নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতিলৈ ‘শিল্পী’…এইবাৰ কংগ্ৰেছলৈ গায়ক বাবু

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ৰাজনীতিলৈ যোৱাৰ ঢল উঠিছে অসমৰ একাংশ গায়ক-গায়িকা অভিনেত্ৰীকে ধৰি একাংশ সাংস্কৃতিক কৰ্মীৰ। অভিনেতা যতীন বৰাই বিজেপিত যোগদান কৰাৰ পাছত ‘কা’ আন্দোলনত সন্মুখৰ পৰা নামানো বুলি কৈ বিদ্যাসাগৰো ঢাপলি মেলিলে বিজেপিলৈ। অভিনেত্ৰী আশা বৰদলৈও বিজেপিত যোগদান কৰিলে। মুঠতে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে অসমৰ কলা-কুশলী যাক আমি শিল্পী বুলি কওঁ।

এইবাৰ কংগ্ৰেছত যোগদান কৰিব গায়ক বাবুয়ে। তেওঁ কয় যে যিহেতু মই ‘কা’ বিৰোধিতা কৰিছিলো। মই আজিও নিজৰ স্থিতিত অটল হৈ আছো। কংগ্ৰেছ দলৰ পৰা মোক যোগাযোগ কৰিছে। তেওঁলোকে মোক বিচাৰিছে গতিকে ২৫ আগষ্টৰ ভিতৰত কংগ্ৰেছত যোগ দিম। নিৰ্বাচনৰ টিকট সন্দৰ্ভতো তেওঁ কয় যে দলে যদি মোক টিকট দিয়ে তেন্তে মই পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিম। লগতে অনুপম শইকীয়া আৰু অজয় ফুকনৰ লগতে কেইবাগৰাকী অভিনেত্ৰীয়েও শীঘ্ৰে কংগ্ৰেছত যোগ দিব বুলিও মন্তব্য কৰে বাবুয়ে।

You might also like