‘নিজ শক্তি’ৰে চৰকাৰ গঠনৰ লক্ষ্য বিজেপিৰ
কেন্দ্রীয় সাংগঠনিক সাধাৰণ সম্পাদক সন্তোষৰ উপস্থিতিত প্রথমখন নির্বাচনী বৈঠকত সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ২০২১ চনত পুনৰ ক্ষমতালৈ অহাৰ ব্যাপক ৰণনীতিৰে সাজু হৈছে বিজেপি৷ সমাগত বিধানসভা নির্বাচনৰ মহাৰণত দলৰ সমস্ত শক্তি লৈ আগতীয়াকৈ অভিযানত নামিবলৈ সাজু হোৱা শাসকীয় দলটোৰ এইবাৰ লক্ষ্য নিজাকৈ একক সংখ্যাগৰিষ্ঠতাৰে শক্তিশালী হোৱাৰ৷ এই উদ্দেশ্যে পহিলা ছেপ্টেম্বৰৰ পৰাই গেৰুৱা দলটোৱে আৰম্ভ কৰিব নির্বাচনী অভিযান৷ মুখ্যতঃ ইয়াৰ বাবে বুধবাৰে দলটোৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপস্থিতি গ্রহণ কৰা হৈছে এলানি ৰণকৌশল৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত আয়োজিত এক বৈঠকত শাসকীয় দলটোৱে কি ৰণনীতিৰে বিৰোধী শক্তিক ধৰাশায়ী কৰিব, সেই সন্দর্ভত এক দীঘলীয়া আলোচনাত মিলিত হয় দলটোৰ ৰাজ্যিক নীতি নির্ধাৰকসকল৷ যি সময়ত বিৰোধী কংগ্রেছ আৰু এআইইউডিএফ দলৰ মিত্রতা অনিশ্চয়তাৰ মাজত ওলমি আছে তথা কেইবাটাও আঞ্চলিক দল গঠনৰ কুচকাৱাজ অব্যাহত অছে, তেনে সময়তে বিজেপিৰ ৩.২০ লাখ পৃষ্ঠাপ্রমুখ সহিতে ৪২ লাখ সদস্যক লৈ শাসকীয় দলটোৱে আনুষ্ঠানিকভাৱে নির্বাচন অভিযান আৰম্ভ কৰাৰ বাবে সাজু হৈছে৷ বি এল সন্তোষৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত উপস্থিত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, দলৰ ৰাষ্ট্রীয় সম্পাদক ৰমেন ডেকা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, প্রাক্তন সাংসদ বিজয়া চক্রৱর্তী, উত্তৰ–পূবৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল, মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, ভৱেশ কলিতা, সাংসদ ৰাজদীপ ৰয়ৰ সৈতে নির্বাচনী বিভিন্ন দিশৰ লগতে সাংগঠনিক ৰণকৌশল সম্পর্কে বিস্তৃত আলোচনাত মিলিত হয় ৰাষ্ট্রীয় নেতাজন৷
উল্লেখ্য যে আগন্তুক নির্বাচনত বিজেপিৰ লক্ষ্য ১০০ প্লাছ আসন দখল৷ এই লক্ষ্যৰে ইতিমধ্যে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰা শাসকীয় দলটোৱে এইবাৰ মুখ্যতঃ দলৰ সাংগঠনিক ভেটি ক্রমাৎ সবল হোৱা কেইবাটাও সমষ্টিক বিশেষ লক্ষ্য কৰি লৈছে৷ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত ইতিমধ্যে দলৰ ৰণকৌশলৰ বিভিন্ন দিশ অৱগত কৰিছে৷ এই বৈঠকখনত এই বিষয়সমূহকে গুৰুত্ব প্রদান কৰি বি এল সন্তোষে আগন্তুক নির্বাচনত দলক একক শক্তিৰে সংখ্যাগৰিষ্ঠতা দখলৰ বাবে প্রধান লক্ষ্য কৰি ল’বলৈ পৰামর্শ দিয়ে৷ সেয়াই নহয়, ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে বৈঠকত ইয়াকো স্পষ্ট কৰি দিয়ে যে মিত্রজোঁটৰ চৰকাৰ হ’লেও বিজেপিয়ে অধিকসংখ্যক আসন দখলৰ লক্ষ্য বান্ধি ল’ব লাগিব৷ কার্যতঃ ইয়াৰ দ্বাৰা ৰাষ্ট্রীয় সম্পাদকজনে বিজেপিয়ে নিশ্চিতভাৱে জয়ী হোৱা আসনৰ সংখ্যা একক সংখ্যাগৰিষ্ঠতাৰ অধিক কৰাৰ পিছতহে মিত্রদলক আসন এৰি দিয়াৰ ইংগিত প্রদান কৰে৷ বৈঠক সন্দর্ভত এক দলীয় সূত্রই প্রকাশ কৰা মতে, ২০২১ চনত গঠন হ’বলগীয়া চৰকাৰত বিজেপিৰ স্থিতি শক্তিশালী হ’ব লাগিব– সেই লক্ষ্যৰে অভিযান চলোৱাৰ নির্দেশ দিছে ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে৷ অর্থাৎ আগন্তুক নির্বাচনত আসন ভাগ–বাটোৱাৰা কেনে হ’ব সেয়া বুধবাৰে বৈঠকত আলোচনা হোৱা নাই৷ মিত্রদলক বিজেপিয়ে কিমান আসন এৰি দিব অথবা মিত্রদলৰ কোন সমষ্টিত বিজেপিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব, এই বিষয়সমূহ বিস্তৃতভাৱে আলোচনাৰ পৰা আঁতৰাই ৰাখি ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে মুখ্যতঃ দলে কিমান সমষ্টিত জয় নিশ্চিত কৰিব পাৰিব সেই দিশটোৰ ওপৰতহে সর্বাধিক গুৰুত্ব আৰোপ কৰে আৰু সাংগঠনিক কাম–কাজ আৰম্ভ কৰাৰ পৰামর্শ দিয়ে৷ মন কৰিবলগীয়া যে আগন্তুক নির্বাচনক লক্ষ্য কৰিয়েই বিজেপিয়ে অহা ১ ছেপ্ঢেম্বৰৰ পৰাই সক্রিয়ভাৱে ৰণক্ষেত্রত নামিবলৈ ইতিমধ্যে সাজু হৈছে দলৰ ৩.২০ লাখ পৃষ্ঠাপ্রমুখক লৈ আৰম্ভ হৈছে দলীয় কাম–কাজ৷ ইতিমধ্যে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এই বুলি উল্লেখ কৰিছে যে দলৰ ৪২ লাখ সদস্যৰ লগত এটাকৈ ভোট যোগ দিলে বিজেপিয়ে ৮৪ লাখ ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷
এই লক্ষ্যৰে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰা শাসকীয় দলটোৱে ক’ৰোনাকেন্দ্রিক পৰিস্থিতিৰ বাবে অহা ১ ছেপ্টেম্বৰত মাইক্র’লেভেলত নির্বাচনী সভা তথা প্রচাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে৷ বুধবাৰে গুৰুত্বপূর্ণ বৈঠকত এই দিশটোৰ ওপৰতো বিশদ আলোচনাৰ অন্তত প্রতিগৰাকী পৃষ্ঠাপ্রমুখৰ দায়িত্বত থকা ৬০জন ভোটাৰক লৈ সৰু সৰু সভা অনুষ্ঠিত কৰি যোৱাৰ এক সিদ্ধান্ত গ্রহণ কৰা হয়৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি পৃষ্ঠাপ্রমুখসমূহৰ লগতে ইতিমধ্যে গঠন হোৱা ৬ হাজাৰৰো অধিক শক্তিকেন্দ্রৰ জৰিয়তেও ভোটাৰৰ ওচৰ চাপিব শাসকীয় দলটো৷ বি এল সন্তোষে আজিৰ বৈঠকত ৩১ আগষ্টৰ ভিতৰত ৫০ লাখ পৰিয়ালৰ সৈতে দলৰ সম্পর্ক স্থাপনত অধিক গুৰুত্ব প্রদান কৰে৷ সেই অনুসৰি ৫জনীয়া কার্যকর্তাৰ একোটা দল গঠন কৰি ভোটাৰ পৰিয়ালৰ ওচৰলৈ যাবলৈ আজিৰ বৈঠকত নির্দেশ দিয়ে ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদকজনে৷ ইফালে পুৱাৰ এই বৈঠকৰ পিছতে আজি ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে বিয়লিৰ ভাগত হেঙেৰাবাৰীস্থিত দলৰ কার্যালয়ত মুখপাত্র, মিডিয়া পেনেলিষ্ট আৰু সংবাদ কোষৰ সদস্যসকলৰ সৈতে আন এখন বৈঠকত বহে৷ এই বৈঠকতে সন্তোষে সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিভিন্ন পৰমর্শ আগবঢ়ায়৷ আনহাতে কাইলৈ দলৰ প্রতিটো মর্চা আৰু বিভাগৰ দায়িত্বত থকা বিষয়ববীয়াসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত পৃথকে পৃথকে অংশগ্রহণ কৰিব৷