নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ বিভাগত খালী হৈ থকা ৫৭,৮১০ পদ ৪ বছৰে নহ’ল

নিযুক্তিত যুৱ প্রজন্মক চৰকাৰৰ চৰম আঁভুৱা

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ  ৰাজ্য চৰকাৰে যুৱপ্রজন্মক নিযুক্তিৰ নামত চূড়ান্ত আভুৱা–ভাঁৰি অহাৰ লগতে ভৱিষ্যতক লৈ হেতালি খেলি আহিছে৷ প্রতিবছৰে ২ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্রতিশ্রুতি দিয়া বর্তমানৰ চৰকাৰৰ দিনত কেইবাসহস্র পদ খালী হৈ আছে৷ ৰাজ্যৰ যুৱপ্রজন্মৰ ভৱিষ্যতক লৈ কোনো কার্যসূচী গ্রহণ নকৰাত বর্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত শিক্ষিত নিবনুৱাৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে৷ এইখন চৰকাৰৰ দিনত বিদেশী ন্যায়াধিকৰণৰ বাবে ১৬০০ পদত নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰাৰ পিছতো ১০ মাহে নিযুক্তি নিদিয়াকৈ ৰাখি গৈছে৷ সেইদৰে এপিডিচিএলৰ প্রায় ১৯০০ পদৰ বাছনি পৰীক্ষা হৈ যোৱাৰ পিছতো ডেৰ বছৰে ফলাফল ঘোষণা কৰা নাই এইখন চৰকাৰে৷ ফলত চৰকাৰে নিবনুৱাবিৰোধী স্থিতি গ্রহণ কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ এনে অভিযোগৰ মাজতে ৰাজ্যৰ যুৱপ্রজন্মৰ ভৱিষ্যতৰ প্রতি ৰাজ্য চৰকাৰ সম্পূর্ণ উদাসীন বুলি অভিযোগ উত্থাপন কৰে অসম সংগ্রামী মঞ্চই৷ গুৱাহাটীত এখন সংবাদ মেলত সংগ্রামী মঞ্চৰ কার্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে কয় যে যুৱপ্রজন্মৰ নিযুক্তিৰ ক্ষেত্রত চৰকাৰে আজিও এক ৰোড মেপ তৈয়াৰ কৰিব নোৱাৰিলে৷ ৰাজ্যৰ যুৱপ্রজন্মক ৰাজনৈতিক স্বার্থত ব্যৱহাৰ কৰিবলৈ গৈ চৰকাৰে ইটোৰ পিছত সিটো ভুল তথ্যৰে নিবনুৱা যুৱক–যুৱতীক আভুৱা–ভাঁৰিবলৈ চেষ্টা কৰিছে৷ চৰকাৰে অলপতে ৰাজ্যৰ তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ নিযুক্তিত বয়সৰ ঊর্ধ্বসীমা ৪০ বছৰলৈ বৃদ্ধি কৰা বুলি ঘোষণা কৰিছে যদিও প্রকৃততে ৪ বছৰ হ্রাসহে কৰিলে৷ চৰকাৰে অ’বিচিৰ ৪৩ বছৰ আৰু এছ চি, এছ টিৰ ৪৫ বছৰলৈ চাকৰি প্রার্থীৰ বয়স বৃদ্ধি কৰা বুলি ঘোষণা কৰিছে৷ কিন্তু এই একেখন চৰকাৰে ২০১৮ বর্ষৰ ২১ মে’ৰ কেবিনেটত সাধাৰণ শ্রেণীৰ প্রার্থীৰ বয়সৰ ঊর্ধ্বসীমা ৪৪ বছৰ আৰু অ’বিচি, এছ টি আৰু এছ চিৰ ক্ষেত্রত ৪৭ বছৰলৈ বৃদ্ধি কৰিছিল৷ ৰহস্যজনকভাৱে চৰকাৰে ২০১৮ চনৰ ২১ মে’ত ৪৪ বছৰলৈ সীমা বৃদ্ধি কৰিলে যদিও বিভিন্ন বিভাগৰ নিযুক্তিৰ ক্ষেত্রত সাধাৰণ শ্রেণীৰ ক্ষেত্রত বয়সৰ সীমা ৩৮ বছৰ বুলিয়েই ঘোষণা কৰিলে৷ সংবাদ মেলত ফুকনে লগতে কয়– ৰাজ্য চৰকাৰৰ ৪০টা বিভাগত ৫৭,৮১৩টা পদ খালী হৈ আছে যদিও চৰকাৰে পূৰণ কৰাৰ ব্যৱস্থা কৰা নাই৷ চৰকাৰী তথ্য মতে জলসম্পদ বিভাগত ৩,৩৪৭টা, পৰিবহণ বিভাগত ৩,০১৪টা, পশুপালন আৰু চিকিৎসা বিভাগত ১,৫০২টা, গৃহ বিভাগত ১৪,১৭২টা, গড়কাপ্ঢানীত ১,৭৯৩টা, উচ্চ শিক্ষা বিভাগত ১,৯৩৮টা, প্রাথমিক শিক্ষা বিভাগত ১৭,১৯২টা, সাধাৰণ প্রশাসন বিভাগত ১,৩৮০টা, ভৈয়াম জনজাতি আৰু পিছপৰা জাতি কল্যাণ বিভাগত ৬,৮৭৪টা পদ খালী হৈ আছে৷ ফুকনে লগতে কয়– এইখন চৰকাৰে প্রতিবন্ধীৰ বাবে বিভিন্ন বিভাগত বেকলগ হিচাপে থকা ৪,৪১৯টা পদ আজিও পূৰণ নকৰিলে৷ ২০১৮ চনৰ পৰা অসম অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই এই চৰকাৰে৷ ২০১৫ চনৰ পৰা এন আৰ চিত কর্মৰত ডাটা অপাৰেটৰসকলৰ যোৱা মার্চ মাহৰ পৰা দৰমহা বন্ধ কৰি ৰাখিছে৷ এইখন অসমত ৬,৬০০ কনিষ্টবল পদৰ বাবে ৪ লাখ শিক্ষিত নিবনুৱাই আবেদন কৰিছে৷ ইয়াৰ পৰাই ৰাজ্যৰ নিবনুৱা সমস্যাৰ বাস্তৱ ছবিখন ওলাই পৰিছে৷ ‘গতিকে চৰকাৰে নিবনুৱাসকলক লৈ ৰাজনীতি কৰা এৰক আৰু এই সমস্যাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি খালী পদসমূহ পূৰণ কৰক৷ চৰকাৰে বয়সৰ সীমা বৃদ্ধিৰ নামত বিভ্রান্তিমূলক সিদ্ধান্ত গ্রহণ কৰাৰ পৰা বিৰত থাকক৷’ –চৰকাৰক এইদৰে সকীয়াই দিয়ে অদীপ কুমাৰ ফুকনে৷ সংবাদ মেলত মঞ্চৰ উপ–সভাপতি বিমলপ্রসাদ চৌধুৰী, সম্পাদক অমিতাভ বৰঠাকুৰ আৰু সাংগঠনিক সম্পাদক মাধৱানন্দ পাঠক উপস্থিত থাকে৷

You might also like