অত্যধিক মাচুল আদায়েৰে গ্রাহকক মাধমাৰ এপিডিচিএলৰ, মহানগৰবাসীৰ ক্ষোভ
নিয়মীয়া বার্তা, ২৫ আগষ্টঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুতৰ বিলৰ নামত অত্যধিক মাচুল আদায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ প্রক্রিয়া অব্যাহত ৰাখি গ্রাহকক মাধমাৰ শোধাই থকা বিদ্যুৎ বিভাগে মাহেকীয়া মাচুলৰ ক্ষেত্রতো গ্রাহকক জলাকলা খুৱাই আহিছে৷
শেহতীয়াকৈ গুৱাহাটীত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএল কর্তৃপক্ষই বিদ্যুতৰ মাচুল আদায়ৰ নামত গ্রাহকক অত্যধিক বিল দি অবাধ লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷ গুৱাহাটী মহানগৰীত এপিডিচিএল কর্তৃপক্ষৰ অধীনত গুৱাহাটী–১ আৰু গুৱাহাটী–২– দুটা বিদ্যুৎ সংমণ্ডলত বিভক্ত কৰিছে৷
গুৱাহাটী–১ বিদ্যুৎ সংমণ্ডলৰ অধীনত আছে উজানবজাৰ, নাৰেংগী, ৰাজধানী, জু–ৰোড, কালাপাহাৰ, উলুবাৰী, পল্টনবজাৰ, ফটাশিল, বশিষ্ঠ, গড়ভংগা আৰু সোণাপুৰ উপ–সংমণ্ডল৷ কামৰূপ (ম) জিলাত গুৱাহাটী–২ বিদ্যুৎ সংমণ্ডলৰ অধীনত আছে জালুকবাৰী আৰু আজাৰা উপ–সংমণ্ডল৷ এপিডিচিএল কর্তৃপক্ষৰ প্রশাসনিক দুর্বলতা আৰু দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ গুৱাহাটী–১ আৰু গুৱাহাটী–২ৰ অধীনত থকা বিদ্যুৎ বিভাগৰ উপ–সংমণ্ডলকেইটাৰ দায়িত্বত থকা বিষয়াই মাহেকীয়া বিদ্যুৎ মাচুল আদায়ৰ নামত গ্রাহকক হাৰাশাস্তি কৰাৰ লগতে অত্যধিক বিদ্যুৎ মাচুল আদায় কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্রাহকসকলে৷
তদুপৰি এই বিদ্যুৎ উপ–সংমণ্ডলকেইটাৰ্ অধীনৰ গ্রাহকে বিপদৰ সময়ত অভিযোগ দিলেও কোনো গুৰুত্ব প্রদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্রাহকে৷ বিভাগীয় কর্তৃপক্ষৰ গাফিলতিৰ বাবেই ভয়াৱহ বিপদৰ সন্মুখীন হোৱাৰ আশংকা প্রকাশ কৰিছে একাংশ গ্রাহকে৷ শেহতীয়াকৈ লাচিত নগৰৰ এজন গ্রাহকে তেওঁৰ ঘৰত হোৱা বিদ্যুতৰ কাৰিকৰী বিজুতি সন্দর্ভত বিভাগীয় কর্তৃপক্ষক অভিযোগ দাখিল কৰিছিল৷
কিন্তু এসপ্তাহ উকলি যোৱাৰ পিছতো বিদ্যুৎ বিভাগে গ্রাহকজনৰ অভিযোগৰ প্রতি কোনো গুৰুত্ব প্রদান নকৰিলে৷ এপিডিচিএল কর্তৃপক্ষই বিদ্যুতৰ মাচুল আদায়ৰ নামত গ্রাহকক হাৰাশাস্তি আৰু লুণ্ঠন চলোৱা কার্যক গৰিহণা দিছে দেউৰী জাতীয় মঞ্চই৷ দেউৰী জাতীয় মঞ্চৰ প্রচাৰ সচিব এলেন দেউৰীয়ে এক প্রেছ বিবৃতিত উল্লেখ কৰা অনুসৰি, সোণাঘুলি, নিজৰাপাৰ আদি অঞ্চলৰ কেইবাজনো গ্রাহকক জুলাই মাহত পূর্বৰ তুলনাত ৮–৯ গুণ অত্যধিক মাচুলৰ বিল দিছে৷
সোণাইঘুলি নিজৰাপাৰৰ বাসিন্দা ৰঞ্জিত কুমাৰ পেগুলৈ বিদ্যুৎ বিভাগে জুলাই মাহত ৪,১৬৯ টকাৰ বিল দিছে৷ কিন্তু এইজন গ্রাহকে পূর্বতে প্রতিমাহে ৫০০–৬০০ টকাৰ ভিতৰত বিদ্যুতৰ বিল পৰিশোধ কৰি আহিছিল৷ বিদ্যুতৰ অত্যধিক বিল আদায় দিয়া সন্দর্ভত বিভাগীয় কর্তৃপক্ষক অভিযোগ দিয়াৰ পিছত এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷