নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ কামৰূপ মহানগৰ জিলা এলেকাত পাহাৰ খনন তথা ৰঙামাটি খনন কৰাৰ ক্ষেত্রত ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ সময়তে চন্দ্রপুৰ ৰাজহ চক্রৰ অন্তর্গত পশ্চিম মায়ঙত ব্যাপক হাৰত অবৈধভাৱে ৰঙামাটি খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে এটা অসাধু চক্রই৷ জানিব পৰা মতে, স্থানীয় প্রশাসনৰ চকুত ধূল দি জেচিবিৰ সহায়ত খনন চলাই বৃহৎ ডাম্পাৰ আৰু ট্রেক্টৰৰ সহায়ত বিভিন্ন স্থানলৈ দিনে–নিশাই ৰঙামাটি কঢ়িয়াই ৰমৰমীয়া ব্যৱসায় চলাই গৈছে চক্রটোৱে৷ প্রাপ্ত তথ্য অনুসৰি, পশ্চিম মায়ঙৰ হাতীবাগৰা, কাজলী আৰু ঘোঁৰামাৰা– এই তিনি স্থানত মুক্তভাৱে খনন চলাই আছে অসাধু চক্রটোৱে৷ উল্লেখ্য যে ভূমিস্খলন হোৱাৰ আশংকাৰ প্রতি লক্ষ্য কৰি গুৱাহাটী মহানগৰীৰ লগতে পার্শ্বৱর্তী চন্দ্রপুৰ, পানীখাইতী আৰু পশ্চিম মায়ং অঞ্চলত পাহাৰ খনন তথা ৰঙামাটি খননৰ ক্ষেত্রত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্রশাসনে৷ কিন্তু অসাধু চক্রটোৱে প্রশাসনৰ নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি স্থানীয় বন বিষয়া–কর্মচাৰীক মেনেজ কৰি বিগত ৩–৪ দিনৰ পৰা অবাধ গতিত ৰঙামাটি খনন কৰি আছে৷ প্রত্যক্ষ কৰা মতে কাজলী, ঘোঁৰামাৰা আৰু হাতীবাগৰাত একেলগে তিনি স্থানত চলিছে পাহাৰৰ ৰঙামাটি খনন৷ স্থানীয় ৰাইজে জানিব দিয়া মতে, কাজলী আৰু হাতীবাগৰাত নিশা ৯মান বজাৰ পৰা জেচিবিৰে খনন কার্য আৰম্ভ কৰে আৰু ওৰেনিশা বৃহৎ বৃহৎ ডাম্পাৰৰ দ্বাৰা বিভিন্ন স্থানলৈ কঢ়িয়াই নিয়ে৷ স্থানীয় আৰক্ষীৰ অগোচৰে এই খনন কার্য চলি আছে৷ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাই প্রকাশ কৰা মতে, তেওঁ ইতিমধ্যে কথাটো জানিব পাৰি মায়ং খণ্ড বন বিষয়াক অৱগত কৰিছে৷ তাৰ পিছতো নির্বিঘ্ণে খনন কার্য চলাই থকাত বন বিষয়াৰ অসাধু চক্রটোৰে গোপন বুজাবুজি থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে৷
Prev Post
Next Post
You might also like