আন্তঃৰাষ্ট্ৰীয়দেশ বিদেশ এইটো মলমে মাৰিব ক’ৰোনা ভাইৰাছ, উপলব্ধ হ’ল বজাৰত By নিয়মীয়া বাৰ্তা On Aug 23, 2020 Share নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: বেজীলৈ ভয় নেকি ! তেন্তে চিন্তা নাই, ক’ৰোনা প্ৰতিৰোধৰ বাবে এইবাৰ বিশেষ কার্যকৰী মলম তৈয়াৰ কৰিছে বিজ্ঞানীয়ে। বিজ্ঞানীৰ দাবী, এই মলম লগালে ক’ৰোনা সংক্রমণৰ হাৰ হ্ৰাস পাব। ‘আমেৰিকান ইনষ্টিটিউট অৱ মেছাচুছেটছ ইনষ্টিটিউট অৱ টেকন’লজি’ (MIT)-ৰ বিজ্ঞানীসকলে তৈয়াৰ কৰা এই মলমৰ নাম APT™ T3X। এই মলম পৰীক্ষামূলক ভাবে প্রয়োগৰ পাছত ইয়াৰ সাফল্যৰ বাবে বজাৰত মুক্তি দিয়াৰ অনুমোদন দিছে মার্কিন স্বাস্থ্য আৰু খাদ্য সুৰক্ষা সংস্থা FDA। লগতে এই মলম কিনাৰ বাবে কোনো চিকিৎসকৰ প্রেছক্রিপছনৰো প্রয়োজন নহ’ব বুলি জনাইছে FDA এ। APT™ T3X-ৰ গৱেষণাৰ সৈতে জড়িত প্রধান গৱেষক ডঃ ব্রায়ান হুবাৰে জনাইছে, এই পর্যন্ত বিশ্বৰ বেছি সংখ্যক লোকলৈ ক’ৰোনা সংক্রমণ ঘটিছে, মূলত আমাৰ নাকৰ মাধ্যমেৰে। নাকৰ মাধ্যমেৰে ভাইৰাছৰ কণা আমাৰ শৰীৰত প্রবেশ কৰে প্রথমে দিঙি আৰু পাছত হাওঁফাওঁলৈ সংক্রমিত হয়। তেওঁৰ মতে, এই মলমৰ প্রয়োগৰ ফলত নাকৰ মাধ্যমেৰে ভাইৰাছৰ সংক্রমণ ৰোধ কৰাতো সম্ভৱ। নাকৰ উপৰ অংশত এই মলম সানিলে ক’ৰোনা সংক্রমণ বহু পৰিমানে ৰখাব পৰা যায়। Share