মাৰ্ঘেৰিটাত মাৰুতি গাড়ী চোৰ, কুম্ভকৰ্ণ নিদ্ৰাত মাৰ্ঘেৰিটা আৰক্ষী
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত হিলভিউস্থিত নৱনিৰ্মিত পানী পাম্পৰ চৌহদৰ পৰা এখন মাৰতি এল্ট’ গাড়ী কালি নিশা চুৰি হয়। বগা ৰঙৰ এল্ট’খনৰ নম্বৰ হৈছে এ এছ-২২ এফ-৩৩৩৯।
কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত থকা ধেমাজিৰ যুৱক উজ্জ্বল গগৈৰ এল্ট’ গাড়ীখন নিশা চোৰে চুৰ কৰি নিয়াত এলেকাটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।শেহতীয়াকৈ লকডাউনৰ ফলত মাৰ্ঘেৰিটা তথা ইয়াৰ দাতিকাষৰীয়া অঞ্চলত চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে।
চুৰি কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা আৰক্ষী ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।এই ক্ষেত্ৰত উজ্জ্বল গগৈয়ে চুৰিৰ সন্দৰ্ভত মাৰ্ঘেৰিটা থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লেখাৰ সময়ৰ লৈকে চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা এছ বি আই ৰ চৌহদৰ পৰা এখন মটৰ চাইকেলত চোৰৰ হাত পৰিছিল যদিও স্থানীয় ৰাইজেহে দুটাকৈ চোৰক আটক কৰি আৰক্ষীক চমজাই দিবলগীয়া হোৱা ঘটনাই মাৰ্ঘেৰিটা আৰক্ষী যে কুম্ভকৰ্ণ নিদ্ৰাত আছে সচেতন মহলে ক্ষোভ প্ৰকাশ কৰাৰ লগতে মাৰ্ঘেৰিটা আৰক্ষীৰ সক্ৰিয়তা কামনা কৰিছে।