নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিকিৰভেটাত ভণ্ড ফকীৰ বাবা, নকল সোণৰ মূৰ্তিৰ বিনিময়ত লৈছিল ৪ লাখ টকা

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে আজি দুজন প্ৰৱঞ্চক ফকীৰ বাবাক আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত আমলখি অঞ্চলৰ মন্নাছ আলী আৰু কুবাইকটা অঞ্চলৰ দিলৱাৰ হুছেইনে বিভিন্ন অঞ্চলত নিজকে এজন ফকীৰ বুলি পৰিচয় দি বিভিন্ন ব্যক্তিক জৰা-ফুঁকাৰ মাধ্যমেৰে বেমাৰ ভাল কৰি অহা বুলি দাবী কৰি আহিছে ৷

আনহাতে বেমাৰ ভাল কৰাৰ প্ৰলোভনেৰে লক্ষ লক্ষ টকা সংগ্ৰহ কৰি আহিছে ৷ শেহতীয়াকৈ এই দুজন ভণ্ড ফকীৰে এজন ব্যক্তিৰ বেমাৰ ভাল কৰি দিয়াৰ উদ্দেশ্যে এটি সোণৰ মূৰ্তি প্ৰদান কৰি ব্যক্তিজনৰ পৰা অতি কৌশলেৰে ৪ লক্ষাধিক টকা লৈ গৈছিল ৷ পৰৱৰ্তী সময়ত সেই মূৰ্তিটো সোণৰ নহয় বুলি জানিব পাৰি মিকিৰভেটা আৰক্ষীক অৱগত কৰোৱাত নিশা মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত মূৰ্তিসহ প্ৰৱঞ্চক ভণ্ড ফকীৰ বাবা মন্নাছ আলী আৰু দিলৱাৰ হুছেইনক আটক কৰি জে’ললৈ প্ৰেৰণ কৰে ৷

You might also like