নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ জলসম্পদ বিভাগৰ চূড়ান্ত অকর্মণ্যতা–দায়িত্বৰ বাবেই প্রতিবছৰে ৰাজ্যখন ভয়ানক বানৰ কবলত পৰাৰ লগতে গৰাখহনীয়াত বিস্তীর্ণ অঞ্চল জাহ গৈ আহিছে৷ বান প্রতিৰোধ আৰু খহনীয়া ৰোধৰ বাবে প্রতিবছৰে ৰাজ্য চৰকাৰে বাজেটত বিভিন্ন আঁচনিৰ বাবে কোটি কোটি টকা আবণ্টন দিয়াৰ লগতে কেন্দ্রৰ পৰাও বিভিন্ন শিতানত পুঁজি লাভ কৰি আহিছে৷ কিন্তু সেই পুঁজিৰ সদ্ব্যৱহাৰ কৰি বান আৰু গৰাখহনীয়া প্রতিৰোধত জলসম্পদ বিভাগে চূড়ান্ত ব্যর্থতা প্রদর্শন কৰি আহিছে৷ বুধবাৰে সদনত জলসম্পদ মন্ত্রী কেশৱ মহন্তই নিজেই বিভাগটোৰ চৰম ব্যর্থতাৰ ছবিখন উদঙাই দেখুৱালে৷ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এক লিখিত প্রশ্নৰ উত্তৰত মন্ত্রী মহন্তই সদনত কয় যে যোৱা ২০১৯–২০ বিত্তীয় বর্ষত গৰাখহনীয়া প্রতিৰোধৰ বাবে জলসম্পদ বিভাগে এছ অ’ পি ডি–জি শিতানত ৫৫.৪৯ কোটি টকা ব্যয়েৰে মুঠ ২২খন, মুখ্যমন্ত্রীৰ পেকেজৰ অধীনত ৩৬.৪৯ কোটি টকাৰে ১০খন আৰু ড’নাৰৰ পৰা লাভ কৰা ৪৮.৭৫ কোটি টকাৰে দুখন মুঠ ৩৪খন আঁচনি গ্রহণ কৰে৷ উক্ত ৩৪ আঁচনিৰ ভিতৰত বিভাগটোৱে এছ অ’ পি ডি–জি শিতানৰ মাত্র এখন আঁচনিহে সম্পূর্ণ কৰিব পাৰিছে৷ ইয়াৰ বিপৰীতে তিনিখন আঁচনিৰ ৱর্ক অর্ডাৰ প্রদান কৰা হৈছে৷ দুখন আঁচনিৰ ক্ষেত্রত ৱর্ক অর্ডাৰ প্রদানৰ প্রক্রিয়া চলি আছে৷ অনুৰূপ ধৰণে আন দুখন আঁচনি এতিয়াও নিবিদা প্রক্রিয়াৰ মাজতেই আছে৷ সেইদৰে মুখ্যমন্ত্রীৰ পেকেজৰ ১০খন আঁচনিৰ ক্ষেত্রত প্রশাসনীয় অনুমোদনহে দিয়া হৈছে৷ ড’নাৰৰ দুখন আঁচনিৰ এখনৰ কাম এতিয়ালৈ মাত্র ৫ শতাংশহে আগবাঢ়িছে৷ আনখন আঁচনিৰ কাম এতিয়াহে আৰম্ভ হৈছে৷ সেইদৰে বিধায়ক চাহাবুদ্দিন আহমেদৰ আন এক লিখিত প্রশ্নৰ উত্তৰত মন্ত্রী মহন্তই সদনত সদৰী কৰা অনুসৰি ২০১৬–১৭ বিত্তীয় বর্ষৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষলৈ বিগত ৪টা বছৰত বিভাগটোৱে বাজেটত ৫,৪৮৫.১৪ কোটি টকা লাভ কৰাৰ বিপৰীতে মাত্র ১,২৪০.৭৯ কোটি টকাহে ব্যয় কৰিবলৈ সমর্থ হৈছে৷ শিতান অনুসৰি যোৱা ৪টা বছৰত এছ অ’ পি ডি–জি শিতানত মুঠ ৪৫৫.৫৫ কোটি টকা লাভ কৰাৰ বিপৰীতে খৰচ কৰিছে মাত্র ২২১.৮১ কোটি টকা৷ সেইদৰে নাবার্ড (আৰ আই ডি এফ) শিতানত লাভ কৰা ৬৮১.৬০ কোটি টকাৰ ভিতৰত মাত্র ৫২১.৮৪ কোটি টকাহে খৰচ কৰিবলৈ সমর্থ হৈছে৷ এন ই চি শিতানত লাভ কৰা ৯.৯৬ কোটি টকাৰ ভিতৰত মাত্র ৯১.১২ লাখ টকাহে খৰচ কৰিব পাৰিছে৷ চি এল এ/চি এছ এছ/ই এফ চি/এফ এম পি শিতানত লাভ কৰা ৩,৫৪৭.৮৮ কোটি টকাৰ ভিতৰত ৪৩৪.০২ কোটি টকাহে খৰচ কৰিব পাৰিছে৷ এফ এম পিৰ ৰাজ্যিক অংশ হিচাপে লাভ কৰা ৬৪৪.০৩ কোটি টকাৰ এপইচাও বিভাগটোৱে ব্যয় কৰিব পৰা নাই৷ মুখ্যমন্ত্রীৰ বৰাক ভেলী পেকেজত লাভ কৰা ৯৫.১৪ কোটি টকাৰ ভিতৰত মাত্র ৩৮.০৭ কোটি টকাহে খৰচ কৰিছে৷ আৰ আই ডি এফ শিতানৰ ৰাজ্যিক অংশ হিচাপে লাভ কৰা ৪৯.৯৭ কোটি টকাৰ ভিতৰত বিভাগটোৱে ব্যয় কৰিছে মাত্র ২৩.১৪ কোটি টকা৷ আনহাতে, বিধায়ক ৱাজেদ আলী চৌধুৰীৰ আন এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই কয় যে ২০১৯–২০ বিত্তীয় বর্ষত বিভাগটোৱে এছ অ’ পি ডি (এফ ডি আৰ) শিতানত ৪৮খন আঁচনিৰ বাবে ৬০৭.৯৭৭ কোটি টকা আৰু এছ অ’ পি ডি–জি শিতানত ৫৪খন আঁচনিৰ বাবে ১২৬.২৩ কোটি টকা লাভ কৰে৷ উক্ত আঁচনিসমূহৰ ভিতৰত ৯খন আঁচনি এতিয়াও নিবিদা আহ্বান পর্যায়তে আছে৷ ৫খন আঁচনিৰ ক্ষেত্রত ৱর্ক অর্ডাৰ প্রদান কৰা হৈছে৷ ৪খন আঁচনি কাৰিকৰী অনুমোদনৰ পথত আছে৷ তদুপৰি বিভাগটোৱে ১০ শতাংশতকৈ অধিক তলত নিবিদা দিয়া ঠিকাদাৰক কামৰ আবণ্টন দিয়াৰ সত্যতা স্বীকাৰ কৰি মন্ত্রী মহন্তই সদনত কয় যে আটাইতকৈ নিম্ন উদ্ধত মূল্য ২৭.৪৯ শতাংশত ঠিকাদাৰক কামৰ আবণ্টন দিয়াৰ চাঞ্চল্যকৰ তথ্য সদৰী কৰে৷ সদনত মন্ত্রী মহন্তই সদৰী কৰা এই সামগ্রিক তথ্যৰ জৰিয়তে প্রকাৰান্তৰে বিভাগটোৰ চৰম ব্যর্থতাৰ লগতে কেনেদৰে অনিয়ম–ৰাজকতাই বিৰাজ কৰিছে, সেই বিষয়টো উন্মোচিত হৈছে৷ ইপিনে মন্ত্রী মহন্তই সদনত প্রকাশ কৰা অনুসৰি চলিত বর্ষত হোৱা বানপানীৰ ফলত ৰাজ্যৰ ১৪টা মথাউৰিৰ ২১টা অংশ ছিগিছে৷ ইয়াৰে ১৮টা অংশ বানত ছিগাৰ বিপৰীতে তিনি ঠাইত ৰাইজে মথাউৰি ভাঙি দিছে৷ ইতিমধ্যে ভগা ১৩টা অংশ বন্ধ কৰি দিয়া হৈছে৷ চাৰিটা অংশ পুনৰ নির্মাণৰ কাম চলি আছে৷ বাকী চাৰিটা অংশৰ মেৰামতিৰ কাম বাৰিষাৰ পাছত হাতত লোৱা হ’ব৷ ইফালে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই কয় যে অসম চৰকাৰে ব্রহ্মপুত্র, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ শুধৰণিমূলক খননৰ উদ্দেশ্যে যোৱা ২০১৭–১৮ বিত্তীয় বর্ষত এছ ডি আৰ এফৰ অধীনত খনন যন্ত্র ক্রয়ৰ বাবে জলসম্পদ বিভাগে ১৮ কোটি টকাৰ এখন আঁচনিৰ অনুমোদন লাভ কৰে৷ পৰৱর্তী পর্যায়ত আন্তর্জাতিক নিবিদা আহ্বান কৰি খনন যন্ত্র ক্রয়ৰ বাবে ৱর্ক অর্ডাৰ প্রদান কৰে৷ খনন যন্ত্র উপলব্ধ হোৱাৰ পাছত শুধৰণিমূলক খননৰ কাম হাতত লোৱা হ’ব৷ সেইদৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই কয় যে বৰাক আৰু কুচিয়াৰা নদী খনন সম্পর্কত বিতং তথ্য বিচাৰি জলসম্পদ বিভাগে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জল প্রাধিকাৰীৰ সৈতে যোগাযোগ কৰে যদিও এই সময়লৈকে কোনো তথ্য লাভ কৰা নাই৷