নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ ঘনিষ্ঠ বন্ধু পিঠানীক জেৰাঃ চিকিৎসককো সোধা–পোছা

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষিপ্র কৰি তুলিছে চিবিআয়ে৷ শুকুৰবাৰে মুম্বাই আৰক্ষীৰ পৰা কেছ ডায়েৰী, তিনিটা ম’বাইল ফোন, লেপটপকে ধৰি বিভিন্ন তথ্য চমজি লোৱাৰ পিছত শনিবাৰে চিবিআইৰ দলে অভিনেতা সুশান্ত সিঙৰ বান্দ্রাস্থিত বাসগৃহত উপস্থিত হয়৷ যোৱা ১৪ জুনত এই বান্দ্রাস্থিত বাসগৃহটোত অভিনেতা সুশান্তৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাটোক কালি চিবিআয়ে পুনৰ নির্মাণ কৰে৷ অভিনেতাগৰাকীৰ ৰান্ধনী নিৰজ আৰু ঘনিষ্ঠ বন্ধু সিদ্ধার্থ পিঠানীক লগত লৈ বান্দ্রাস্থিত বাসগৃহত চিবিআয়ে ঘটনাটোৰ পুনৰ নির্মাণ কৰাৰ পূর্বে মৰণোত্তৰ পৰীক্ষা কৰা কুপাৰ হাস্পতাললৈ গৈ মৰণোত্তৰ পৰীক্ষাত জড়িত চিকিৎসকক সোধা–পোছা কৰে৷ অভিনেতা সুশান্তৰ মৰণোত্তৰ পৰীক্ষা শেষ নিশা কিয় কৰিলে সেই সন্দর্ভত চিকিৎসকে দিয়া ভাষ্যক লৈ সন্তুষ্ট হোৱা নাই চিবিআইৰ দল৷

কিয় শেষ নিশা অভিনেতাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ল, সেই সন্দর্ভত এজন চিকিৎসকক চিবিআইৰ দলে প্রশ্ণ কৰাত চিকিৎসকজনে স্পষ্টভাৱে মুম্বাই আৰক্ষীৰ নির্দেশৰ বাবে সম্পন্ন কৰা বুলি ভাষ্য প্রদান কৰে৷ মৃত অভিনেতাগৰাকীৰ ক’ভিড–১৯ৰ ৰিপ’ট নোহোৱাকৈ মৰণোত্তৰ পৰীক্ষা কিয় কৰিলে, সেই সন্দর্ভত আন এগৰাকী চিকিৎসকক প্রশ্ন সোধাত চিবিআইৰ আগত সেই চিকিৎসকগৰাকীয়ে কয় যে ক’ৰোনাৰ ৰিপ’ট নহালৈকে মৰণোত্তৰ পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা নাই৷ দুগৰাকী চিকিৎসকৰ বিপৰীত ভাষ্যক লৈ চিবিআয়ে এই সন্দর্ভত মৰণোত্তৰ পৰীক্ষাক লৈ সন্দেহজনক প্রশ্ন উদ্ভৱ ঘটিছে আৰু সেই বাবেই কুপাৰ হাস্পতালৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসককেইজনক পুনৰ সোধা–পোছা কৰিব চিবিআয়ে৷

আনপিনে  শুকুৰবাৰে প্রয়াত অভিনেতাজনৰ ৰান্ধনী নিৰজক কেইবাঘণ্টা ধৰি সোধা–পোছা কৰাৰ অন্তত কালি অভিনেতাজনৰ ঘনিষ্ঠ বন্ধু তথা ফ্লেট সহযোগী সিদ্ধার্থ পিঠানীক চিবিআয়ে জেৰা কৰে৷ যোৱা ১৩ আৰু ১৪ জুনক লৈ সিদ্ধার্থ পিঠানীক চিবিআয়ে কেইবাটাও প্রশ্ণৰ উত্তৰ বিচাৰে৷ চিবিআয়ে সিদ্ধার্থ পিঠানীৰ পৰা গ্রহণ কৰা ভাষ্য সন্দর্ভত এতিয়াও সংবাদ মাধ্যমত বিশেষ প্রকাশ পোৱা নাই৷

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে অভিনেতাগৰাকীৰ মৃত্যুক লৈ গ্রহণ কৰা ৫৬জন লোকৰ ভাষ্য চিবিআয়ে পুংখানুপুংখভাৱে পৰীক্ষণ কৰি আছে৷ বিশেষকৈ সুশান্তৰ গার্লফ্রেণ্ড ৰিয়া চক্রৱর্তীৰ ভাতৃ সৌভিক চক্রৱর্তীৰ ভাষ্য পৰীক্ষণ কৰাৰ পিছত যিকোনো মুহূর্তত সৌভিক চক্রৱর্তীক সোধা–পোছাৰ বাবে মাতিব পাৰে বুলি চিবিআইৰ সূত্রত প্রকাশ৷ তদুপৰি অভিনেতাগৰাকীৰ ঘৰুৱা কর্মচাৰী দীপেশকো ইতিমধ্যে সোধা–পোছাৰ বাবে চিবিআয়ে চমন জাৰি কৰিছে৷ এই মৃত্যু গোচৰত মুখ্য সাক্ষী হিচাপে দীপেশ আৰু পিঠানীক চিবিআয়ে লিপিবদ্ধ কৰিছে৷ কিয়নো চিলিঙত ওলমি থকা অৱস্থাৰ পৰা পিঠানীয়ে অভিনেতাগৰাকীৰ দেহ তললৈ নমাই আনিছিল৷ সেই সময়ত ঘৰুৱা কর্মচাৰী দীপেশো জড়িত আছিল৷ তাৎপর্যপূর্ণ যে অভিনেতাগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত শীঘ্রে সম্পূর্ণ কৰাৰ লক্ষৰে চিবিআইৰ ১৫জনীয়া বিশেষ দলটোক বিভক্ত কৰি লৈছে৷ দলটোৱে বিভক্ত হৈ বিভিন্ন কোণেৰে তদন্ত চলাই আছে৷ ইপিনে আজি সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে এখন প্রার্থনা সভাৰ আয়োজন কৰে৷

You might also like