নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই আমাক ক্ষতি নকৰে, লাভান্বিত কৰিব’

নিয়মীয়া বার্তা, ৩০ আগষ্টঃ কংগ্ৰেছ-AIUDFৰ মিত্ৰতাই আমাক ক্ষতি নকৰে, লাভান্বিত কৰিব। এই মিত্ৰতাৰ দ্বাৰা কংগ্ৰেছৰ স্বৰূপ ওলাই পৰিল। অসমৰ ৰাইজৰ স্বাৰ্থত কোন আছে কোন নাই? এই মিত্ৰতাই আমাক শংকিত কৰিব নোৱাৰে। এয়া অসম বিৰোধী এক স্থিতি। হু ইজ বদৰুদ্দিন বুলি কয় তৰুণ গগৈয়ে ১৫ বছৰ শাসন কৰিলে সাংবাদিকৰ আগত এই মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ।

বিজেপিয়ে ভাষণ দি চৰকাৰ চলোৱা নাই। ৰাইজক দিয়া প্ৰতিশ্ৰুতি আমি পালন কৰি আহিছো। গতিকে অসমৰ ৰাইজ আমাৰ লগত আছে বুলিও মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

You might also like