নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰৰ পইতাচোৰা… ঘৰুৱা উপায়েৰে কৰক শেষ

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ পইতাচোৰা… প্ৰাণীবিধৰে বহুতৰে সাক্ষাৎ হোৱাৰ অভিজ্ঞতা আছে। মহিলাৰ বাবে ই যেন যমদূত। গাত পৰিলেই চিৎকাৰ কৰি উঠাৰ অভিজ্ঞতা আছে প্ৰায়ভাগ মহিলাৰে। কিন্তু সমস্যা হয় তেতিয়া যেতিয়া প্ৰতিদিনে এনে অভিজ্ঞতা লাভৰ দুৰ্ভাগ্য উপস্থিত হয়।

এনে অৱস্থাত ঘৰত প্ৰাণীবিধৰ অবাধ চলাচল বন্ধ কৰিবলৈ বজাৰত পোৱা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব পৰা যায় যদিও সেয়া মানৱ স্বাস্থ্যৰ বাবেও ক্ষতিকৰ হয়। শিশুৰ বাবেতো আৰু ক্ষতিকৰ। এনে ক্ষেত্ৰত ঘৰুৱাভাৱে শেষ কৰিব পাৰে পইতাচোৰাৰ উপদ্ৰৱ।

কি কৰিব?

চেনি আৰু বেকিং চ’ডাঃ বেকিং চ’ডাৰ গোন্ধ পইতাচোৰাই সহ্য কৰিব নোৱাৰে। আনহাতে চেনি ইয়াৰ বৰ প্ৰিয়। গতিকে চেনি গুৰি কৰি সমপৰিমাণৰ বেকিং চ’ডাৰ লগত মিহলি কৰি ঘৰৰ কোণবোৰত থৈ দিয়ক। প্ৰিয় চেনি খাবলৈ আহি বেকিং চ’ডাও খাই পইতাচোৰাৰ সংখ্যা কমি যাব।

বোৰিক পাউদাৰঃ এচামুচ বোৰিক পাউদাৰ, ২ চামুচ ময়দা আৰু এচামুচ কোকো পাউদাৰ একলগ  কৰি ঘৰৰ ভিন্ন ঠাইত থৈ দিয়ক। এনেদৰেও পইতাচোৰাৰ সংখ্যা কমি যাব।

তেজপাতঃ আগৰ দুয়োটা উপায়তকৈ পইতাচোৰাৰ উপদ্ৰৱৰ পৰা বচাৰ সহজ উপায় হ’ল তেজপাতৰ ব্যৱহাৰ। তেজপাতৰ গোন্ধ সহ্য কৰিব নোৱাৰে পইতাচোৰাই। গুৰি কৰি ঘনকৈ ঘৰৰ কোণবোৰত ছটিয়াই দিলেও আঁতৰি যাবলৈ বাধ্য হ’ব পইতাচোৰা।

You might also like