দুবছৰৰ ভিতৰত অন্ত পৰিব ক’ৰোনাৰ ভয়াৱহতা
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: মহামাৰী ক’ভিড–১৯ৰ সংহাৰ কেতিয়া নাইকিয়া হ’ব, তাক লৈ বিশ্ববাসী উদ্বিগ্ণ হৈ থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ড০ টেড্র’ছ আধানম গেব্রেয়েছাছে এক আশাব্যঞ্জক মন্তব্য প্রকাশ কৰিছে৷ বিশ্ব স্বাস্থ্যৰ মুৰব্বীগৰাকীয়ে যোৱানিশা জেনেভাত সাংবাদিকক সম্বোধন কৰি প্রাণঘাতী ক’ভিড–১৯ৰ ভয়াৱহতা দুবছৰৰ ভিতৰত অন্ত পৰিব বুলি কয়৷ মুৰব্বীগৰাকীয়ে কয় যে ১৯১৮ চনত ভয়াৱহ স্পেনিছ ফ্লুৰ সংহাৰ নাইকিয়া হ’বলৈ দুবছৰ লাগিছিল৷ এই স্পেনিছ ফ্লুত ৫০ নিযুত লোকে প্রাণ হেৰুৱাইছিল৷
মহামাৰী ক’ৰোনা ভাইৰাছে এতিয়ালৈকে ৮ লাখ লোকৰ প্রাণ কাঢ়িছে আৰু প্রায় ২.৩ কোটি লোক আক্রান্ত হৈছে৷ স্পেনিছ ফ্লুৰ সময়ত থকা প্রযুক্তিৰ তুলনাত ক’ভিড–১৯ৰ সময়ছোৱাত প্রযুক্তি অতি উন্নত৷ সেয়েহে এই ঘাতক ভাইৰাছটোক অতি কম সময়ৰ ভিতৰতে নির্মূল কৰিবলৈ সক্ষম হ’ব৷ তেওঁ প্রকাশ কৰা মতে, স্পেনিছ ফ্লুতকৈ কম সময়ত নিয়ন্ত্রণ হ’ব ক’ভিড–১৯৷ তেওঁ অৱশ্যে এই কথাও স্পষ্ট কৰি দিয়ে যে বিশ্বৰ দেশসমূহৰ মাজত যোগাযোগ অধিক উন্নত হোৱাৰ পৰিপ্রেক্ষিতত এই মহামাৰী ভাইৰাছটোৰ সংক্রমণ বৃদ্ধি পাই থকাটো বিপজ্জনক৷ পিপিই কিটক লৈ দুর্নীতি হোৱা বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুৰব্বীগৰাকীয়ে কয় যে এনেধৰণৰ দুর্নীতি গ্রহণযোগ্য নহয় আৰু ই অপৰাধ৷ তেওঁ কয় যে পিপিই কিটৰ দুর্নীতি মানে প্রকৃততে হত্যা৷ কাৰণ যদি স্বাস্থ্যকর্মীয়ে পিপিই কিট নোহোৱাকৈ সেৱা আগবঢ়াবলগীয়া হয়, তেতিয়াহ’লে তেওঁলোকৰ জীৱন বিপজ্জনক হ’ব৷ তদুপৰি তেওঁলোকে সেৱা আগবঢ়োৱা লোকৰ জীৱনলৈও শংকা আহিব৷
মহামাৰী ক’ভিড নির্মূল কৰিবলৈ ৰাষ্ট্রীয় ঐক্য আৰু গোলকীয় সহমর্মিতাৰ অতিকে প্রয়োজন বুলিও কয় মুৰব্বীগৰাকীয়ে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকা, কেনিয়া, মেক্সিকো, লেবানন, পোলেণ্ডকে ধৰি বিভিন্ন দেশত পিপিই কিটৰ ক্ষেত্রত দুর্নীতি হোৱা বুলি চর্চা হৈ আছে৷