নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামা–প্রমোদ এটা মুদ্রাৰ এপিঠি–সিপিঠিঃ নৱ কুমাৰ শৰণীয়া

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ  ‘হাগ্রামা মহিলাৰী আৰু প্রমোদ বডোৰ মাজত নাই কোনো পার্থক্য৷ হাগ্রামা আৰু প্রমোদ বডো এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ সম্প্রতি হাগ্রামা মহিলাৰীৰ পাপৰ ভাগ বিজেপিয়ে নলয়৷ বিজেপিয়ে বি টি চিত প্রমোদ বডোক ক্ষমতালৈ আনাৰ চেষ্টা চলাইছে৷’ –এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ৷ দেওবাৰে বাগানপাৰা পৰিষদীয় সমষ্টিৰ বৰাখাতত অনুষ্ঠিত গণ সুৰক্ষা পার্টীৰ এখন নির্বাচনী সভাত অংশগ্রহণ কৰি সাংসদ শৰণীয়াই এইদৰে কয়৷

আনহাতে, বি টি চি নির্বাচনত গণ সুৰক্ষা পার্টীয়ে ২৮খনতকৈও অধিক আসন লাভ কৰি বি টি চি দখল কৰিব বুলি দাবী কৰি সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে বি টি চি পৰিষদ গণ সুৰক্ষা পার্টীয়ে দখল কৰিব নোৱাৰিলে ইয়াত থকা ৮০ শতাংশ অবডো ৰাইজে নিজৰ গণতান্ত্রিক অধিকাৰ হেৰুৱাব লাগিব৷ বি পি এফ আৰু বিজেপি দলে বি টি চিত প্রলোভনৰ ৰাজনীতি চলাই আহিছে বুলি মন্তব্য কৰি এনে প্রলোভনৰ ৰাজনীতিৰে কোনেও বি টি চিৰ ৰাজনীতিত তিষ্ঠি থাকিব নোৱাৰে৷ প্রতাপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংসদ নৱ কুমাৰ শৰণীয়াই বি টি চিতকৈ বি টি আৰ চুক্তি অধিক ভয়ংকৰ বুলি উল্লেখ কৰি বি টি আৰ চুক্তিত সন্নিৱিষ্ট বিভিন্ন অজনজাতিবিৰোধী দফাৰ ওপৰত বক্তব্য ৰাখে৷

সভাত সাংসদগৰাকীয়ে গণ সুৰক্ষা পার্টীয়ে নিশ্চিতভাৱে বি টি চি পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰে৷ সহস্রাধিক লোক উপস্থিত থকা সভাখনত বাগানপাৰা পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পার্টীৰ প্রার্থী তৃষ্ণা মেধি, অবডো নেতা গদাধৰ ৰাজবংশী, দলটোৰ বাগানপাৰা পৰিষদীয় সমষ্টি সমিতিৰ সভাপতি চাণক্য ভট্ট প্রমুখ্যে ভালেকেইজন নেতা উপস্থিত থাকে৷

You might also like