নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাত এইবাৰ পাটোৱাৰীৰ আশ্বাস– দুমাহত নুমাব বাঘজানৰ জুই

জুই নুমুওৱাৰ ২১ দিনৰ প্রতিশ্রুতি পাহৰিলে মন্ত্রী চন্দ্রমোহনে

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ  বাঘজানৰ জুই নির্বাপণক লৈ সৃষ্টি হোৱা অনিশ্চয়তা বুধবাৰে পুনৰ স্পষ্ট হ’ল ৰাজ্যৰ জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ বক্তব্যত৷ ইতিমধ্যে ১০০ দিন অতিক্রম কৰা  বাঘজানৰ জুই নির্বাপণ সন্দর্ভত চৰকাৰী বক্তব্যই বিভীষিকাৰ মাজেৰে সময় অতিবাহিত কৰা বাঘজানবাসীক হতাশ কৰিলে৷ বুধবাৰে বিধানসভাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ তৈলখাদৰ জুই নির্বাপণৰ আৰু কিছুদিন যে অপেক্ষা কৰিব লাগিব, তাক একপ্রকাৰ স্পষ্ট কৰি দিলে৷ বিধানসভাৰ শূন্যকালীন ঘণ্টাত উত্থাপিত প্রশ্ণৰ উত্তৰত মন্ত্রী পাটোৱাৰীৰ মন্তব্য– অইল ইণ্ডিয়া লিমিটেডৰ পৰা পোৱা তথ্য অনুসৰি তৈলখাদৰ জুই নির্বাপণৰ প্রক্রিয়া সম্পূর্ণ হ’বলৈ কিছুদিনৰ প্রয়োজন হ’ব৷ কানাডাৰ পৰা প্রয়োজনীয় যন্ত্রপাতিসহ এটা বিশেষজ্ঞৰ দল আহি পোৱাৰ পাছতহে জুই নির্বাপণৰ প্রক্রিয়া পুনৰ আৰম্ভ হ’ব৷ যাৰ বাবে পুনৰ ৬–৮ সপ্তাহৰ প্রয়োজন হ’ব পাৰে৷ উল্লেখ্য যে বাঘজানৰ তৈলখাদৰ জুয়ে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ উমান ল’বলৈ ঘটনাস্থলীলৈ কিছুদিন পূর্বে যোৱা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ২১ দিনৰ ভিতৰত এই জুই নির্বাপিত হ’ব বুলি মন্তব্য কৰিছিল৷ কিন্তু ২১ দিন দূৰৈৰ কথা ১০০ দিনৰ পাছতো এই জুই নির্বাপণৰ ক্ষেত্রত কোনো সফলতাই লাভ কৰা নাই অইল ইণ্ডিয়া লিমিটেড আৰু বিশেষজ্ঞ দলে৷ যাৰ বাবে আজি পুনৰ ক্ষতিগ্রস্ত বহু পৰিয়ালে পথ অৱৰোধেৰে ইয়াৰ প্রতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়৷ বুধবাৰে বিধানসভাত দুলীয়াজানৰ বিধায়ক দুর্গা ভূমিজে এই সন্দর্ভত প্রশ্ণ উত্থাপন কৰে৷ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে বিস্ফোৰণৰ পাছত তৈলখাদটো মেৰামতিৰ বাবে ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলে চেষ্টা অব্যাহত ৰাখিছে যদিও জুই নির্বাপণৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ সম্প্রতি ৫ আৰু ৯ ইঞ্চি কেচিঙৰ মাজত থকা যোগাযোগ ধৰি ৰখা চিমেণ্ট বা চিলিঙৰ ব্যর্থতাৰ বাবে সম্প্রতি চিলিং পদ্ধতি অৱলম্বন কৰা সম্ভৱ নহয়৷ কানাডাৰ পৰা প্রয়োজনীয় যন্ত্রপাতিসহ এটা বিশেষজ্ঞৰ দৰে এই উদ্দেশ্যে অসমলৈ আহি আছে আৰু শ্লাবিং ইউনিটৰ সহায়ত কিলিঙৰ পৰিকল্পনা কৰা হৈছে৷ যাৰ বাবে প্রয়োজন হ’ব ৬ সপ্তাহৰ পৰা ৮ সপ্তাহ৷ স্বাভাৱিকতে প্রশ্ণ উঠিছে– আৰু কিমান আশ্বাস দিব মন্ত্রী চন্দ্রমোহনে? আনহাতে, বাঘজানৰ এই ঘটনাৰ বাবে ক্ষতিগ্রস্ত হোৱা ৫৭টা পৰিয়ালক ১০ লাখ টকাকৈ আৰু আন ৫৬১টা ক্ষতিগ্রস্ত পৰিয়ালক ২৫ লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা লোৱা হ’ব বুলিও মন্ত্রীগৰাকীয়ে বিধানসভাত অৱগত কৰে৷ তৈলখাদৰ পৰা ডেৰ কিলোমিটাৰ ব্যাসার্ধৰ এলেকাত থকা পৰিয়ালসমূহকহে এই ব্যৱস্থাত সামৰি লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ উল্লেখ্য যে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি বাঘজানৰ তৈলখাদত অগ্ণিকাণ্ডৰ ফলত ইয়াৰ সমীপৰ ১২টাকৈ বাসগৃহ ভস্মীভূত হয় আৰু পৰিয়ালসমূহৰ সম্পত্তি সম্পূর্ণৰূপে নষ্ট হয়৷ বাসগৃহ ভস্মীভূত হোৱা পৰিয়ালক ২০ লাখ টকাকৈ ইতিমধ্যে ক্ষতিপূৰণ আদায় দিয়া হৈছে৷

You might also like