অথাই সাগৰত ২১৪ সংগীত শিক্ষক
নিয়মীয়া বার্তা, ৩০ আগষ্টঃ বিগত ২৫ বছৰ ধৰি বিনা বেতনে কাম কৰি অহা ৰাজ্যখনৰ বিভিন্ন হাইস্কুলৰ ২১৪গৰাকী সংগীত শিক্ষকৰ জীৱনলৈ সম্প্রতি ঘোৰ অমানিশা নামি আহিছে৷ উল্লেখ্য যে ১৯৯২ চনৰ পৰা কাম কৰি অহা সংগীত শিক্ষকসকলক ২০১৩ চনৰ প্রাদেশিকীকৰণ আওতাৰ পৰা ঞ্চিত কৰাৰ পিছত বর্তমানো ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰাত সংগীত শিক্ষকসকলে চৰম হতাশাত ভুগিব লগা হৈছে৷ এই সন্দর্ভত আজি নল্বাৰী জিলা প্রেছ ক্লাবত অসম হাইস্কুল সংগীত শিক্ষক সন্থাৰ সভাপতি নগেন কাকতি আৰু সম্পাদক নুৰ ইছলামে এক সংবাদ মেলত কয় যে ২০১৩ চনত ৰাজ্য চৰকাৰে প্রাদেশিকীকৰণ কৰা প্রায় এহাজাৰ বিদ্যালয়ত কর্মৰত ৫৭৬গৰাকী সংগীত শিক্ষকৰ মাজৰ পৰা ২১৪গৰাকী শিক্ষকক প্রাদেশিকীকৰণৰ বাবে বাছনি কৰিছিল৷ সেই মর্মে বাছনি কৰা ২১৪গৰাকী সংগীত শিক্ষকৰ বিপৰীতে ৰাজ্য চৰকাৰে বিত্ত বিভাগৰ জৰিয়তে াজেটো ধার্য কৰিছিল৷ সংবাদ মেলত প্রকাশ কৰা অনুসৰি ইয়াৰ পিছত াছনিভুক্ত এই শিক্ষকসকলৰ সংগীতৰ শিক্ষাগত অর্হতাক লৈ চৰকাৰ তথা শিক্ষা বিভাগে অজুহাত উলিয়াই প্রাদেশিকীকৰণ প্রক্রিয়া ন্ধ কৰি ৰাখে৷ সংবাদ মেলত অসম হাইস্কুল সংগীত শিক্ষক সন্থাৰ সভাপতি আৰু সম্পাদকে অভিযোগ কৰা মতে ৰাজ্য চৰকাৰে াছনি কৰা প্রতিজন সংগীত শিক্ষকেই বিজ্ঞাপনত বিচৰা ধৰণে অর্হতাসম্পন্ন হয়৷