নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত দেশৰ ঘৰুৱা ক্রিকেট ছিজন; পৰিস্থিতি স্বাভাৱিক হোৱালৈ অপেক্ষা ব’ৰ্ডৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ অব্যাহত থকাত অনিশ্চিত হৈ পৰিছে এইবাৰৰ ঘৰুৱা ক্রিকেট ছিজন৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ তত্ত্বাৱধানত সাধাৰণতে আগষ্ট, ছেপ্ঢেম্বৰৰ পৰা দেশৰ ঘৰুৱা ক্রিকেট ছিজন আৰম্ভ হয় যদিও এইপর্যন্ত আগন্তুক ছিজনৰ সূচী প্রস্তুত কৰিব পৰা নাই ব’র্ডে৷ বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে   দেশৰ ক্রিকেট সন্থাসমূহলৈ প্রেৰণ কৰা এখন পত্রত এই কথা স্পষ্ট হৈছে যে চলিত বর্ষৰ ঘৰুৱা ক্রিকেট ছিজনক লৈ এতিয়াও গভীৰ অনিশ্চয়তা বিৰাজ কৰিছে৷

‘বি চি চি আয়ে ঘৰুৱা ক্রিকেট ছিজন নিশ্চিত কৰিবলৈ সকলোধৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ পৰিৱেশ–পৰিস্থিতিয়ে যেতিয়াই আমাক অনুমতি দিয়ে, তেতিয়াই আমি প্রতিযোগিতাসমূহৰ সূচী ঘোষণা কৰিম৷ ঘৰুৱা ক্রিকেটৰ সৈতে জড়িত হৈ থকা খেলুৱৈ আৰু অন্যান্য বিষয়ববীয়াসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাটো বি চি চি আইৰ প্রধান কর্তব্য৷ আমি সকলো দিশ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি আছোঁ৷ ঘৰুৱা ক্রিকেট আৰম্ভ কৰা সন্দর্ভত ভৱিষ্যতৰ কার্যপন্থা সদৰী কৰিব পৰাকৈ আমি এতিয়াও সাজু হোৱা নাই৷’ গাংগুলীয়ে এইদৰে কয়৷

অনাগত কেইটামান মাহৰ ভিতৰত ক’ভিড–১৯ৰ পৰিৱেশ স্বাভাৱিক হ’ব বুলি আশা ব্যক্ত কৰি ব’ডৰ মুৰব্বীগৰাকীয়ে কয় যে দেশৰ যুৱ ক্রিকেটাৰসকলৰ ভৱিষ্যতৰ সৈতে জড়িত ঘৰুৱা ক্রিকেট প্রতিযোগিতাসমূহ নিৰাপদ পৰিস্থিতিতহে আৰম্ভ কৰা হ’ব৷ উল্লেখ্য যে ব’ডৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই কিছুদিন পূর্বে ঘোষণা কৰা অনুসৰি নৱেম্বৰৰ তৃতীয়টো সপ্তাহৰ পৰা চৈয়দ মুস্তাক আলী টি–২০ প্রতিযোগিতাৰে এইবাৰৰ ঘৰুৱা ক্রিকেট ছিজন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ আগন্তুক ঘৰুৱা ছিজনত চৈয়দ মুস্তাক আলী টি–২০, ৰঞ্জি ট্রফী আৰু বিজয় হাজাৰে এদিনীয়া ট্রফীহে অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিছিল৷

You might also like