নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত মাহ পিছত মুকলি হ’ল ৱুহানৰ শিক্ষানুষ্ঠান

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছ সংক্রমণৰ অভিকেন্দ্র মধ্য চীনৰ মহানগৰ ৱুহানৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হৈছে৷ সাত মাহৰ পাছত ২,৮০০তকৈ অধিক শিক্ষানুষ্ঠানৰ দুৱাৰ মুকলি কৰা হৈছে যোৱা মঙলবাৰে৷

জানুৱাৰী মাহৰ পাছত প্রথমবাৰলৈ মহামাৰীৰ পৰা মুক্ত হোৱা ৱুহানৰ শিক্ষানুষ্ঠানত উপস্থিত হৈছে ১৪ লক্ষাধিক শিক্ষার্থী৷ ক’ৰোনাৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীনৰ চহৰখনৰ শিক্ষানুষ্ঠানসমূহত পুনৰ শ্রেণী আৰম্ভ হোৱাৰ প্রাকক্ষণত শিক্ষক–শিক্ষয়িত্রীস আদৰণি জনায় ছাত্র–ছাত্রীসকলক৷ দীর্ঘদিন বিৰতিৰ পাছত গুৰু–শিষ্যৰ মিলনৰ মুহূর্ত হৈ পৰে আৱেগস্পর্শী৷

বহু শিক্ষক–শিক্ষয়িত্রীয়ে অশ্রুসিক্ত নয়নেৰে শিশু ছাত্র–ছাত্রীসকলক বিদ্যালয়লৈ আদৰণি জনোৱা দৃশ্যই ইতিমধ্যে বিশ্বৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷ লক্ষণীয়ভাৱে ৱুহানৰ শিক্ষানুষ্ঠানবোৰ মুকলি হৈছে যদিও শিক্ষক–শিক্ষয়িত্রী তথা ছাত্র–ছাত্রীৰ অভিভাৱকসকলে বিশেষ সতর্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷

You might also like