নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভয়াপুৰী উত্তৰৰ সংখ্যালঘু অঞ্চলত শতাধিক অগপ–কংগ্রেছীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ আগন্তুক বিধানসভা নির্বাচনক কেন্দ্র কৰি ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিতো আৰম্ভ হৈছে ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা৷ সমষ্টিটোত অগপ, কংগ্রেছৰ সমান্তৰালকৈ বিজেপিয়েও আৰম্ভ কৰিছে সাংগঠনিক কাম–কাজ৷ সম্প্রতি সমষ্টিটোৰ সংখ্যালঘু বসতিপূর্ণ অঞ্চলত সভা–সমিতি পাতি ৰাইজক আকর্ষিত কৰিবলৈ চেষ্টা চলাইছে দলটোৱে৷ বিভিন্ন অঞ্চলত সমিতি গঠন কৰি দলটোৱে সংখ্যালঘু অঞ্চলত খোপনি পুতিবলৈ সক্ষম হোৱাও পৰিলক্ষিত হৈছে৷

শেহতীয়াভাৱে সমষ্টিটোৰ ঠায়ে ঠায়ে বিভিন্ন দলৰ অসন্তুষ্ট কর্মী–সমর্থকে দলটোত যোগদান কৰাৰ বাতৰি পোৱা গৈছে৷ কীর্তনপাৰাত অনুষ্ঠিত এখন সভাত অগপ, কংগ্রেছৰ শতাধিক নেতা–কর্মী তথা সমর্থকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ দলটোৰ সৃজনগ্রাম মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত যোগদান কৰা লোকসকলক সম্বর্ধনা জনাই দললৈ আদৰণি জনোৱা হয়৷ আবেলি ৩ বজাত সৃজনগ্রাম মণ্ডল সমিতিৰ সভাপতি যুধিষ্ঠিৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সমিতিৰ সভানেত্রী হিমানী অধিকাৰী, ৰাজ্যিক পৰিষদৰ সদস্য মিলন দাসকে ধৰি কেইবাগৰাকী নেতাই ভাষণ দিয়ে৷

You might also like