সামৰিক পোছাকত আহি জাগুণ আৰক্ষী থানাত আলফা কেডাৰৰ আত্মসমৰ্পণ
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ যোৱানিশা জাগুণত সংঘটিত হ’ল এক নাভূত-নাশ্ৰুত ঘটনা। জাগুণ আৰক্ষী চকীত সামৰিক পোছাকত আহি ধৰা দিলেহি আলফাৰ এজন কেডাৰে। ম্যানমাৰ আলফা শিবিৰৰ পৰা পলাই আহি জাগুণ আৰক্ষী চকীত আত্মসমৰ্পণ কৰেহি কেডাৰজনে।
কেডাৰজন ডিব্ৰুগড় জিলাৰ চাবুৱা জেৰাই গাঁৱৰ লালা অসম ওৰফে শৰৎ গোহাঁই বুলি জানিব পৰা গৈছে।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, লালাৰ লগত আৰু এজন কেডাৰ মৃগাংক অসম ম্যানমাৰৰ পৰা আহিছিল, তাৰে মাজৰ পৰা লালা পলাই আহি লেখাপানী থানা অন্তৰ্গত জাগুন আৰক্ষী চকীত হাজিৰ হয়হি। সম্প্ৰতি মৃগাংক অসমক বিচাৰি তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ অসম অৰুণাচল সীমান্ত অৰণ্যত চলাইছে ব্যাপক অভিযান।
২০১৯ বৰ্ষত আলফা স্বাধীনত যোগ দিয়া লালা অসম ওৰফে শৰৎ গোহাঁয়ে আলফাৰ ম্যানমাৰ কেম্পত সামৰিক প্ৰশিক্ষণ লৈছিল যদিও কি কাৰণত আলফা স্বাধীন ত্যাগ কৰি এইদৰে আৰক্ষী থানাত অকস্মাতে আহি আত্মসমৰ্পণ কৰিলে সেই সম্পৰ্কে বৰ্তমানেও জানিব হোৱা নাই। আনহতে এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আৰু দুজন সতীৰ্থৰ সৈতে আলফা স্বাধীনৰ ম্যানমাৰ কেম্পৰ পৰা পলায়ন কৰিছিল লালা অসমে।
পলায়ন কৰা সময়ত আলফা কেম্পৰ পৰা কিছু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লগত লৈ আহিছিল যদিও আদবাটতে এটা বস্তিত উক্ত অস্ত্ৰ-শস্ত্ৰখিনি এৰি থৈ আহে। উল্লেখ্য যে ম্যানমাৰত আলফা স্বাধীনৰ বিৰুদ্ধে বাৰ্মা সেনাই অভিযানৰ সময়ত উক্ত শিবিৰতে থকা এজন দুৰ্ধৰ্ষ আলফা কেডাৰে আলফা স্বাধীনৰ সামৰিক পোছাকত আহি জাগুণ আৰাক্ষী চকীত সোমাই আত্মসমৰ্পণ কৰা ঘটনাই সেনা-আৰক্ষীৰ নিৰাপত্তাৰ দিশটোৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে বুলি চৰ্চা হৈছে।
আনহাতে আৰক্ষীয়ে বৰ্তমান সময়লৈকে আলফা স্বাধীনৰ এই কেডাৰজনৰ বিষয়ে মুখ খোলা নাই। সমগ্ৰ ঘটনাই মাৰ্ঘেৰিটা মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।