নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আদি মিচিং বাঃনে কৌবাং (AMBK)ৰ বানপীড়িতৰ মাজত বান সাহাৰ্য্য বিতৰণ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: আদি মিচিং বাঃনে কৌবাঙৰ (AMBK)ৰ উদ্যোগত টি এম পি কে, টি এম এম পি কে আৰু এম এম কে জোনাই জিলা সমিতিৰ সহযোগত শনিবাৰে জোনাইৰ বিভিন্ন অঞ্চলত বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। আদি মিচিং বা:নৌ কৌবাঙৰ সভাপতি ৰাজু মেদক আৰু সাধাৰণ সম্পাদক অকম য়চুঙৰ নেতৃত্বত অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ AMBK জিলা সমিতিৰ সভাপতি তাচিং লৃবাং, AMBK সভানেত্ৰী আপি কাম্ব আৰু ইষ্ট চিয়াং জিলাৰ AMBK জিলা সমিতিৰ সভাপতি বাচু ইৰিঙ সম্পাদক কাতেম দাই আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন আদি মিচিং সমাজৰ সহায় সহযোগিতাত প্ৰায় ৫৫ কুইন্টল চাউল আলু , দালি , নিমখ ৰ লগতে নগদ ডেৰ লাখ টকা বানাক্ৰান্ত ৰাইজক সহাৰ্য্য আগবঢ়োৱাৰ লগতে তিনিটা বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। টি এম পি কে, এম এম কে, টি এম এম কে জনাই জিলা সমিতিৰ সহযোগত খদ্য সামগ্ৰী সমূহ বেৰা চাপৰি, মেম্বাৰ চোক আৰু গালি ঘাটৰ বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত বিতৰণ কৰাৰ ওপৰিও জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ট্ৰিজে হাইস্কুলত শিবিৰ পাতি থকা বানাক্ৰান্ত ৰাইজৰ মাজত নগদ ধনৰ লগতে সহাৰ্য্য সামগ্ৰী বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীত AMBK ৰ উপ-সভাপতি মজিত পাৱ , সম্পাদক দীন নৰহ , অৰুণাচল প্ৰদেশৰ ডি এফ অ বকেন পাৱ , AMBK ইষ্ট চিয়াং জিলাৰ সম্পাদিকা কল্পনা চিতেক, উপদেষ্টা ডঃ গেপেঙ লৃতিন , ৰুকচিন মূৰকং চেলেক AMBK ব্লক সভাপতি তাকিয়াম টায়িং , চিলে ব্লকৰ সভাপতি টামাত টাকৰ‌ উপৰিও টি এম পি কে ৰ কেন্দ্ৰীয় সদস্য তুষাৰ ঙাতে, পংকিল পাতিৰ টি এম এম কেৰ কেন্দ্ৰীয় সদস্যা বিনীতা চাৰহ , জনাই জিলা টি এম পি কে ৰ সম্পাদক বিধান মিলি, শিক্ষা সম্পাদক বিনেশ পাতিৰ, সদস্য নিত্যা পেগু , ঘন নৰহ , এম এম কেৰ সম্পাদক দীন পেগু, টি এম এম কেৰ সম্পাদিকা ডিম্পল কুলি , উপ-সভানেত্ৰী দিপিকা পেগু আদি য়ে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

কৰবী দলে, জোনাই

You might also like