নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ১৩ মাহত ৮ সন্তানৰ জন্ম দিছে এগৰাকী মহিলাই ! তেওঁৰ বয়স ৬৫ বছৰ। এই আশ্চর্যজনক ঘটনা ঘটিল বিহাৰত (Bihar)। আৰু প্রতিবাৰেই সন্তান জন্ম দিয়াৰ পাছত পাইছে চৰকাৰী সাহায্য। এই ঘটনাৰ তদন্ত চলাই কেঁচু খান্দোতেই ওলাল সাপ। আঠ সন্তান দূৰৈৰে কথা, বিগত ২০ বছৰে এটা সন্তানো জন্ম দিয়া নাই মহিলাগৰাকীয়ে।
ইপিনে প্রসূতি আৰু সদ্যোজাতৰ চোৱাচিতাৰ বাবদ প্ৰতিবাৰেই মহিলাগৰাকীয়ে লাভ কৰিছে চৰকাৰী সাহায্য। আৰু সেই অর্থ আত্মসাতৰ বাবেই এই ষড়যন্ত্র কৰা হৈছিল। বিষয়টো পোহৰলৈ অহাৰ লগে লগেই আচম্বিত হৈ পৰিছে প্রশাসন। বিহাৰৰ স্বাস্থ্যমন্ত্রী মংগল পাণ্ডেই জনাইছে, NRHM কেলেংকাৰিৰ তদন্তৰ বাবে চাৰিজনীয়া সদস্যৰ এখন কমিটি গঠন কৰা হৈছে। লগতে দোষীয়ে উচিত শাস্তি পোৱাটো স্পষ্ট কৰে মন্ত্ৰীগৰাকীয়ে ।
ৰাষ্ট্রীয় গ্রাম্য স্বাস্থ্য যোজনাৰ আওতাত ৬৫ বছৰীয়া শান্তি দেৱী নামৰ বৃদ্ধাগৰাকীক ১৩ মাহৰ অন্তৰত আঠবাৰকৈ গর্ভৱতী দেখুওৱা হৈছে। প্রতিটো ডেলিভাৰিৰ পাছত চৰকাৰৰ ফালৰ পৰা পোৱা ১,৪০০ টকা উলিওৱা হৈছে। কিন্তু, শান্তি দেৱীয়ে নিজেই সেই টকাৰ এক অনাও নাই পোৱা।
উল্লেখ্য যে এই ঘটনা কেৱল শান্তি দেৱীৰ ক্ষেত্ৰতে হোৱা নাই, বিহাৰৰ আৰু বহুজনৰ সৈতে অনুৰূপ ঘটনাই সংঘটিত হৈছে।
লগতে পঢ়কঃ বিশ্বনাথত ম’বাইল ফোনেৰে তালাক দিলে পত্নীক