নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ পৰিৱর্তে বিকল্পৰ চিন্তা ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ পৰিস্থিতি জটিল হৈ গৈ আছেঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  ৰাজ্যৰ ক’ভিড পৰিৱেশ জটিল হৈ গৈ আছে৷ –এই মন্তব্য স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ বঢ়া নাই যদিও প্রতিদিনে ৮ৰ পৰা ১০জনকৈ লোক মৃত্যুমুখত পৰিছে৷ গুৱাহাটীৰ পৰিৱেশ সম্পর্কতো মন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীৰ ৰাইজে মাস্ক পৰিধান ব্যৱস্থা আৰু সামাজিক দূৰত্ব ৰক্ষা কৰাটো একপ্রকাৰ এৰি দিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানিবই লাগিব বুলি নির্দেশ দিছে৷  কেনেকৈ সেই পৰিৱেশ ঘূৰাই আনিব পৰা যায়, সেই বিষয়ে বিভাগে চিন্তা–চর্চা কৰিছে বুলি তেওঁ জানিবলৈ দিছে৷ আনহাতে, পুনৰ লকডাউনৰ সম্ভাৱনা নস্যাৎ কৰি মন্ত্রী ড০ শর্মাই কয় যে ভাৰত চৰকাৰেও লকডাউন দিব নালাগে বুলি কৈছে৷ কাৰণ লকডাউন দিলে মানুহৰ অর্থনৈতিক কাম–কাজ বাধাপ্রাপ্ত হয়৷ আমি তেনে দিশত যাব খোজা নাই৷ ইয়াৰ পৰিৱর্তে বিকল্প চিন্তা–চর্চা কৰি থকা হৈছে৷ উল্লেখ্য যে বুধবাৰে গুৱাহাটী মহানগৰীত সর্বাধিক ৯২৪গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ সেইদৰে সমগ্র ৰাজ্যত বিগত পাঁচ মাহৰ ভিতৰত বুধবাৰে দিনটোতে সর্বাধিক ৩,৫৫৫গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ আক্রান্তৰ হাৰ ৰাজ্যখনত কেইটামান দিনৰ ভিতৰতে ৫ৰ পৰা ৭.৪৪ শতাংশলৈ বৃদ্ধি পাইছে৷ মন্ত্রী ড০ শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ ৰেপিড এণ্টিজেন পৰীক্ষণ প্রক্রিয়া পুনৰীক্ষণ কৰে আৰু সেই পৰীক্ষণকালত চিকিৎসককে ধৰি স্বাস্থ্যকর্মীসকলৰ কাম–কাজত সন্তোষ প্রকাশ কৰে৷

You might also like