নিয়মীয়া বার্তা, ৩০ আগষ্টঃ দেশৰ বিশ্ববিদ্যালয়সমূহে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত স্নাতকোত্তৰ শ্রেণীৰ চূডান্ত তথা চতুর্থ ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগক নির্দেশনা জাৰি কৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই স্নাতকোত্তৰ শ্রেণীৰ চূড়ান্ত আৰু চতুর্থ ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ এই তৎপৰতাৰ অংশ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহৰ সচিব আৰু আৱাসসমূহৰ মুখ্য ৱার্ডেনে পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া ছাত্র–ছাত্রীসকলৰ বাবে ছাত্রাৱাস আৰু ছাত্রীনিৱাস সাজু কৰিবলৈ জাননী জাৰি কৰিছে৷ শ্রেণীসমূহৰ সচিব ড০ দিলীপ বৰাই এই সন্দর্ভত জানিবলৈ দিয়া মতে পহিলা ছেপ্টেম্বৰৰ পিছত চতুর্থ ষাণ্মাসিকৰ ছাত্র–ছাত্রীসকলে আৱাসত থাকিব পাৰিব৷ ছাত্রাৱাস আৰু ছাত্রীনিৱাস তথা শ্রেণীকোঠাসমূহ ইতিমধ্যে এন ডি আৰ এফৰ উদ্যোগত ছেনিটাইজ কৰা হৈছে৷ তদুপৰি ক’ভিড আক্রান্ত ছাত্র–ছাত্রীৰ বাবে সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰা হৈছে৷
Prev Post
You might also like