নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছৰ সংহাৰৰ সময়ত গোলাঘাটৰ ‘নিয়মীয়া বার্তা’ আৰু ‘নিউজ লাইভ’ৰ সাংবাদিক সমীৰণ দিগন্তই মানৱতাৰ পৰিচয় দাঙি ধৰে৷ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক সমীৰণ দিগন্ত ক’ৰোনাত আক্রান্ত হৈ দীর্ঘদিন চিকিৎসাধীন হৈ আছিল৷ সুস্থ হৈ কালি যোৰহাট মেডিকেল কলেজৰ প্লাজমা বেংকত উপস্থিত হৈ স্ব–ইচ্ছাই দুই ইউনিট প্লাজমা দান কৰি তেওঁ মহানুভৱতাৰ পৰিচয় দাঙি ধৰে৷ যোৰহাট মেডিকেল কলেজৰ প্লাজমা বেংকৰ ডাঃ বিদিত কুমাৰ গগৈয়ে সাংবাদিকগৰাকীৰ প্লাজমা গ্রহণ কৰি সমীৰণ দিগন্তক এনে মহান কার্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে ক’ভিড–১৯ ভাইৰাছে গোলাঘাট জিলাত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত প্রতিটো মুহূর্তৰ বাতৰি ‘নিউজ লাইভ’ৰ লগতে ‘নিয়মীয়া বার্তা’ৰ জৰিয়তে জনসাধাৰণক পোনপটীয়াকৈ প্রচাৰ আৰু সজাগ কৰি থকাৰ সময়তে নিজেই ক’ভিড–১৯ ভাইৰাছত আক্রান্ত হৈছিল সাংবাদিকগৰাকী৷ যোৱা তিনি জুলাইত হঠাৎ সাংবাদিকগৰাকীৰ শাৰীৰিক অৱস্থা দুর্বল হৈ পৰাত লগে লগে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ চিকিৎসালয় কর্তৃপক্ষই সাংবাদিকগৰাকীক চিকিৎসা প্রদান কৰি থকাৰ সময়তে ৮ জুলাইত ক’ভিড–১৯ ৰোগত আক্রান্ত বুলি নিশ্চিত হয় যদিও ৭ জুলাইতে গোলাঘাট অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্রেৰণ কৰে৷ যোৰহাট মেডিকেল কলেজৰ আই চি ইউত চিকিৎসাধীন হৈ থকাৰ পিছত যোৱা ২০ জুলাইত সাংবাদিকগৰাকীৰ ক’ভিড–১৯ ভাইৰাছৰ পৰীক্ষাত নিগেটিভ ফলাফল লাভ কৰে৷ প্রতিমুহূর্ততে নিজৰ কর্তব্যত সষ্টম হৈ থকা সাংবাদিকগৰাকীৰ আৰোগ্য কামনা কৰি সেই সময়ত জিলাখনৰ ভিন্ন স্থানৰ নামঘৰ–মছজিদ–গি নেদেখাজনৰ ওচৰত প্রার্থনা কৰিছিল বহু লোকে৷ সাংবাদিকগৰাকীয়ে কয়– ‘ৰাইজৰ শুভাশিসৰ বাবে ক’ৰোনা জয় কৰাত সহজ হ’ল৷ মোৰ আৰোগ্য কামনা কৰি বহু লোকে নেদেখাজনৰ ওচৰত প্রার্থনা কৰিলে আৰু বহু লোকে মোক সাহস দিলে৷’ ক’ৰোনাক লৈ কোনেও ধেমালি নকৰিব বুলি ৰাইজলৈ আহ্বান জনাই সাংবাদিকগৰাকীয়ে ক’ভিড আক্রান্ত হোৱাৰ পিছত সুস্থ হোৱা প্রত্যেকজন লোকক প্লাজমা প্রদান কৰি আন ১০জনক এই ৰোগৰ পৰা আৰোগ্য হোৱাত সহায় কৰিবলৈ আহ্বান জনায়৷