গুৱাহাটী পৌৰ নিগমৰ দায়িত্বজ্ঞানহীনতাত ডাষ্টবিনত পৰিণত হৈছে মাছখোৱাৰ লাচিত ঘাট
নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ গুৱাহাটী পৌৰ নিগমৰ দায়িত্বজ্ঞানহীনতাৰ ফলতেই ডাষ্টবিনত পৰিণত হৈছে মহানগৰীৰ একাংশ পর্যটনস্থলী তথা অৱসৰ বিনোদনৰ কেন্দ্র৷ জি এম চি কর্তৃপক্ষৰ অৱহেলাৰ বাবেই এতিয়া মাছখোৱাৰ লাচিত ঘাটত আৱর্জনাৰ দ’ম বান্ধিছে৷ লাচিত ঘাটত জমা হোৱা আৱর্জনাই অঞ্চলটোত এক পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ ব্রহ্মপুত্রৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰিবলৈ লাচিত ঘাটলৈ প্রতিদিনে শ শ লোকৰ আগমন ঘটে৷ কিন্তু ঘাটটোৰ পূতিগন্ধময় পৰিৱেশৰ বাবেই এতিয়া লাচিত ঘাটলৈ অহা লোকসকলে নাকত সোপা দি ব্রহ্মপুত্রৰ সৌন্দর্য উপভোগ কৰিবলগীয়া হৈছে৷ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে একাংশ অসচেতন লোকে জাবৰ–জোঁথৰ পেলাই লাচিত ঘাটৰ সৌন্দর্য ম্লান কৰিছে৷ শীঘ্রে লাচিত ঘাটত থকা আৱর্জনাৰ দ’ম পৰিষ্কাৰ কৰিবলৈ মহানগৰবাসীয়ে পৌৰ নিগম কর্তৃপক্ষক দাবী জনাইছে৷