মেষঃ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে৷ প্রেমত সুখ৷
বৃষঃ উচ্চপদস্থ বিষয়াৰ লগত সু–সম্পর্ক বজাই ৰাখিব৷ অয়ৰ ক্ষেত্রত অনুকূল৷ পাৰিবাৰিক অশান্তি৷ বিদ্যাত শুভ৷
মিথুনঃ সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব৷ ভ্রমণ হ’ব পাৰে৷ কোনো সংবাদ সংযোগত চিন্তিত হ’ব৷ বন্ধু–বর্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷
কর্কটঃ কন্যা সন্তানক লৈ চিন্তিত হ’ব৷ ফুৰা–চকাত সতর্ক হ’ব৷ উৎসাহজনক খবৰে আনন্দিত কৰিব৷ প্রেমত বাধা৷
সিংহঃ কর্মসূত্রত ভ্রমণৰ যোগ আছে৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভত আনন্দ৷ আর্থিক ব্যয় বৃদ্ধি পাব৷ প্রেমত আনন্দ৷
কন্যাঃ আর্থিক অসুবিধা হ’ব পাৰে৷ বন্ধু–বর্গৰ দ্বাৰা উপকৃত হ’ব৷ সন্তানৰ সুকৃতি দেখা যাব৷ প্রেমত বাধা৷
তুলাঃ পৰোপকাৰ কৰিব যাওঁতে বিপদত পৰাৰ আশংকা বেছি৷ শৰীৰ মধ্যম৷ বিবাহ প্রার্থীৰ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷
বৃশ্চিকঃ কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব৷ সন্তান সুখ৷ ভ্রমণত সাৱধান হোৱা উচিত৷ উৎকণ্ঠা বাঢ়িব৷ বিদ্যাত মধ্যম৷
ধনুঃ আপোনাৰ কর্মদক্ষতাৰ বাবে আনে প্রশংসা কৰিব৷ আর্থিকত আয়–ব্যয় সমান৷ বিদ্যাত শুভ৷ দাম্পত্যত মতানৈক্য৷
মকৰঃ কর্মক্ষেত্রত জটিলতাৰ সন্মুখীন হ’ব পাৰে৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ গৱেষকসকলৰ দায়িত্ব বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷
কুম্ভঃ নতুন কোনো পৰিকল্পনা হাতত ল’ব পাৰে৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷ সন্তানক লৈ চিন্তা৷
মীনঃ আয় বৃদ্ধিৰ বিকল্প চেষ্টা সাফল্য লাভ৷ ভ্রমণ নকৰাই ভাল৷ প্রেম–প্রণয়ত শুভ৷ সৰু সুৰা অসুখ হ’ব পাৰে৷