ ২ আৰু ১০৬নং স্কোৱাড্রন৷ সেয়েহে যুদ্ধকালীন পৰিস্থিতিত চীনৰ প্রথম লক্ষ্য যে তেজপুৰ হৈ পৰিব তাত কোনো সন্দেহ নাই৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে অছিণ্টৰ জৰিয়তে প্রস্তুত কৰা প্রতিবেদন অনুসৰি ম্যানমাৰ সীমান্তৰ মাত্র ৩ কিলোমিটাৰ দূৰত য়ুনান প্রদেশত চীনে ইতিমধ্যে এটা সামৰিক নিৰীক্ষণ কেন্দ্র স্থাপন কৰিছে৷ মূলত চীনৰ বায়ুসেনাৰ বাবেই প্রস্তুত কৰা এই নিৰীক্ষণ কেন্দ্রত স্থাপন কৰা হৈছে সুবিশাল ৰাডাৰো৷ উক্ত ৰাডাৰটো পোনে পোনে তেজপুৰমুখী কৰি থোৱা আছে৷ ভাৰতে যদি পূব সীমান্তৰে মিছাইল আক্রমণ কৰে তেনে মাটিৰ মাত্র ২.৫ কিলোমিটাৰ উচ্চতালৈ গতি কৰা মাত্রেই উক্ত মিছাইল অতি সহজেই ধৰা পেলাবলৈ সক্ষম হ’ব চীন৷ আনহাতে ম্যানমাৰ সীমান্তৰ নিচেই কাষত এই নিৰীক্ষণ কেন্দ্র স্থাপন কৰাৰ আন এটা কাৰণো অছিণ্টৰ বিশ্লেষণত ধৰা পৰিছে৷ সেয়া হ’ল চীনে ভাৰত আক্রমণৰ বাবে অবৈধ আৰু বলপূর্বকভাৱে ম্যানমাৰৰ আকাশমার্গ ব্যৱহাৰ কৰিব পাৰে৷ সেয়েহে ম্যানমাৰৰ আকাশমার্গৰ ওপৰতো নিৰীক্ষণ ৰখাৰ বাবেই এই নিৰীক্ষণ কেন্দ্র তথা ৰাডাৰটো স্থাপন কৰা হৈছে বুলি আশংকা ব্যক্ত কৰা হৈছে৷

উল্লেখ্য যে ‘টাইপ–৬০৯’সদৃশ ৰাডাৰটোৰ ব্যাস ১৩ মিটাৰৰো অধিক বুলি ধাৰণা কৰা হৈছে৷ সাধাৰণ ৰাডাৰতকৈ এই ৰাডাৰৰ ক্ষমতা কেইবাগুণ বেছি৷ বেলিষ্টিক মিছাইলৰ গতিবিধিও এই ৰাডাৰত ধৰা পৰিব পাৰে৷ অছিণ্টৰ জৰিয়তে প্রস্তুত কৰা প্রতিবেদনত কোৱা হৈছে ম্যানমাৰ সীমান্তত এই নিৰীক্ষণ কেন্দ্র স্থাপন কৰি চীনে তেজপুৰৰ লগতে বংগোপসাগৰৰ বুকুত থকা ওড়িশাৰ আব্দুল কালাম দ্বীপপুঞ্জকো লক্ষ্য কৰি ল’ব পাৰে৷ উল্লেখ্য যে ২০ আগষ্টৰ পৰা ২২ আগষ্টলৈকে ওড়িশা উপকূলৰ ৫৫০ কিলোমিটাৰ দূৰত থকা আব্দুল কালাম দ্বীপপুঞ্জৰ সমীপত বংগোপসাগৰৰ বুকুত ভাৰতে পৰীক্ষামূলকভাৱে ‘ফ্লাইট ভেহকেল’ সংস্থাপন কৰাৰ কথা৷ মন কৰিবলগীয়া যে সামৰিক দৃষ্টিকোণৰ পৰা আব্দুল কালাম দ্বীপপুঞ্জ ভাৰতৰ বাবে এটা গুৰুত্বপূর্ণ ষ্ট্রেটেজিক পইণ্ট৷ তেজপুৰৰ লগতে এই ষ্ট্রেটেজিক পইণ্টকো ম্যানমাৰৰ আকাশেৰে চীনে এতিয়া আক্রমণৰ লক্ষ্য কৰি ল’ব পাৰে৷ অ’পেন–ছ’ছ–ইণ্টেলিজেন্সৰ জৰিয়তে এই আশংকাই ব্যক্ত কৰা হৈছে৷

You might also like