নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও শোধনাগাৰৰ আৱাসিক চৌহদৰ পৰা যুৱক সন্ধানহীন

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বঙাইগাঁও শোধনাগাৰৰ আৱাসিক চৌহদৰ পৰা এজন যুৱক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। শোধনাগাৰৰ কৰ্মচাৰী তথা বিজিআৰ উপনগৰীৰ বাসিন্দা কেশৱ ৰাজ শৰ্মাৰ পুত্ৰ ৰাহুল শৰ্মা(২১) যোৱা ১৯আগষ্টৰ বিয়লি ৪:৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে।

সেইদিনা পুৱা প্ৰায় ৯ বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা পৰিয়ালে ৰাহুলৰ কোনো সন্ধান পোৱা নাই। পিছদিনা অৰ্থাৎ ২০ আগষ্টত যুৱকজনৰ চাইকেলখন নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ টিকট কাউণ্টাৰৰ ওচৰতে পৰিত্যক্ত অৱস্থাত পৰিয়াল লোকে উদ্ধাৰ কৰে।

পৰিয়াল লোকে বিষয়টো জি আৰ পিক অবগত কৰাৰ লগতে বিভিন্ন ঠাইত বিচৰাৰ পাছতো যুৱক জনৰ কোনো সসন্ধান নোপোৱাত অৱশেষত ২০ আগষ্টত ঢালিগাঁও থানাত এজাহাৰ দাখিল কৰে। ঢালিগাঁও থানাই সন্ধানহীন যুৱক জনক উদ্ধাৰ কৰাৰ বাবে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।।

You might also like