বাঘজান কাণ্ডঃ ডীপ ৱাটাৰ হৰাইজন অইল ব্ল’আউটৰ পৰা অইলে শিক্ষা লোৱা উচিৎ ব্ল’আউট প্ৰতিৰোধৰ একমাত্ৰ বিকল্প ‘ৰিলিফ ৱেল’
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ আজি ৮৯ দিনৰ অতিক্ৰম কৰাৰ পাছতো তিনিচুকীয়া জিলাৰ বাঘজান ৫ নং গেছ কূপৰ ব্ল’ আউট প্ৰতিৰোধ কৰিব পৰা হোৱা নাই। বাৰে বাৰে ব্যৰ্থ হৈছে দেশী- বিদেশী বিশেষজ্ঞ দলৰ প্ৰচেষ্টা। বিধ্বস্ত হৈছে জনজীৱন, জৈৱ- বৈচিত্ৰ্যকে ধৰি আৰ্থসামাজিক ব্যৱস্থা। আনকি ক্ষতিৰ সন্মুখিন হৈছে স্বয়ং অইল ইণ্ডিয়া লিমিটেড নামৰ ৰাজহুৱা কোম্পানীটোও।
এই ক্ষেত্ৰত অইল কৰ্তৃপক্ষ কিম্বা বিশেষজ্ঞৰ দলে ২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ডীপ ৱাটাৰ হৰাইজন নামৰ সাগৰীয় তেলখাদটোত সংঘটিত অইল স্পিলৰ ঘটনা আৰু দুৰ্য্যোগৰ পৰিসমাপ্তিৰ পৰা শিক্ষা লোৱা উচিৎ। তেল নিৰ্গমনৰ উক্ত ঘটনাই সেই স্থানৰ পাৰিপাৰ্শ্বিক দিশত পেলোৱা কুপ্ৰভাৱৰ ভয়াবহ ৰূপ আৰু পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও অইলে মনত ৰখা দৰকাৰ। এই প্ৰতিবেদনত সাগৰীয় খাদত বিশ্বৰ সৰ্বাতোকৈ বৃহৎ তেল নিৰ্গমনৰ ঘটনাটোৰ থুলমূলীয়া বিৱৰণ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।
যুক্তৰাষ্ট্ৰৰ দক্ষিণ- পূব হষ্টন চিটীৰ পৰা ৪০০ কিলোমিটাৰ আৰু লোইজিয়ানাৰ পৰা ৬৪ কিলোমিটাৰ নিলগত টাইবাৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত মেক্সিক’ উপসাগৰ (গাল্ফ অব মেক্সিক’)ত স্থাপিত হৈছিল ‘সাগৰীয় চক্ৰবাল’ খাদ (ডীপ ৱাটাৰ হৰাইজন ৱেল)টো। ই সাগৰতলিৰ পৰা প্ৰায় ১০ হাজাৰ ৭ শ মিটাৰ তললৈ খনন কৰা আটাইতকৈ গভীৰ অৰ্ধ ওপঙা সাগৰীয় তেল খাদ। বি পি (ব্ৰিটিছ পেট্ৰ’লিয়াম)ৰ হৈ হোণ্ডাই হেভী ইণ্ডাষ্ট্ৰিজে ৫৬০ নিযুত ইউ এছ ডলাৰ ব্যয় সাপেক্ষে ২০০০ বৰ্ষৰ ২১ মাৰ্চত কাম আৰম্ভ কৰি ২০০১ ত সম্পূৰ্ণ কৰিছিল। দি গাল্ফ অব্ মেক্সিক’ অইল ৱেল নামৰ এই খাদটোত ২০ এপ্ৰিল, ২০১০ তাৰিখে সংঘটিত হৈছিল অইল স্পিল বা ব্ল’আউটৰ ঘটনা। উক্ত বিস্ফোৰণত ১১ জনকৈ ক্ৰিউমেনৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ ১৭ জন লোক আহত হয়। খাদটোত সৃষ্টি হোৱা অগ্নিৰ পোহৰ ৬৪ কিলোমিটাৰ দূৰলৈকে প্ৰত্যক্ষ কৰা হৈছিল। বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হোৱাৰ দুদিনৰ পাছত অৰ্থাৎ ২২ এপ্ৰিলত সাগৰ পৃষ্ঠত তেলৰ বা- মাৰলি সৃষ্টি হৈছিল। উক্ত ঘটনাটো বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ সাগৰীয় তেল নিৰ্গমনৰ ঘটনা আৰু যুক্তৰাষ্ট্ৰৰ পেট্ৰ’লিয়াম উদ্যোগৰ সৰ্বকালৰ পাৰিপাৰ্শ্বিক দুৰ্য্যোগ হিচাপে বিবেচিত হয়। পূৰ্বৰ তুলনাত ৩১ শতাংশ পৰ্যন্ত বৃহৎ দুৰ্ঘটনাটোত হৰাইজন ৰিগটো ডুবি যায়। যুক্ত ৰাষ্ট্ৰৰ তেল আৰু গেছ অন্বেষণৰ ক্ষেত্ৰত মেক্সিক’ উপসাগৰীয় অঞ্চলটো অৰ্থনীতিৰ অনন্য অঞ্চল বুলি জনা যায়। যুক্তৰাষ্ট্ৰৰ ফেডাৰেল চৰকাৰে দুৰ্ঘটনাগ্ৰস্ত খাদটোৰ সৰ্বমুঠ ৪.৯ মিলিয়ন বেৰেল তেল লোকচান হোৱা বুলি ঠাৱৰ কৰিছিল।
উল্লেখ্য যে তেল নিৰ্গমন ৰোধৰ কেইবাটাও বিফল প্ৰচেষ্টাৰ অন্তত ট্ৰেন্স-অ’চিন ডেভেলপমেণ্ট ড্ৰিলাৰ থ্ৰীৰ দ্বাৰা ২ মে’, ২০১০ ত প্ৰথমটো ‘ৰিলিফ ৱেল’ৰ খনন আৰম্ভ কৰাৰ পাছত জি এছ এফ ডেভেলপমেণ্ট ড্ৰিলাৰ টু-এ ১৬ মে’ ২০১০ ত দ্বিতীয়টো ৰিলিফ ৱেলৰ ড্ৰিলিং আৰম্ভ কৰে। ৩ আগষ্ট, ২০১০ ত ড্ৰিলিং হেডত প্ৰতি মিনিটত প্ৰায় ২ বেৰেল ড্ৰিলিং মাডৰ পাম্পিং আৰম্ভ কৰে। ৮ ঘণ্টা নেৰানেপেৰা পাম্পিঙৰ অন্তত খাদটো স্থিৰ অৱস্থালৈ অহা বুলি ঘোষণা কৰা হয়। ৪ আগষ্ট, ২০১০ তাৰিখে ব্ৰিটিছ পেট্ৰ’লিয়ামে ওপৰৰ পৰা চিমেণ্ট পাম্পিং আৰম্ভ কৰি নিৰ্গমনৰ পথ স্থায়ীভাৱে ৰুদ্ধ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ ১০৪ দিনৰ মূৰত সাগৰীয় খাদটো কিল কৰি স্থায়ীভাৱে তেল নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ ভয়াবহতা আৰু আৱৰ্জনা নিষ্কাশনঃ ২০১২ আৰু ১৩ চনত লোছিয়ানাৰ সাগৰ তীৰৰ পৰা প্ৰায় ৯০ লাখ পাউণ্ড তেলীয়া সামগ্ৰী আঁতৰ কৰে। ফ্ল’ৰিডা- পানহেন্দল আৰু টেম্পা পোতাশ্ৰয়ৰ মেকেণ্ডো দিশে পানী- বালিত তেল আৰু আৱৰ্জনা মিশ্ৰিত হৈ পৰাৰ ফলত ব্যাপক হাৰত প্ৰদূষণৰ সৃষ্টি হৈছিল। ২০১৩ বৰ্ষৰ এপ্ৰিল মাহত স্বাভাৱিক হাৰতকৈ প্ৰায় ৬ গুণ কম বয়সৰ ডলফিনসহ অভিলেখ সংখ্যক ডলফিন আৰু অন্যান্য সাগৰীয় প্ৰাণী মৃত্যু মুখত পৰে। ২০১৪ চনৰ এক অধ্যয়ন প্ৰতিবেদনত প্ৰকাশ পাইছিল যে অইল স্পিলৰ ফলত টুনা আৰু এম্বাৰজেক নামৰ সাগৰীয় প্ৰাণীৰ হৃদযন্ত্ৰ আৰু অন্যান্য অঙ্গ বিকলাঙ্গ হৈ পৰিছিল, যিটো মাৰাত্মক আৰু হ্ৰস্ব জীৱনৰ পৰিচায়ক। বিস্ফোৰণ আৰু নিৰ্গমনৰ কাৰণৰ সন্দৰ্ভত অসংখ্যবাৰ তদন্ত চলিল। যুক্তৰাষ্ট্ৰ চৰকাৰে ২০১১ বৰ্ষত প্ৰকাশ কৰা এক প্ৰতিবেদন মতে খাদটোত চিমেণ্টৰ আসোঁৱাহ ধৰা পৰিছিল, যাৰ বাবে বিশেষকৈ বি পিৰ উপৰি খাদ অপাৰেটৰ ট্ৰেন্স-অ’চিন আৰু ঠিকাদাৰ হেলিবাৰ্টনক জগৰীয়া কৰে। ২০১১ ৰ পূৰ্বে হোৱাইট হাউচৰ এক কমিচনে বি পি (ব্ৰিটিছ পেট্ৰ’লিয়াম) আৰু সহযোগীক খৰচী (কষ্ট কাটিং) আৰু অপ্ৰৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ বাবে দোষাৰোপ কৰিছিল। প্ৰতিবেদন অনুসৰি পদ্ধতিগত তৃণমূল ব্যৱস্থাৱলী আৰু ঔদ্যোগিক অনুশীলন আৰু চৰকাৰী নীতিত থকা গুৰুত্বপূৰ্ণ সংস্কাৰৰ অভাৱৰ বাবেই অইল স্পিলৰ ঘটনাটো ঘটিবলৈ পালে। ফলত বি পিক যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ নতুন ঠিকা প্ৰাপ্তিৰ ক্ষেত্ৰত সাময়িকভাৱে নিষিদ্ধ ঘোষণা কৰি চাৰি বছৰৰ বাবে সুৰক্ষা অনুশীলন আৰু নীতিৰ ওপৰত চৰকাৰীভাৱে নজৰ ৰাখিবলৈ পাৰিপাৰ্শ্বিক সুৰক্ষা সংস্থাই নিৰ্দেশনা দিছে।
বি পি আৰু ন্যায়িক বিভাগৰ মাজত জৰিমনা আৰু অন্যান্য পৰিশোধৰ নামত ৪.৫২৫ বিলিয়ন ডলাৰ মোকলাই দিয়াৰ চুক্তি স্বাক্ষৰিত হয়। ২০১৮ বৰ্ষত চাফাই খৰচ, অন্যান্য খৰচ আৰু জৰিমনাৰ নামত কোম্পানীয়ে ৬৫ বিলিয়ন ডলাৰতকৈও অধিক খৰচ কৰিব লগা হয়। ২০১৪ চনৰ ছেপ্টেম্বৰত ইউ এছ ডিষ্ট্ৰিক্ট ক’ৰ্ট জাজে ৰায় দিয়ে যে সামগ্ৰিক অৱহেলা আৰু দায়িত্বহীন পৰিচালনাৰ বাবেই সংঘটিত অইল স্পিলৰ বাবে বি পি ক প্ৰাথমিকভাৱে দোষী। অৱশেষত ২০১৫ বৰ্ষৰ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত সৰ্ববৃহৎ ক’ৰ্প’ৰেট নিষ্পত্তি হিচাপে বি পি -এ ১৮৭ বিলিয়ন ডলাৰ জৰিমনা ভৰিবলৈ মান্তি হয়। ফেডাৰেল জাজে ড’ণাল্ড ট্ৰাম্পৰ প্ৰশাসনক অইল স্পিল ৰেচপন্স প্লেন উন্নীত কৰিবলৈ আৰু বি পি ডীপ ৱাটাৰ হৰাইজন অইল ডিজেষ্টাৰ কালত অত্যধিক পৰিমাণৰ ডিছপাৰ্ছেন্ট মিশ্ৰণত হস্তক্ষেপ কৰিবলৈ নিৰ্দেশ দিয়ে। শেহতীয়াকৈ প্ৰকাশ পোৱা এক নিৰ্দেশত কেলিফৰ্নীয়া ইউ এছ ডিষ্ট্ৰিক্ট কৰ্ট জাজ উইলিয়াম অৰিকে যুক্তৰাষ্ট্ৰত ‘ক্লিন ৱাটাৰ এক্ট’ প্ৰণয়নৰ বাবে পাৰিপাৰ্শ্বিক সংস্থাবিশেষৰ সতে সহমত পোষণ কৰিছে। পৰিৱেশ সুৰক্ষা সংস্থাৰ স্পিল ৰেছপ’ন্স প্লেন শেহতীয়া বিজ্ঞানৰ প্ৰতিফলন হিচাপেও বিবেচিত হৈছে। বিগত তিনি বছৰতকৈ অধিক কালৰ পৰা অব্যাহত ৰখা নতুন গৱেষণা সমূহে এটা দশকৰ পূৰ্বৰ বি পি ডিজেষ্টাৰৰ দীঘলীয়া প্ৰভাৱসহ পৰিৱেশ আৰু মানৱ শৰীৰৰ সমস্যাবিলাক উদঙাই দেখুৱাইছে। আমেৰিকান পেট্ৰ’লিয়াম ইনষ্টিটিউটে ই পি এ ৰ বিপক্ষত থিয় দিয়া বুলি উঠা অভিযোগক অৰিকে অস্বীকাৰ কৰে। ই পি এ তেল উদ্যোগৰ স্বাৰ্থত উপযুক্ত প্ৰতিনিধিত্ব কৰা নাই বুলিও তেওঁ যুক্তি দৰ্খায়। লোইছিয়ানাৰ ডীপৱাটাৰ হৰাইজন আৰু আলাস্কাৰ ১৯৮৯ ৰ এক্সন ভলডেজ অইল ডিজেষ্টাৰত ব্যৱহৃত ডিছপাৰ্চেণ্টে কৰা ক্ষতিৰ বিৰুদ্ধে ইউ চি এনভাইৰণমেণ্টেল ক্লিনিকে কেইবাটাও গ্ৰুপ আৰু ব্যক্তিবিশেষৰ হৈ আইনী যুঁজ দিয়ে। অভিযোগ মতে ডিছপাৰ্ছেণ্টে তেল উৎখাতৰ ক্ষেত্ৰত সহায় কৰাতকৈ সহজে পানীৰে মিশ্ৰণ ঘটাত বিৰূপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰে। বিগত ৪০ বছৰ কালে যুক্তৰাষ্ট্ৰৰ ২৭ টা স্পিলৰ ঘটনাত ডিছপাৰেণ্ট ব্যৱহাৰ হৈ আহিছে। নেচনেল অ’চিনিক এণ্ড এটম’ছফেৰিক এডমিনিষ্ট্ৰেচনৰ মতে গাল্ফ অব্ মেক্সিক’তেই সৰ্বাধিক ডিছপাৰ্চেণ্ট ব্যৱহাৰ হৈছে। এই ৰসায়নিক পদাৰ্থবিধ হেলিকপ্টাৰৰ সহায়ত আকাশ মাৰ্গৰ পৰা ছটিওৱা হয়। ডীপৱাটাৰ হৰাইজন ডিজেষ্টাৰ কালত প্ৰায় এক মিলিয়ন গেলন ডিছপাৰেণ্ট আকাশমাৰ্গৰ পৰা ছটিওৱাৰ উপৰি ৭ লাখ ৭০ হাজাৰ গেলন সাগৰ তলিৰ ধ্বংসপ্ৰাপ্ত ৱেল হেডত নিক্ষেপ কৰা হৈছিল। এন অ’ এ এৰ মতে সেই তেতিয়াৰে পৰা যুক্তৰাষ্ট্ৰৰ পানীত ডিছপাৰ্ছেণ্ট ব্যৱহাৰ কৰা হোৱা নাই। শেহতীয়া অধ্যয়নত সংশ্লিষ্ট অঞ্চলত ডিছপাৰ্ছেণ্টৰ ফলত বিভিন্ন স্বাসজনীত ৰোগ বৃদ্ধি পোৱাৰ প্ৰমাণ পোৱা গৈছে।
কেৱল সিমানেই নহয়, ইয়াৰ ফলত সাগৰীয় প্ৰাণীলৈও নামি আহে দুৰ্য্যোগ। ই পি এ সময়ে সময়ে ক্লিন ৱাটাৰ এক্টৰ পৰ্যালোচনা আৰু আঁচনিৰ উন্নীতকৰণ বিচাৰে যদিও এই সন্দৰ্ভত ১৯৯৪ চনৰ পৰা এজেন্সি নিমাত। গতিকে এই ঘটনাই প্ৰমাণ কৰে যে বাঘজানৰ ব্ল’আউট আৰু অগ্নিকাণ্ড ৰোধ কৰিবলৈ ‘ৰিলিফ ৱেল’ৰ বিকল্প নাই। তদ্ৰুপ দাবী কৰিছে অৱসৰপ্ৰাপ্ত কাৰিকৰী বিশেষজ্ঞ প্ৰদীপ শইকীয়াইও।