ক’ৰোনাৰ পৰা সুস্থ হোৱাৰ পাছত ৰাজ্যত মৃত্যু হৈছে এহেজাৰ লোকৰ
জটিল ৰূপ লৈছে ক’ভিড–১৯এ স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ উদ্বেগজনক তথ্য
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ অধিক ভয়াৱহ দিশে গতি কৰিছে ৰাজ্যৰ ক’ৰোনাকেন্দ্রিক পৰিস্থিতি৷ প্রতিদিনে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ৰাজ্যৰ এই ভয়াৱহ পৰিৱেশক লৈ শুকুৰবাৰে পুনৰ উদ্বিগ্ণতা প্রকাশ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে কয়– ক’ভিডৰ পার্শ্বক্রিয়াৰ পৰিস্থিতি অধিক জটিল হৈছে৷ ক’ভিডত আক্রান্ত হৈ নিগেটিভ হোৱাৰ পাছত বহু লোকৰ শৰীৰত আহিছে নানা ধৰণৰ জটিলতা৷ উশাহ লোৱাত কষ্ট বা আন শাৰীৰিক অসুবিধাসমূহ ক’ভিডৰ পাছতহে স্পষ্ট হৈছে৷ পৰিতাপৰ বিষয়টো হ’ল যে এনে লোকৰ যদি মৃত্যু হয়, তেওঁলোকক হয়তো ক’ভিড আক্রান্ত বুলি গণ্য কৰা নহ’ব৷ কিন্তু ক’ভিডৰ কাৰণে যে লোকজনৰ মৃত্যু হৈছে, সেয়া স্পষ্ট৷ ক’ভিডৰ পাছৰ পৰিৱেশৰ ফলতেই এতিয়া ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত বহু লোকৰ মৃত্যু ঘটিছে৷ ক’ভিড আক্রান্ত হৈ এতিয়ালৈ ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছে যদিও ক’ভিডৰ পাছৰ পৰিস্থিতিৰ বাবে এহাজাৰজন লোকৰ মৃত্যু হৈছে৷ইয়াৰ কোনো নির্দিষ্ট তথ্য নাই যদিও শেহতীয়াকৈ বিভিন্ন চিকিৎসালয়ৰ পৰা অহা খবৰে এনে সম্ভাৱনাক স্পষ্ট কৰি তুলিছে৷ কিন্তু ক’ব পাৰোঁ যে এহাজাৰজনৰ ওচৰা–উচৰি লোক ক’ৰোনা পৰিৱেশ আৰু ক’ৰোনাৰ স্বাস্থ্যজনিত পার্শ্বক্রিয়াৰ বাবে মৃত্যু হৈছে৷
জনতা ভৱনত এখন সংবাদ মেলত মন্ত্রীগৰাকীয়ে ৰাজ্যত প্রতিদিনে আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বিষয়টোক লৈও চিন্তা প্রকাশ কৰে৷ তেওঁ কয়– ৰাজ্যত এতিয়া প্রতিদিনে গড়ে তিনি হাজাৰকৈ লোক আক্রান্ত হ’বলৈ লৈছে৷ যদি পৰিস্থিতি এই পর্যায়ত থাকে, তেন্তে চলিত মাহত এই সংখ্যা লাখৰ ওচৰ চপাৰ সম্ভাৱনা আছে৷ এনে হ’লে ৰাজ্যৰ বাবে ই হ’ব এক ভয়াৱহ দুর্যোগ৷ শেহতীয়া পৰিস্থিতিৰ বাবে ৰাজ্যত পজিটিভিটীৰ হাৰ প্রায় ডেৰ শতাংশ বৃদ্ধি হোৱা বুলিও তেওঁ উল্লেখ কৰে৷ ইফালে ক’ৰোনাৰ চিকিৎসা বিনামূলীয়া নহয় বুলি এটা মহলে ভুৱা প্রচাৰ চলাই অহা বুলি আঙুলিয়াই তেওঁ কয়– অসমে ক’ৰোনাৰ চিকিৎসা বহু উচ্চ পর্যায়লৈ লৈ গৈছে৷ স্বাস্থ্য বিভাগে সকলো ধৰণৰ ক’ভিড চিকিৎসা এতিয়ালৈ বিনামূলীয়াকৈ কৰি আহিছে৷ এনে ব্যৱস্থাৰ মাজতে মাত্র তিনিটা ক্ষেত্রত বিভাগে কিছু শুধৰণি আনিছে৷ সেয়া হ’ল– যদি কোনো ৰোগীয়ে পেয়িং কেবিনত থাকি চিকিৎসা গ্রহণ কৰে, তেন্তে তেওঁ পেয়িং কেবিনৰ খৰচ বহন কৰিব লাগিব৷ ৰাজ্য চৰকাৰে ইয়াক বিনামূলীয়া কৰিলে মহাগাণনিকে আপত্তি তুলিব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– পেয়িং কেবিনত থকাসকলে ব্যয় বহন কৰিবলৈ সমর্থৱান৷ জি এম চি এইচত পেয়িং কেবিনত ১০গৰাকীকৈ বিধায়ক আছে৷ তেওঁলোকে ইয়াৰ বাবে ব্যয় বহন কৰিবলৈ সন্মতি প্রকাশ কৰিছে৷ গতিকে এইক্ষেত্রত আগলৈ অসুবিধা নহ’ব বুলিয়েই ধাৰণা কৰা হৈছে৷ ইয়াৰ লগতে নার্ছিং হোমত চিকিৎসাধীন হৈ থকা কোনো ৰোগীক যদি প্লাজমাৰ আৱশ্যক হয়, তেন্তে প্লাজমা কিটৰ বাবদ ব্যয় বহন কৰিব লাগিব৷ আনহাতে, সুস্থ হৈ ঘৰলৈ ঘূৰি যোৱা ক’ৰোনামুক্ত লোকে এতিয়াৰে পৰা নিজ ব্যয়েৰে ঘৰলৈ যাব লাগিব৷ অৱশ্যে এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ হ’লে বিভাগে তেওঁৰ পৰিবহণ ব্যয় বহন কৰিব৷ একেদৰে কোনো লোকক যদি ক’ৰোনা পৰীক্ষাৰ ফলাফল ২৪ ঘণ্টাৰ ভিতৰত লাগে, তেন্তে তাৰ বাবে তেওঁ মাচুল দিব লাগিব৷ মুখ্যতঃ এই চাৰিটাৰ বাহিৰে আন সকলো চিকিৎসা সম্পূর্ণ বিনামূলীয়া৷ শেহতীয়াকৈ একাংশ লোকে এই বিষয়কেইটাক লৈয়েই এনে এটা ধাৰণা দিব বিচাৰিছে যে ক’ভিড চিকিৎসা বিনামূলীয়া নহ’ব৷ চৰকাৰে এইক্ষেত্রত সকলো দিশ বিবেচনা কৰি ক’ৰোনাৰ চিকিৎসা বিনামূলীয়া কৰি গৈছে৷ এতিয়াও প্লাজমা প্রদান, আন আন আক্রমণাত্মক চিকিৎসাসমূহ বিভাগে সম্পূর্ণ বিনামূলীয়াকৈ ক’ৰোনা আক্রান্তক প্রদান কৰি আহিছে৷ চিকিৎসাৰ ক্ষেত্রত গ্রহণ কৰা এনে পদক্ষেপৰ বাবেই বিধানসভাত ইয়াকে লৈ কোনো প্রশ্ণৰ অৱতাৰণা নহ’ল৷
মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে ক’ভিড নীতি–নিয়ম পালনৰ ক্ষেত্রত চৰকাৰ অধিক কঠোৰ হ’ব৷ তেওঁ কয়– ক’ভিড প্রতিৰোধৰ ক্ষেত্রত এতিয়া আমাৰ হাতত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে আন ব্যৱস্থা নাই৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত বৃদ্ধি পোৱা ক’ৰোনা আক্রান্তৰ সংখ্যাক লৈ শেহতীয়াকৈ যথেষ্ট চিন্তা আৰু উদ্বেগ প্রকাশ কৰিছে৷ ন্যায়ালয়ে ইতিমধ্যে জিলা উপায়ুক্ত আৰু আৰক্ষীক মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব বজাই নৰখা লোকৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নির্দেশ দিছে৷ আনকি মাস্ক পৰিধান নকৰা লোকক ৫০০ টকা জৰিমনা ল’বলৈ নির্দেশ দিছে৷ ন্যায়ালয়ৰ এনে নির্দেশ অনুসৰিয়ে অহা দেওবাৰৰ পৰা চৰকাৰ তথা প্রশাসনে এইক্ষেত্রত কঠোৰ হোৱাৰ লগতে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্রত এক সামাজিক সজাগতা অনাৰ বাবে এলানি কার্যসূচী ল’ব৷ প্রচাৰ পত্রিকা বিতৰণৰ লগতে এক বৃহৎ প্রচাৰ কার্যসূচীও গ্রহণ কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে চৰকাৰে৷ এইক্ষেত্রত এন চি চি, স্কাউট এণ্ড গাইডৰ সদস্যসকলক অন্তর্ভুক্ত কৰাৰ চিন্তাচর্চা কৰা হৈছে৷