নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত ৰিপুণ বৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ স্বয়ং কংগ্রেছ কর্মীৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ধনৰ বিনিময়ত প্রার্থিত্ব প্রদানৰ গুৰুতৰ অভিযোগ তুলি দৰঙৰ এজন কংগ্রেছ কর্মীয়ে দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে জামিনবিহীন ধাৰা গোচৰ ৰুজু কৰিছে৷ ৰিপুণ বৰাৰ লগতে একে ধাৰাত গোচৰ দিয়া হৈছে দৰং জিলা কংগ্রেছ কমিটীৰ সভানেত্রী ৱাহিদা আহমেদৰ বিৰুদ্ধেও৷ বুঢ়া আৰক্ষী চকীত এই সন্দর্ভত প্রমাণসহ এজাহাৰ দাখিল কৰে কংগ্রেছ কর্মী গণেশ বৰাই৷ প্রমাণ হিচাপে তেওঁ দাখিল কৰিছে ধন লেনদেনৰ কথোপকথন ৰেকর্ডিং কৰা তিনিটা অডিঅ’ ক্লিপ৷

ইতিপূর্বে ধনৰ বিনিময়ত প্রার্থিত্বৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে ভাইৰেল হৈ পৰা অডি’ ক্লিপিঙে দৰঙত চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ইয়াৰে তিনিটা ক্লিপিং এজাহাৰৰ সৈতে দাখিল কৰা হৈছে৷ ইতিমধ্যে ধনৰ লেনদেনত জড়িত ইব্রাহিম তালুকদাৰ নামৰ কংগ্রেছীজনে ধনৰ বিনিময়ত প্রার্থিত্বৰ অভিযোগৰ কথা স্বীকাৰ কৰিছে৷ এজাহাৰত অভিযোগ কৰা অনুসৰি, বিগত পঞ্চায়ত নির্বাচনত দলীয় টিকট প্রদান সম্পর্কত আলোচনা কৰিবলৈ পূব মঙলদৈ ব্লক কংগ্রেছৰ প্রাক্তন সভাপতি ইব্রাহিম তালুকদাৰক মাতি নি ধনৰ বিনিময়ত টিকট দিব বুলি জিলা সভানেত্রীয়ে প্রকাশ কৰিছিল আৰু টিকট প্রদানৰ পূর্বে ধন সংগ্রহ কৰিবলৈ নির্দেশ দিছিল৷

বৰাই সমগ্র লেনদেনৰ লগত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু বৰাৰ ঘনিষ্ঠ ৱাহিদা আহমেদ জড়িত থকা বুলি দাবী কৰে আৰু দুয়োৰে এনে আইনবিৰোধী কার্যকলাপক লৈ উচিত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰে৷ গণেশ বৰাৰ এজাহাৰৰ ভিত্তিত বুঢ়া আৰক্ষী চকীয়ে ছিপাঝাৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪০৬/১৭১ ই/৩৮৪/৫১১/৩৪ ধাৰাত ৫৮৯/২০নং গোচৰ ৰুজু কৰিছে৷ ইপিনে সমগ্র অডি’ ক্লিপত আলোচনা কৰি থকা কণ্ঠ নিজৰ বুলি পূব মঙলদৈৰ ইব্রাহিম তালুকদাৰে স্বীকাৰ কৰিছে৷

You might also like