আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’ব বিডেন
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্রত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে বর্তমানৰ ৰাষ্ট্রপতি ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পক পৰাভূত কৰিব৷ ১৯৮৪ চনৰে পৰা ৰাষ্ট্রপতি নির্বাচনত জয়ী প্রার্থীৰ সফল ভৱিষ্যদ্বাণী কৰা আমেৰিকা বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক, লেখক এলান লিছটমেনে এই দাবী কৰিছে৷
ইতিহাসবিদগৰাকীয়ে প্রকাশ কৰা মতে, অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মার্কিন ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’ব জ’ বিডেন৷ তাৎপর্যপূর্ণ যে ২০১৬ চনৰ ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক প্রার্থী হিলাৰী ক্লিণ্টনক পৰাভূত কৰি ৰিপাব্লিকান ড’নাল্ড ট্রাম্পে হোৱাইট হাউছ দখল কৰিব বুলি কৰা ভৱিষ্যদ্বাণী সঁচা প্রমাণিত হৈছিল৷ লক্ষণীয় যে লিছটমেনে এই ভৱিষ্যদ্বাণী ঘোষণা কৰিবলৈ ‘১৩ কিজ’ ব্যৱস্থা ব্যৱহাৰ কৰিছে৷ এনে ক্ষেত্রত চলিত বর্ষৰ নির্বাচনক লৈ ইতিহাসবিদে কৰা ভৱিষ্যদ্বাণী বিশ্বজুৰি চর্চিত হৈছে৷