মহানগৰীত একেদিনাই সর্বাধিক ৯২৪ পজিটিভঃ ৰাজ্যত ৮ আক্রান্তৰ মৃত্যু
গুৱাহাটীত এপষেকত ৫ %ৰ পৰা ১২%লৈকে বৃদ্ধি আক্রান্ত
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ কঠোৰ লকডাউন, সামাজিক দূৰত্ব মানি চলাৰ কঠোৰ নির্দেশনাৰ পাছতো ৰাজ্যত শেহতীয়াকৈ ভয়াৱহ ৰূপত সংক্রমণ বৃদ্ধি পাইছে ক’ৰোনাৰ৷ এনে জটিল পৰিস্থিতিৰ মাজতে বুধবাৰে ৩,৫৫৫গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ ২৪ ঘণ্টাত ৰাজ্যত ৪৭,৭৪৪গৰাকী লোকৰ ক’ৰোনা পৰীক্ষা কৰা হৈছিল৷ এই পৰীক্ষাৰ অন্তত ৩,৫৫৫গৰাকী লোক পজিটিভ ৰূপে চিনাক্ত হয়৷ আক্রান্তৰ হাৰ হ’ল ৭.৪৪ শতাংশ৷ গুৰুত্বপূর্ণ দিশটো হ’ল যে ক’ৰোনাৰ ভয়াৱহ সংক্রমণে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি অধিক অৱনতি ঘটাইছে৷ এনে সংক্রমণৰ ফলতেই গুৱাহাটীত বুধবাৰে সর্বাধিক ৯২৪গৰাকী লোক আক্রান্ত হৈছে৷ আনহাতে, নগাঁও জিলাত ২৩৬, ডিব্রুগড় ২১৩ আৰু বাগ্সাত ২০০গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াকে লৈ ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ১,১৫,২৭৯গৰাকীলৈ বৃদ্ধি পাইছে৷ আক্রান্তৰ সমান্তৰালকৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাই আছে৷ আজি পুনৰ এই ৰোগত আক্রান্ত হৈ ৮জন লোকৰ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি মৃত্যু হোৱা লোককেইগৰাকী হ’ল ডিব্রুগড় জিলাৰ শকুন্তলা সেন (৬৩), কাজল দত্ত (৬৬), ৱাহিদা ৰহমান (৬০), কৰিমগঞ্জ জিলাৰ মাধুৰী ভট্টাচার্য (৭৫), জমিৰউদ্দিন (৬০), কামৰূপ মহানগৰ জিলাৰ প্রভাত চন্দ্র বৰা (৮২), বুলু দেৱী (৬০) আৰু দৰং জিলাৰ প্রফুল্ল সাগাৰীয়া (৭২)৷ এই সংখ্যাৰে ক’ৰোনাত মৃত্যু লোকৰ সংখ্যা ৩২৩লৈ বৃদ্ধি পালে৷ ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ থকাৰ বিপৰীতে বুধবাৰে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ১,৮৩৪গৰাকী ক’ৰোনামুক্ত লোকক ৰিলিজ দিয়া হয়৷ ৰাজ্যত ক’ৰোনাৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা ৮৮,৭২৬লৈ বৃদ্ধি পালে৷ অৱশ্যে এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ২৬,২২৭গৰাকী লোক৷ উল্লেখ্য যে ৰাজ্যত যোৱা জুলাই–আগষ্ট মাহৰ জটিল পৰিস্থিতিৰ পাছত ক’ৰোনাৰ সংক্রমণ হ্রাস হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও এনে ধাৰণা অমূলক কৰি শেহতীয়াকৈ প্রতিদিনে ২,৫০০ৰ পৰা ৩,০০০ লোক আক্রান্ত হোৱাৰ তথ্যই স্বাস্থ্য বিভাগৰ লগতে সাধাৰণ ৰাইজকো চিন্তাত পেলাইছে৷
উল্লেখ্য যে সংক্রমণ বৃদ্ধি হোৱাৰ ফলত আক্রান্তৰ হাৰ ৫ শতাংশৰ পৰা ৭.২৬ শতাংশলৈ বৃদ্ধি পাইছে যোৱা এসপ্তাহৰ ভিতৰত৷ আনকি যোৱা ২৪ ঘণ্টাত ২,৬৮৪গৰাকী লোক আক্রান্ত হোৱা ঘটনাই ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ দিশটো স্পষ্ট কৰি তুলিছে৷ পৰিতাপৰ বিষয়টো হ’ল যে পৰিস্থিতি জটিল কৰি গুৱাহাটী মহানগৰীত এই সংক্রমণ অধিক হাৰত বৃদ্ধি হৈ আছে৷ যোৱা ২৪ ঘণ্টাত মহানগৰীত ৬১৮জন ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, সোমবাৰে মহানগৰীত ৭০০ লোক ক’ৰোনাত আক্রান্ত হৈছিল৷ দেওবাৰে মহানগৰীত আক্রান্ত হোৱা লোকৰ সংখ্যা আছিল ৪৫৩গৰাকী৷ যাৰ বাবে বিগত ১৫ দিনত গুৱাহাটী মহানগৰীত আক্রান্তৰ হাৰ ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পাইছে৷ বিষয়টো সন্দর্ভত ইতিমধ্যে উদ্বিগ্ণতা প্রকাশ কৰা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই একাংশ লোকে মাস্ক পৰিধান নকৰি, সামাজিক দূৰত্ব বজাই নাৰাখি স্বাভাৱিক হ’বলৈ ধৰা পৰিস্থিতি অধিক জটিল কৰি তোলা বুলিও মন্তব্য কৰিছে৷ মন কৰিবলগীয়া যে আনলক প্রক্রিয়া গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন চহৰসমূহত আৰম্ভ হোৱাৰ পাছতে ক্রমাৎ বৃদ্ধি হ’বলৈ লৈছে আক্রান্তৰ সংখ্যা৷ পৰিস্থিতি এনে অৱস্থালৈ গতি কৰিলে পুনৰ আগৰ জটিল অৱস্থালৈ ৰাজ্যখন ঘূৰি অহাৰ সম্ভাৱনাক লৈও চিন্তান্বিত হৈ পৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগ৷ আনকি এইক্ষেত্রত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ পুনৰ লকডাউন ঘোষণা কৰাৰ কথা প্রকাশ কৰিছে৷ আনলক আৰম্ভ হোৱাৰ পাছৰে পৰা গুৱাহাটী মহানগৰীত একাংশ লোকে মাস্ক ব্যৱহাৰ নকৰাৰ লগতে সামাজিক দূৰত্বকো উলংঘা কৰি অহাৰ ফলত সংক্রমণ ক্রমাৎ বৃদ্ধি হোৱা বুলিও শেহতীয়াকৈ স্বাস্থ্য বিভাগে উল্লেখ কৰিছে৷ সংক্রমণৰ এনে ভয়াৱহ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ক’ভিড কেয়াৰ চেণ্টাৰসমূহ ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰো চিন্তা–চর্চা কৰা বুলি মন্তব্য কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ লক্ষণীয়ভাৱে সংক্রমণ বৃদ্ধিৰ সমান্তৰালকৈ ৰাজ্যত প্রতিদিনে বৃদ্ধি পাবলৈ লৈছে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ ইফালে, ক’ৰোনাত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্য যথেষ্ট সুস্থিৰ হৈছে৷ জি এম চি এইচৰ অধীক্ষকে প্রকাশ কৰা মতে, আজি তেওঁৰ পুনৰ ক’ভিড পৰীক্ষা কৰা হ’ব৷ আনহাতে, ক’ৰোনাত আক্রান্ত হৈ জি এন আৰ চিত চিকিৎসাধীন হৈ থকা বিশিষ্ট অভিনেত্রী চেতনা দাসক ক’ভিড চিকিৎসাৰ বাবে আজি জি এম চি এইচলৈ স্থানান্তৰ কৰা হয়৷ উল্লেখ্য যে যোৱা ২৮ আগষ্টত স্বামী বিমল দাসৰ লগতে চেতনা দাসো ক’ৰোনাত আক্রান্ত হৈ জি এন আৰ চিত ভর্তি হৈছিল৷ কিন্তু শেহতীয়াকৈ স্বামী বিমল দাস গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁক আই চি ইউত ভর্তি কৰোৱা হয়৷ একেধৰণে স্বাস্থ্যৰ অৱনতি ঘটাৰ শংকাত চেতনা দাসক জি এম চি এইচলৈ অনা হৈছে৷ যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈ জি এম চি এইচত ভর্তি হৈ আছে৷ কিছুদিন ধৰি কাহ আৰু গাৰ বিষয়ত ভুগি থকা সাংসদগৰাকী ক’ৰোনা আক্রান্ত হিচাপে চিনাক্ত হয়৷
মৰাণৰ জৱাহৰ নৱোদয় কেয়াৰ চেণ্টাৰত প্রথমগৰাকী ক’ভিড ৰোগীৰ মৃত্যু
ডিব্রুগড় জিলাৰ মৰাণৰ ডোমৰ দলংগাঁওস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ চেণ্টাৰত আজি পুৱতিনিশা চেণ্টাৰটোৰ প্রথমজন ক’ভিড ৰোগীৰ মৃত্যু হয়৷ মৰাণ আৰক্ষী থানাৰ অন্তর্গত মৰাণ খটখটি খেলমাটি নিৱাসী অতুল চন্দ্র বৈৰাগী (৭০) নামৰ লোকজন যোৱা ২৮ আগষ্টত ক’ৰোনাত আক্রান্ত হৈ কেন্দ্রটোত ভর্তি হৈছিল৷
ক’ৰোনাত আক্রান্ত হৈ তিনিজনৰ মৃত্যু
কোকৰাঝাৰ জিলাত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ জিলাখনত আজিৰ দিনটোতে তিনিজনকৈ ব্যক্তিয়ে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুবৰণ কৰাত এই সংখ্যা ১৩জনলৈ বৃদ্ধি পালে৷ আজি মৃত্যু হোৱা লোককেইগৰাকী হ’ল ছিম্বৰগাঁও মৌজাবাৰীৰ বর্ণাৱেশ মুর্মু (৩৬), তিতাগুৰিৰ ডালিমী বসুমতাৰী (৪৫) আৰু ভাওৰাগুৰিৰ নাৰায়ণ সৰকাৰ৷ উল্লেখ্য যে বীৰচা কমাণ্ডো ফ’চৰ জিলা ভাৰপ্রাপ্ত কমাণ্ডিং বিষয়া বর্ণাৱেশ মুর্মুয়ে কেইবাদিনো জ্বৰত ভুগি থকাৰ পাছত বঙাইগাঁৱলৈ চিকিৎসাৰ বাবে নিয়াৰ পাছতে তেওঁ ক’ৰোনা পজিটিভ চিনাক্ত হয়৷ ফলত তেওঁক ঘৰলৈ ঘূৰাই অনা হয় আৰু আজি নিশা মৃত্যু হয়৷
ওৰাঙত ১৪ শিক্ষাগুৰুৰ ক’ভিড পজিটিভ
ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্গত ১১ শিক্ষানুষ্ঠানৰ ১৪গৰাকী শিক্ষক–শিক্ষয়িত্রী আজি ক’ভিড পজিটিভ হয়৷ ২৬ আগষ্টত এই শিক্ষককেইজনৰ ক’ভিড–১৯ৰ আৰ টি–পি চি আৰ পৰীক্ষাৰ বাবে শ্লেষ্মাৰ নমুনা সংগ্রহ কৰা হৈছিল৷