নিয়মীয়া বার্তা, ২১ আগষ্টঃ ম’বাইল ফোনত প্রেৰণ কৰা তিনিটা শব্দৰ মাত্র এটা মেছেজ৷ তালাক, তালাক, তালাক৷ ইয়াৰ পিছতে সদ্যোজাত সন্তানসহ পত্নীৰে বিচ্ছেদ৷ এনে এক অব্যৱস্থাৰ বলি হৈছে বিশ্বনাথৰ এগৰাকী মহিলা৷ তাৎপর্যপূর্ণ যে দেশজুৰি নিষিদ্ধ হৈ আছে তিনি তালাক৷ আনকি ইছলাম ধর্মাৱলম্বী মহিলাক তিনি তালাকৰ পৰা সুৰক্ষা
দিবলৈ কেন্দ্রীয় চৰকাৰে নিষিদ্ধ কৰিছে তাৎক্ষণিক তিনি তালাক৷ কিন্তু নিষিদ্ধ কৰাৰ পিছতো অব্যাহত আছে এই জঘন্য বিবাহ বিচ্ছেদ পদ্ধতি৷ শেহতীয়াকৈ বিশ্বনাথৰ অন্তর্গত আদাভেটী গাঁৱৰ এজন যুৱকে পত্নীক আইন অমান্য কৰি তিনি তালাক দিয়াৰ পিছতে আইনৰ কাষ চাপিছে মহিলাগৰাকী৷
আদাভেটীৰ আজিজুৰ ৰহমান নামৰ যুৱকজনে গোৱালতলী গাঁৱৰ বেগম উপাধিৰ যুৱতীগৰাকীৰ লগত ডেৰ বছৰ পূর্বে নিকাহত বহিছিল৷ নিকাহৰ পিছৰে পৰা পত্নীৰ ওপৰত চলিছিল অকথ্য নির্যাতন৷ উপায়ান্তৰ হৈ পৰিয়ালৰ লোকে আৰক্ষীৰ সহায়ত ঘৰলৈ আনিবলৈ বাধ্য হয় বেগমক৷
উভতিবৰ পৰত চাৰিমাহ অন্তঃসত্ত্বা পত্নীৰ খবৰো নাৰাখিলে আজিজুৰে৷ দুয়োৰে জীৱনলৈ এটি পুত্র সন্তান আহিল যদিও সন্তানৰ মুখ চাবলৈ নাৰাজ আজিজুৰ৷ তাৰ পৰিৱর্তে আশ্চর্যজনকভাৱে ম’বাইল ফোনত তালাক, তালাক, তালাক বুলি মেছেজ লিখি সম্পর্ক ছেদ কৰাৰ কথাহে পত্নীক জনালে আজিজুৰে৷ অৱশেষত উপায়ান্তৰ হৈ চকুৰ পানীৰে বাট নেদেখা অসহায়া বেগমে নৱজাতক শিশুটিক কোলাত লৈ ন্যায় বিচাৰি ঘূৰি ফুৰিছে৷
উল্লেখ্য যে আজিজুৰ ৰহমান হৈছে স্বাস্থ্য বিভাগৰ ১০৮ সেৱাৰ কর্মচাৰী আৰু বিশ্বনাথ চাৰিআলিত কর্মৰত হৈ আছে৷ আনহাতে দেশৰ আইন অমান্য কৰি ম’বাইল ফোনত মেছেজ লিখি তালাক দিয়া আজিজুৰৰ বিৰুদ্ধে পত্নীয়ে বিশ্বনাথ চাৰিআলি থানাত এজাহাৰ দাখিল কৰিছে৷
ইতিমধ্যে এই ঘটনাই প্রমাণ কৰিছে যে মুছলিম অধ্যুষিত এলেকাত এতিয়াও মহিলাক সুৰক্ষা দিবলৈ প্রণয়ন কৰা আইন কেৱল চৰকাৰী ফাইলতে আবদ্ধ৷ আজিও পূর্বৰ দৰেই দেশত চলি আছে তিনি তালাকৰ দৰে মানৱতাবিৰোধী পৰম্পৰা৷